< 2 Nyakati 24 >
1 Yoashi alikuwa na umri wa miaka saba alipoanza kutawala, naye akatawala huko Yerusalemu kwa miaka arobaini. Mama yake aliitwa Sibia aliyekuwa ametoka Beer-Sheba.
১যোৱাচে সাত বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিলে; তেওঁৰ মাক বেৰ-চেবা-নিবাসিনী চিবিয়া আছিল।
2 Yoashi akafanya yaliyo mema machoni pa Bwana miaka yote ya Yehoyada kuhani.
২যিহোয়াদা পুৰোহিতৰ জীৱনৰ সকলো কালত, যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোৱাচে তাকে কৰিলে।
3 Yehoyada akamwoza wake wawili, akazaa watoto wa kiume na wa kike.
৩যিহোয়াদাই দুজনী ছোৱালী বাছি লৈ যোৱাচৰ লগত বিয়া দিলে; তাতে তেওঁৰ ঔৰসত কেইবাজন পুত্ৰ আৰু কেইবাজনীও জীয়েক জন্ম হ’ল।
4 Baada ya muda, Yoashi akaamua kukarabati Hekalu la Bwana.
৪ইয়াৰ পিছত যিহোৱাৰ গৃহ আগৰ দৰে পুনঃপ্ৰতিষ্ঠা কৰিবলৈ যোৱাচে স্থিৰ কৰিলে।
5 Akawaita pamoja makuhani na Walawi akawaambia, “Nendeni katika miji ya Yuda mkakusanye fedha wanazopaswa kulipa kila mwaka kutoka kwa Israeli wote, ili kukarabati Hekalu la Mungu wenu. Fanyeni hivyo sasa.” Lakini Walawi hawakufanya upesi.
৫তেওঁ পুৰোহিত আৰু লেবীয়াসকলক গোটাই তেওঁলোকক ক’লে, “তোমালোকে যিহূদাৰ নগৰবোৰলৈ ওলাই যোৱা আৰু বছৰে বছৰে তোমালোকৰ ঈশ্বৰৰ গৃহৰ মেৰামত কাৰ্য কৰিবলৈ গোটেই ইস্ৰায়েলৰ পৰা ৰূপ গোটোৱা, এই কাৰ্য বেগাই কৰা।” কিন্তু লেবীয়াসকলে তাক বেগাই নকৰিলে।
6 Kwa hiyo mfalme akamwita Yehoyada kuhani mkuu na kumwambia, “Kwa nini hukuwaambia Walawi walete kutoka Yuda na Yerusalemu kodi iliyowekwa na Mose mtumishi wa Bwana pamoja na kusanyiko la Israeli kwa ajili ya Hema ya Ushuhuda?”
৬পাছে ৰজাই প্ৰধান পুৰোহিত যিহোয়াদাক মতাই আনি ক’লে, “সাক্ষ্য ফলিৰ তম্বুৰ বাবে ঈশ্বৰৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সমাজে নিৰূপণ কৰা কৰ যিহূদা আৰু যিৰূচালেমৰ পৰা আনিবলৈ তুমি লেবীয়াসকলক কিয় কোৱা নাই?”
7 Kwa kuwa wana wa yule mwanamke mwovu Athalia, walikuwa wamevunja na kuingia katika Hekalu la Mungu, nao wakawa wamevitumia hata vile vitu vilivyowekwa wakfu kwa Bwana kwa mabaali.
৭কিয়নো সেই দুষ্ট তিৰোতা অথলিয়াৰ পুতেকহঁতে ঈশ্বৰৰ গৃহ ভাঙিছিল আৰু যিহোৱাৰ গৃহত থকা আটাই পবিত্ৰ বস্তু লৈ বাল দেৱতাৰ কাৰণে খৰচ কৰিছিল।
8 Kwa amri ya mfalme, likatengenezwa kasha, nalo likawekwa nje kwenye lango la Hekalu la Bwana.
৮গতিকে ৰজাই আজ্ঞা কৰাত, তেওঁলোকে এটা চন্দুক সাজি তাক যিহোৱাৰ গৃহৰ দুৱাৰমুখৰ বাহিৰ ফালে ৰাখিলে।
9 Tangazo likatolewa katika Yuda na Yerusalemu kwamba inapasa wamletee Bwana kodi ile ambayo Mose, mtumishi wa Bwana alikuwa amewaagiza Israeli huko jangwani.
