< 1 Samweli 26 >

1 Hao Wazifu wakamwendea Sauli huko Gibea na kusema, “Je, Daudi hakujificha katika kilima cha Hakila, kinachotazamana na Yeshimoni?”
পাছত জীফীয়াসকলে গিবিয়াত থকা চৌলৰ ওচৰলৈ গ’ল আৰু ক’লে, “দায়ুদ জানো মৰুপ্ৰান্তৰ সন্মুখত থকা হখীলা পাহাৰত লুকাই থকা নাই?”
2 Hivyo Sauli akashuka kwenda katika Jangwa la Zifu, akiwa na watu wake 3,000 wa Israeli waliochaguliwa, kumsaka Daudi huko.
তেতিয়া চৌল উঠিল আৰু জীফৰ মৰুপ্ৰান্তলৈ নামি গ’ল। তাতে তেওঁ ইস্ৰায়েলৰ তিনি হাজাৰ মনোনীত লোকক লগত ল’লে আৰু জীফৰ মৰুপ্ৰান্তলৈ দায়ূদক বিচাৰি গ’ল।
3 Sauli akapiga kambi yake kando ya barabara juu ya kilima cha Hakila kinachotazamana na Yeshimoni, lakini Daudi alikuwa anaishi huko jangwani. Alipoona kuwa Sauli amemfuata huko,
চৌলে হখীলা পাহাৰত ছাউনি পাতিলে, সেয়া মৰুপ্ৰান্তৰ পথৰ দাতিত আছিল। কিন্তু দায়ুদ মৰুপ্ৰান্তত আছিল, তেওঁ দেখিলে যে চৌলে তেওঁক বিচাৰি মৰুপ্ৰান্তলৈ আহিছে।
4 Daudi akatuma wapelelezi na akapata habari kwa hakika kwamba Sauli alikuwa amewasili.
তেতিয়া তালৈ দায়ুদে চোৰাং-চোৱা পঠিয়ালে আৰু চৌল যে নিশ্চয়ে আহিছে, সেই বিষয়ে জানিব বিচাৰিলে।
5 Ndipo Daudi akaondoka, akaenda hadi mahali Sauli alikuwa amepiga kambi. Akaona mahali Sauli na Abneri mwana wa Neri, jemadari wa jeshi, walipokuwa wamelala. Sauli alikuwa amelala ndani ya kambi, jeshi likiwa limemzunguka.
পাছত দায়ুদ উঠিল আৰু চৌলে ছাউনি পতা ঠাইলৈ গ’ল। তেওঁ চৌল আৰু তেওঁৰ সেনাপতি নেৰৰ পুত্ৰ অবনেৰৰ শোৱা ঠাই চালে; তেতিয়া চৌল ছাউনিৰ ভিতৰত শুই আছিল আৰু লোকসকল ছাউনিৰ চাৰিওফালে শুই আছিল।
6 Basi Daudi akamuuliza Ahimeleki Mhiti, na Abishai mwana wa Seruya, nduguye Yoabu, akisema, “Ni nani atakayeshuka pamoja nami kambini kwa Sauli?” Abishai akajibu, “Nitakwenda pamoja nawe.”
তাতে দায়ূদে হিত্তীয়া অহীমেলক আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়ক ক’লে, “চৌলৰ ছাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব?” অবীচয়ে ক’লে, “আপোনাৰ লগত মই যাম।”
7 Hivyo Daudi na Abishai wakaenda kwenye jeshi wakati wa usiku, tazama Sauli, alikuwa amelala ndani ya kambi na mkuki wake umekitwa ardhini karibu na kichwa chake. Abneri na askari walikuwa wamelala kumzunguka Sauli.
সেয়ে দায়ুদ আৰু অবীচয়ে সেই ৰাতি সেনাসকলৰ ওচৰলৈ গৈ দেখিলে যে, চৌল ছাউনিৰ ভিতৰত শুই আছে আৰু তেওঁৰ মূৰ-শিতানৰ ওচৰত তেওঁৰ যাঠী মাটিত খোঁচ মাৰি থোৱা আছে। অবনেৰ আৰু তেওঁৰ সেনাসকলে তেওঁৰ চাৰিওফালে শুই আছিল।
8 Abishai akamwambia Daudi, “Leo Mungu amemtia adui yako mikononi mwako. Sasa niruhusu nimchome mpaka ardhini kwa pigo moja la mkuki wangu; sitamchoma mara mbili.”
তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ধিতীয়বাৰ আঘাত নকৰোঁ।”
9 Lakini Daudi akamwambia Abishai, “Usimwangamize! Ni nani awezaye kutia mkono juu ya mpakwa mafuta wa Bwana na asiwe na hatia?”
দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?”
10 Daudi akasema, “Hakika kama vile Bwana aishivyo, Bwana mwenyewe atampiga; au wakati wake utafika, naye atakufa, au atakwenda vitani na kuangamia.
১০দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব।
11 Lakini Mungu na apishie mbali nisije nikainua mkono juu ya mpakwa mafuta wa Bwana. Sasa chukua huo mkuki na hilo gudulia la maji vilivyo karibu na kichwa chake, tuondoke.”
১১মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”
12 Hivyo Daudi akachukua huo mkuki na hilo gudulia la maji vilivyokuwa karibu na kichwa cha Sauli, nao wakaondoka. Hakuna yeyote aliyeona au kufahamu habari hii, wala hakuna hata mmoja aliyeamka usingizini. Wote walikuwa wamelala, kwa sababu Bwana alikuwa amewatia kwenye usingizi mzito.
১২এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।
13 Kisha Daudi akavuka upande mwingine na kusimama juu ya kilima mahali palipokuwa na nafasi pana kati yao.
১৩পাছত দায়ুদ আনফালে গ’ল আৰু পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল।
14 Daudi akalipigia kelele jeshi na Abneri mwana wa Neri, akisema, “Je, Abneri, hutanijibu?” Abneri akajibu, “Nani wewe umwitaye mfalme?”
১৪তেতিয়া দায়ূদে লোকসকলক আৰু নেৰৰ পুত্ৰ অবনেৰক মাতি ৰিঙিয়াই ক’লে, হে অবনেৰ, তুমি জানো উত্তৰ নিদিয়া? তাতে অবনেৰে উত্তৰ দি ক’লে, “ৰজালৈ চিঞৰি কোৱা তুমি কোন?”
15 Daudi akasema, “Wewe si ni mtu shujaa? Ni nani aliye kama wewe katika Israeli? Kwa nini basi hukumlinda mfalme bwana wako? Mtu mmoja alikuja kumwangamiza mfalme, bwana wako.
১৫পাছত দায়ুদে অবনেৰক কলে, “তুমি জানো বীৰ নোহোৱা? ইস্ৰায়েলৰ মাজত তোমাৰ নিচিনা কোন আছে? তেনেহলে তুমি নিজ প্ৰভু ৰজাক কিয় ক্ষমা নকৰিবা? কিয়নো চোৱা, তোমাৰ প্ৰভু ৰজাক ধ্বংস কৰিবলৈ লোকসকলৰ মাজত কোনোবা এজন সোমাইছিল।
16 Ulichokifanya si kizuri. Kwa hakika kama aishivyo Bwana, wewe na watu wako mnastahili kufa, kwa sababu hamkumlinda bwana wenu, mpakwa mafuta wa Bwana. Tazameni hapo mlipo. Uko wapi mkuki wa mfalme na gudulia la maji ambavyo vilikuwa karibu na kichwa chake?”
১৬তুমি ভাল কৰ্ম কৰা নাই। যিহোৱাৰ জীৱনৰ শপত, তোমালোক প্ৰাণণ্ডৰ যোগ্য; কিয়নো তোমালোকে যিহোৱাৰ অভিষিক্ত তোমালোকৰ প্ৰভুক ৰক্ষা কৰা নাই। আৰু তুমি এতিয়া চোৱা, ৰজাৰ মূৰ-শিতানৰ ওচৰত থকা বৰছা আৰু জলপাত্ৰ ক’ত আছে?
17 Sauli akatambua sauti ya Daudi, na kusema, “Je, hiyo ni sauti yako, Daudi mwanangu?” Daudi akajibu, “Naam, hiyo ndiyo, bwana wangu mfalme.”
