< 2 Nyakati 14 >
1 Naye Abiya akalala na baba zake, akazikwa katika Mji wa Daudi. Asa mwanawe akawa mfalme baada yake. Katika siku zake, nchi ikawa na amani kwa miaka kumi.
১পাছত অবিয়া তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ূদৰ নগৰত তেওঁক মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল। এওঁৰ ৰাজত্বৰ কালত দহ বছৰলৈকে দেশ সুস্থিৰে আছিল৷
2 Asa akatenda yaliyo mema na haki machoni pa Bwana Mungu wake.
২আচাই ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে কৰিছিল।
3 Akaziondoa madhabahu za kigeni na mahali pa juu pa kuabudia miungu, akayavunja yale mawe ya kuabudiwa na kuzikatakata nguzo za Maashera.
৩কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আচেৰা মুৰ্ত্তিবোৰ খণ্ড-বিখণ্ড কৰি কাটিছিল৷
4 Akawaamuru Yuda kumtafuta Bwana, Mungu wa baba zao na kutii sheria zake na amri zake.
৪তেওঁ যিহূদাক তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক পাবৰ বাবে ব্যৱস্থা আৰু আজ্ঞাবোৰ পালন কৰিবলৈ আদেশ দিছিল।
5 Akaondoa mahali pa juu pa kuabudia miungu na madhabahu za kufukizia uvumba kwenye kila mji katika Yuda, nao ufalme ulikuwa na amani katika utawala wake.
৫আনকি তেওঁ যিহূদাৰ সকলো নগৰৰ পৰা ওখ ঠাই আৰু সূৰ্যৰ প্ৰতিমাবোৰো আতৰাই পেলাইছিল৷ আৰু তেওঁৰ ৰাজ্য সুস্থিৰে আছিল।
6 Akajenga miji yenye ngome katika Yuda, wakati nchi ikiwa na amani. Hakuna mtu yeyote aliyepigana vita naye katika miaka hiyo, kwa kuwa Bwana alimstarehesha.
৬পাছত তেওঁ যিহূদাত গড়েৰে আবৃত কৰি কেইবাখনো নগৰ সুসজ্জিত কৰি সাজিছিল৷ কিয়নো যিহোৱাই তেওঁৰ ওপৰত শান্তি প্ৰদান কৰা বাবে দেশ সুস্থিৰে আছিল আৰু সেই সময়ত কেইবা বছৰলৈকে কাৰো লগত তেওঁৰ যুদ্ধ হোৱা নাছিল।
7 Mfalme akawaambia Yuda, “Tuijenge hii miji na tuizungushie kuta, pamoja na minara, malango na makomeo. Nchi bado ni yetu, kwa sababu tumemtafuta Bwana Mungu wetu, tulimtafuta naye ametupa raha kila upande.” Hivyo wakajenga na wakafanikiwa.
৭কাৰণ আচাই যিহূদাক কৈছিল, “আহা, আমি এই নগৰ কেইখন সুসজ্জিত কৰোঁহক আৰু এইবোৰৰ চাৰিওফালে গড় আৰু কোঁঠ সাজোঁ, দুৱাৰ আৰু ডাং দিওঁ; দেশখন এতিয়ালৈকে আমাৰেই হৈ আছে, কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাক বিচাৰিলোঁ৷ আমি তেওঁক বিচৰিলোঁ আৰু তেওঁ সকলো ফালৰ পৰা আমাৰ ওপৰত শান্তি প্ৰদান কৰিলে।” এইদৰে তেওঁলোকে সেইবোৰ নগৰ সাজিলে আৰু কৃতকাৰ্য্যও হ’ল।
8 Asa alikuwa na jeshi la watu 300,000 kutoka Yuda, wenye ngao kubwa na mikuki na jeshi la watu 280,000 kutoka Benyamini, wenye ngao ndogo na pinde. Watu hawa wote walikuwa wapiganaji mashujaa.
৮আচা’ৰ ঢাল আৰু যাঠী ধৰা সৈন্য সমূহ হ’ল, যিহূদাৰ তিনি লাখ আৰু বিন্যামীনৰ ঢাল আৰু ধনু ধৰা দুই লাখ আশী হাজাৰ সৈন্য আছিল৷ এওঁলোক সকলো পৰাক্ৰমী বীৰপুৰুষ আছিল।
9 Zera Mkushi akatoka kupigana dhidi yao akiwa na jeshi la watu maelfu ya maelfu na magari ya vita 300, nao wakaja mpaka Maresha.
৯পাছত কুচদেশীয় জেৰহে দহ লাখ সৈন্য আৰু তিনিশ ৰথ লগত লৈ, তেওঁলোকৰ বিৰুদ্ধে যাত্ৰা কৰি মাৰেচা পালেহি।
10 Asa akatoka kumkabili, nao wakapanga vita katika Bonde la Sefatha karibu na Maresha.
১০তেতিয়া আচা’ই তেওঁৰ বিৰুদ্ধে যাত্ৰা কৰি তেওঁলোকে মাৰেচাৰ ওপৰৰ চফাতা উপত্যকাত বেহু পাতিলে।
11 Kisha Asa akamlilia Bwana Mungu wake na kusema, “Ee Bwana, hakuna yeyote aliye kama wewe wa kuwasaidia wasio na nguvu dhidi ya wenye nguvu. Utusaidie, Ee Bwana, wewe ndiwe Mungu wetu, kwa kuwa tunakutumainia wewe, nasi kwa jina lako tumekuja dhidi ya jeshi hili kubwa. Ee Bwana, wewe ndiwe Mungu wetu, usiwaache wanadamu wakushinde wewe.”
১১তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
12 Bwana akawapiga Wakushi mbele ya Asa na Yuda. Wakushi wakakimbia,
১২তেতিয়া যিহোৱাই আচাৰ আৰু যিহূদাৰ আগত কুচীয়াসকলক ঘটোৱাত, কুচিয়াসকল পলাল।
13 naye Asa na jeshi lake wakawafuatia mpaka Gerari. Idadi kubwa ya Wakushi ilianguka hata wasiweze kuinuka tena, wakapondapondwa mbele za Bwana na majeshi yake.
১৩তাতে আচা আৰু তেওঁৰ লগৰ সৈন্যসকলে গৰাৰলৈকে সিহঁতৰ পাছে পাছে খেদি গ’ল৷ গতিকে কুচীয়াসকলৰ অনেক লোক ইমানকৈ মৰা পৰিল যে, সিহঁতে পুনৰায় সবল হ’ব নোৱাৰিলে, কাৰণ যিহোৱা আৰু তেওঁৰ সৈন্যসামন্তৰ আগত সিহঁত বিনষ্ট হ’ল; আৰু লোকসকলে অধিক অধিক লুটদ্ৰব্য নিলে।
14 Watu wa Yuda wakachukua nyara nyingi sana, wakaangamiza vijiji vyote vinavyoizunguka Gerari, kwa kuwa hofu ya Bwana ilikuwa imewaangukia. Wakateka nyara vijiji hivi vyote, kwani kulikuwepo nyara nyingi huko.
১৪তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।
15 Pia wakashambulia kambi za wachunga makundi ya wanyama wakachukua na kuyaswaga makundi ya kondoo, mbuzi na ngamia. Kisha wakarudi Yerusalemu.
১৫আৰু তেওঁলোকে তম্বু-নিবাসীসকলক প্ৰহাৰ কৰি বহুত মেৰ, ছাগলী আৰু উট লৈ, যিৰূচালেমলৈ উলটি আহিল।