৯আৰু ঈশ্বৰৰ দাস মোচিয়ে মৰুপ্ৰান্তত ইস্ৰায়েলৰ ওপৰত যি বাধ্যতামুলক কৰ স্থিৰ কৰিছিল, তাক যিহোৱাৰ উদ্দেশ্যে আনিবলৈ, যিহূদা আৰু যিৰূচালেমৰ সকলো ফালে ঘোষণা কৰা হ’ল।
10 Maafisa wote na watu wote wakaleta michango yao kwa furaha, wakaweka kwenye kasha mpaka likajaa.
১০তাতে আটাই অধ্যক্ষসকলে আৰু সকলো প্ৰজাই আনন্দেৰে তাক আনি, কাৰ্য শেষ নোহোৱালৈকে চন্দুকত দি থাকিল।
11 Ikawa kila wakati kasha lilipoletwa ndani na Walawi kwa maafisa wa mfalme na kuona kwamba kuna kiasi kikubwa cha fedha, mwandishi wa mfalme na afisa wa kuhani mkuu walikuwa wanakuja na kumimina, kisha kulirudisha mahali pake. Walifanya hivi mara kwa mara, nao wakakusanya fedha nyingi sana.
১১আৰু লেবীয়াসকলৰ হতুৱাই চন্দুকটো ৰজাৰ নিযুক্ত লোকসকলৰ ওচৰলৈ নিয়া সময়ত যেতিয়াই তাৰ ভিতৰত অনেক ৰূপ দেখে, ৰাজলিখকে আৰু প্ৰধান পুৰোহিতৰ নিযুক্ত এজন লোকে আহি চন্দুকটো অজৰাই তাক খালি কৰি, পুনৰাই দাঙি নি তাৰ নিজ ঠাইত ৰাখেগৈ; দিনে দিনে এইদৰে কৰি তেওঁলোকে অনেক ৰূপ গোটালে।
12 Mfalme na Yehoyada wakawapa wale watu waliofanya kazi iliyotakiwa katika Hekalu la Bwana. Wakawaajiri waashi na maseremala ili kutengeneza Hekalu la Bwana, pia wafanyakazi za chuma na shaba ili kukarabati Hekalu la Bwana.
১২পাছত ৰজা আৰু যিহোয়াদাই যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা লোকসকলক সেই ৰূপ দিলে৷ তেওঁলোক যিহোৱাৰ গৃহ আগৰ দৰে কৰি ৰাখিবৰ বাবে ভাড়া কৰি অনা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আৰু যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে লোহাৰ আৰু পিতলৰ কাম কৰোঁতাসকল আছিল।
13 Watu walioshughulika na kazi walikuwa wenye bidii, nayo kazi ya kukarabati ikaendelea vizuri mikononi mwao. Wakalitengeneza upya Hekalu la Bwana likarudi katika hali yake ya awali na kuliimarisha.
১৩তাতে কাম কৰোঁতা সকলে কাম কৰাত, তেওঁলোকৰ দ্বাৰাই সম্পূৰ্ণকৈ কাৰ্য সমাধা কৰা হ’ল; এইদৰে তেওঁলোকে ঈশ্বৰৰ গৃহ আচল নক্সাত মজবুত কৰি প্ৰতিষ্ঠা কৰিলে।
14 Walipokamilisha kazi hiyo ya kukarabati, wakaleta fedha zilizobaki wakampa mfalme na Yehoyada, nao kwa hizo wakatengeneza vyombo kwa ajili ya Hekalu la Bwana: Vyombo kwa ajili ya huduma na kwa ajili ya sadaka ya kuteketezwa, pia mabakuli na vitu vingine vya dhahabu na fedha. Wakati wote Yehoyada alipokuwa hai, sadaka za kuteketezwa zilitolewa wakati wote katika Hekalu la Bwana.