১৭তেতিয়া চৌলে দায়ুদৰ মাত বুজি পাই ক’লে, “হে মোৰ বোপা দায়ুদ, এয়ে তোমাৰ মাত নে?” তাতে দায়ুদে ক’লে, “হয় প্ৰভু মহাৰাজ, মোৰ মাত।”
18 Pia akaongeza, “Kwa nini bwana wangu anamfuatia mtumishi wake? Nimefanya nini, nalo kosa langu ni lipi nililolifanya niwe na hatia?
১৮তেওঁ পুনৰ ক’লে, “মোৰ প্ৰভুৱে আপোনাৰ দাসৰ পাছে পাছে কিন্তু খেদি আহিছে? মই নো কি কৰিলোঁ? আৰু মোৰ হাতত বা কি অনিষ্ট আছে?
19 Sasa mfalme bwana wangu na asikilize maneno ya mtumishi wake. Kama Bwana amekuchochea dhidi yangu, basi yeye na aipokee sadaka yangu. Lakini hata hivyo, kama ni wanadamu waliofanya hivyo, walaaniwe mbele za Bwana! Wao sasa wamenifukuza kutoka sehemu yangu katika urithi wa Bwana wangu wakisema, ‘Nenda ukatumikie miungu mingine.’
১৯এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।
20 Basi usiache damu yangu imwagike kwenye ardhi mbali na uso wa Bwana. Mfalme wa Israeli ametoka kutafuta kiroboto, kama vile mtu awindavyo kware katika milima.”
২০এই হেতুকে এতিয়া যিহোৱাৰ অসাক্ষাতে মোৰ তেজ ভুমিত নপৰক; কিয়নো পৰ্ব্বতত কইৰা চৰাইৰ পাছত খেদি ফুৰা চিকাৰীৰ নিচিনাকৈ, ইস্ৰায়েলৰ ৰজাই এটি কুকুৰচিটিকাক বিচাৰি ওলাই আহিছে।”
21 Ndipo Sauli akasema, “Nimetenda dhambi. Rudi, Daudi mwanangu. Kwa kuwa uliyahesabu maisha yangu kuwa ya thamani leo, sitajaribu kukudhuru tena. Hakika nimetenda kama mpumbavu na nimekosa sana.”
২১তাতে চৌলে ক’লে, “মই পাপ কৰিলোঁ। হে মোৰ বোপা দায়ুদ, তুমি উভটি আহাঁ; মই তোমাক পুনৰ হিংসা নকৰোঁ; কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ’ল; চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ।”
22 Daudi akajibu, “Mkuki wa mfalme uko hapa. Mmoja wa vijana wako na avuke kuuchukua.
২২পাছত দায়ূদে উত্তৰ দিলে, “হে মহাৰাজ, যাঠিডাল চাওক; আৰু ডেকাসকলৰ কোনো এজনে আহি ইয়াক লৈ যাওক।
23 Bwana humlipa kila mtu kwa ajili ya haki yake na uaminifu wake. Bwana alikutia katika mikono yangu leo, lakini sikuinua mkono wangu juu ya mpakwa mafuta wa Bwana.
২৩যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো।
24 Kwa hakika kama vile maisha yako yalivyokuwa ya thamani kwangu leo, vivyo hivyo maisha yangu na yawe na thamani kwa Bwana na kuniokoa kutoka taabu zote.”
২৪এই হেতুকে চাওক, আজি যেনেকৈ মোৰ সাক্ষাতে আপোনাৰ প্ৰাণ মহামূল্যৱান হ’ল, তেনেকৈ যিহোৱাৰ সাক্ষাতে মোৰ প্ৰাণো মহামূল্যৱান হওক, আৰু তেওঁ সকলো সঙ্কটৰ পৰা মোক উদ্ধাৰ কৰক।”
25 Ndipo Sauli akamwambia Daudi, “Mwanangu Daudi na ubarikiwe; utafanya mambo makubwa na hakika utashinda.” Basi Daudi akaenda zake, naye Sauli akarudi nyumbani.
২৫পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” পাছত দায়ূদে নিজ বাটেদি গুচি গ’ল, আৰু চৌলো তেওঁৰ ঠাইলৈ উভটি গ’ল।

< 1 Samweli 26 >