১৪কাম কৰি এটোৱাৰ পাছত, তেওঁলোকে বাকী থকা ৰূপখিনি ৰজা আৰু যিহোয়াদাৰ আগলৈ আনিলে৷ তাৰ দ্বাৰাই যিহোৱাৰ গৃহৰ বাবে নানা পাত্ৰ, অৰ্থাৎ পৰিচৰ্যা কৰা পাত্ৰ আৰু হোম কৰা পাত্ৰ আৰু পিয়লা আদি সোণৰ আৰু ৰূপৰ পাত্ৰ সজা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। আৰু যিহোয়াদাৰ দিনৰ সকলো সময়তে যিহোৱাৰ গৃহত সদায় হোম-বলি দিয়া হৈছিল।
15 Basi Yehoyada alikuwa mzee aliyeshiba siku wakati alipofariki. Alikufa akiwa na umri wa miaka 130.
১৫পাছে যিহোয়াদাই বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই মৰিল; মৃত্যুৰ সময়ত তেওঁৰ এশত্ৰিশ বছৰ বয়স আছিল।
16 Wakamzika pamoja na wafalme katika Mji wa Daudi, kwa sababu ya mema aliyokuwa ametenda katika Israeli kwa ajili ya Mungu na Hekalu lake.
১৬তেওঁলোকে তেওঁক দায়ূদৰ নগৰত ৰজাসকলৰ লগত মৈদাম দিলে; কিয়নো তেওঁ ইস্ৰায়েলৰ মাজত আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মঙ্গলজনক কাৰ্য কৰিছিল৷
17 Baada ya kifo cha Yehoyada, wakuu wa Yuda walikuja kumpa mfalme heshima, naye akawasikiliza.
১৭যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে৷ তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে।
18 Wakaacha Hekalu la Bwana, Mungu wa baba zao, wakaabudu nguzo za maashera na sanamu. Kwa sababu ya hatia yao, hasira ya Mungu ikawajia Yuda na Yerusalemu.
১৮তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰি, আচেৰা মুৰ্ত্তিবোৰক আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ সেই দোষৰ কাৰণে যিহূদালৈ আৰু যিৰূচালেমলৈ ঈশ্বৰৰ ক্ৰোধ আহিল।
19 Ingawa Bwana aliwatuma manabii wawarudishe watu kwake na ingawa waliwaonya, hawakuwasikiliza.
১৯তথাপি যিহোৱালৈ তেওঁলোকক ওভটাই আনিবৰ বাবে তেওঁ ভাববাদীসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকে তেওঁলোকৰ অহিতে সাক্ষ্য দিলে, কিন্তু তেওঁলোকে তাক শুনিবলৈ অমান্তি হ’ল।
20 Ndipo Roho wa Bwana akaja juu ya Zekaria mwana wa Yehoyada kuhani. Akasimama mbele ya watu akasema, “Hili ndilo asemalo Mungu, ‘Kwa nini mnakataa kuzitii amri za Bwana? Hamtafanikiwa kwa kuwa mmemwacha Bwana, yeye naye amewaacha ninyi.’”
২০পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷”
21 Lakini wakafanya shauri baya juu yake na kwa amri ya mfalme wakampiga kwa mawe mpaka akafa katika ukumbi wa Hekalu la Bwana.
২১কিন্তু লোকসকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে; ৰজাৰ আজ্ঞাৰে যিহোৱাৰ গৃহৰ চোতালতে তেওঁক শিল দলিয়াই বধ কৰিলে।
22 Mfalme Yoashi hakukumbuka wema aliotendewa na Yehoyada baba yake Zekaria ila alimuua mwanawe, ambaye alisema wakati akiwa amelala akingojea kufa, “Bwana na alione hili na alipize kisasi.”
২২তেওঁৰ পিতৃ যিহোয়াদাই যে ৰজালৈ দয়া কৰিছিল, তাক যোৱাচ ৰজাই সোঁৱৰণ নকৰি যিহোৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে৷ জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, “যিহোৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওঁক।”
23 Mwishoni mwa ule mwaka, jeshi la Waaramu likaja dhidi ya Yoashi, likavamia Yuda na Yerusalemu na kuwaua viongozi wote wa watu. Wakapeleka nyara zao zote kwa mfalme wao huko Dameski.
২৩প্ৰায় এবছৰৰ মুৰত অৰামৰ সৈন্য-সামন্ত যোৱাচৰ বিৰুদ্ধে উঠিল৷ তেওঁলোকে যিহূদা আৰু যিৰূচালেমলৈ আহি লোকসকলৰ মাজৰ সকলো অধ্যক্ষক বিনষ্ট কৰিলে আৰু তেওঁলোকৰ আটাই লুটদ্ৰব্য দম্মেচকৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
24 Ingawa jeshi la Waaramu lilikuwa limekuja na watu wachache tu, Bwana akatia mikononi mwao jeshi kubwa kuliko lao. Kwa sababu Yuda walikuwa wamemwacha Bwana, Mungu wa baba zao, hukumu ilitekelezwa juu ya Yoashi.
২৪কিয়নো যদিও অৰামীয়াসকলৰ অলপ লোক থকা সৈন্য সামন্ত আহিল, তথাপি যিহোৱাই তেওঁলোকৰ হাতত, অতিশয় অধিক লোক থকা সৈন্যসামন্তক শোধাই দিলে, কাৰণ যিহূদাৰ লোকসকলে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে। এইদৰে অৰামীয়াসকলে যোৱাচৰ ওপৰত বিচাৰ আনিলে।
25 Waaramu walipoondoka, walimwacha Yoashi akiwa mgonjwa sana. Maafisa wake wakafanya hila dhidi yake kwa sababu alikuwa amemuua mwana wa Kuhani Yehoyada, nao wakamuulia kitandani mwake. Hivyo akafa na wakamzika katika Mji wa Daudi, lakini si katika makaburi ya wafalme.
২৫অৰামীয়াসকল গুচি যোৱাৰ পাছত যোৱাচ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেতিয়া তেওঁৰ দাসবোৰে যিহোয়াদাক পুৰোহিতৰ পুত্ৰসকলৰ ৰক্তপাতৰ কাৰণে চক্ৰান্ত কৰি, তেওঁৰ শয্যাতে তেওঁক বধ কৰিলে, তাতে তেওঁ মৰিল; পাছত তেওঁক দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল, কিন্তু ৰজাসকলৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহ’ল।
26 Wale waliofanya hila mbaya dhidi yake walikuwa Zabadi, mwana wa Shimeathi mwanamke Mwamoni, Yehozabadi, mwana wa Shimrithi mwanamke Mmoabu.
২৬অম্মোনীয়ানী চিমিয়তৰ পুতেক যাবদ আৰু মোৱাবীয়ানী চিম্ৰীতৰ পুতেক যিহোজাবদ, এই দুজনেই তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল।
27 Kwa habari za wanawe, unabii mwingi kumhusu na kumbukumbu za kutengenezwa upya kwa Hekalu la Mungu, zimeandikwa katika kitabu cha kumbukumbu za wafalme. Amazia mwanawe akawa mfalme baada yake.
২৭তেওঁৰ পুত্ৰসকলৰ কথা, তেওঁৰ বিৰুদ্ধে কোৱা গুৰুতৰ ভাৰবাক্য আৰু ঈশ্বৰৰ গৃহ পুনৰায় স্থাপন কৰা কথা ৰজাসকলৰ ইতিহাস-পুস্তকৰ টীকাশাস্ত্ৰখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।