< 1 Samweli 23 >

1 Daudi alipoambiwa kuwa, “Tazama, Wafilisti wanapigana dhidi ya Keila nao wanapokonya nafaka katika sakafu za kupuria,”
তেওঁলোকে দায়ূদক ক’লে, “পলেষ্টীয়াসকলে কয়ীলাৰ বিৰুদ্ধে যুদ্ধ কৰি মৰণা মৰা শস্য লুট কৰিছে।”
2 akauliza kwa Bwana, akisema, “Je, niende na kuwashambulia hawa Wafilisti?” Bwana akamjibu, “Nenda, washambulie Wafilisti na uuokoe Keila.”
সেয়ে দায়ূদে যিহোৱাৰ আগত সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু সুধিলে, “মই পলেষ্টীয়াসকলক আঘাত কৰিবলৈ যাম নে?” তাতে যিহোৱাই ক’লে, “যোৱা পলেষ্টীয়াসকলক আক্ৰমণ কৰি কয়ীলাক উদ্ধাৰ কৰা।”
3 Lakini watu wa Daudi wakamwambia, “Hapa Yuda kwenyewe tunaogopa. Si zaidi sana, kama tukienda Keila dhidi ya majeshi ya Wafilisti!”
কিন্তু দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চোৱা, আমি যিহূদাত ভয়েৰে আছোঁ। যদি পলেষ্টীয়া সৈন্যসকলৰ বিৰুদ্ধে কয়ীলালৈ যাওঁ, তেনেহলে ইয়াতকৈ কিমান অধিক ভয়ৰ কথা হ’ব?”
4 Daudi akauliza kwa Bwana tena, naye Bwana akamjibu akamwambia, “Shuka uende Keila, kwa kuwa nitawatia Wafilisti mkononi mwako.”
তেতিয়া দায়ূদে পুনৰ সহায়ৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক উত্তৰ দিলে, “তুমি উঠি কয়ীলালৈ নামি যোৱা। কাৰণ মই পলেষ্টীয়াসকলৰ ওপৰত তোমাক জয়যুক্ত কৰিম।”
5 Basi Daudi na watu wake wakaenda Keila, wakapigana na Wafilisti na kutwaa wanyama wao wa kutosha. Daudi akawatia hasara kubwa Wafilisti na kuwaokoa watu wa Keila.
তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে কয়ীলালৈ গৈ পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰিলে। তেওঁলোকৰ পশুবোৰ লৈ গ’ল, আৰু আক্ৰমণ কৰি তেওঁলোকৰ মাজত সংহাৰ কৰিলে। এইদৰে দায়ূদে কয়ীলা নিবাসীসকলক উদ্ধাৰ কৰিলে।
6 (Basi Abiathari mwana wa Ahimeleki alikuwa ameleta kisibau alipokimbilia kwa Daudi huko Keila.)
অহীমেলকৰ পুত্ৰ অবিয়াথৰ যেতিয়া কয়ীলালৈ পলাই দায়ূদৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাতত এখন এফোদ লৈ আহিছিল।
7 Sauli akaambiwa kwamba Daudi alikuwa amekwenda Keila, naye akasema, “Mungu amemtia mkononi mwangu, kwa kuwa Daudi amejifunga mwenyewe kwa kuingia kwenye mji wenye malango na makomeo.”
চৌলে দায়ুদ কয়ীলালৈ যোৱাৰ বাতৰি পাই ক’লে, “যিহোৱাই মোৰ হাতত তেওঁক সমৰ্পণ কৰিছে। তেওঁ আৱদ্ধ হৈ গ’ল কাৰণ নগৰত দুৱাৰবোৰ বন্ধ কৰা হ’ল।”
8 Naye Sauli akayaita majeshi yake yote yaende vitani, kuishukia Keila ili kumzingira Daudi na watu wake kwa jeshi.
দায়ুদ আৰু তেওঁৰ লোকসকলক অৱৰোধ কৰিবলৈ চৌলে যুদ্ধৰ বাবে কয়ীলালৈ নামি যাবলৈ সকলো সৈন্য সামন্তক মাতিলে।
9 Daudi alipojua kuwa Sauli alikuwa ana hila dhidi yake, akamwambia Abiathari kuhani, “Leta kile kisibau.”
দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”
10 Daudi akasema, “Ee Bwana, Mungu wa Israeli, mtumishi wako amesikia kwa hakika kwamba Sauli anapanga kuja Keila na kuangamiza mji kwa ajili yangu.
১০তাৰ পাছত দায়ূদে ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, চৌলে কয়ীলালৈ আহি মোৰ কাৰণে এই নগৰখন ধংস কৰিবলৈ চেষ্টা কৰিছে, মই এইকথা শুনিলোঁ।”
11 Je, watu wa Keila watanisalimisha kwake? Je, Sauli atateremka, kama mtumishi wako alivyosikia? Ee Bwana, Mungu wa Israeli, mwambie mtumishi wako.” Naye Bwana akasema, “Ndiyo, atashuka.”
১১কয়ীলাৰ লোকসকলে তেওঁৰ হাতত মোক সমৰ্পণ কৰিব নে? তোমাৰ দাসে শুনাৰ দৰে চৌল সঁচাকৈ নামি আহিব নে? হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ দাসক কওক।” যিহোৱাই ক’লে, “তেওঁ নামি আহিব।”
12 Daudi akauliza tena, “Je watu wa Keila watanisalimisha mimi pamoja na watu wangu kwa Sauli?” Naye Bwana akasema, “Ndiyo, watafanya hivyo.”
১২তাতে দায়ূদে সুধিলে, “কয়ীলাৰ লোকসকলে মোক আৰু মোৰ লোকসকলক চৌলৰ হাতত শোধাই দিব নে?” যিহোৱাই ক’লে, “তেওঁলোকে তোমাক শোধাই দিব।”
13 Basi Daudi na watu wake, wapatao 600, wakaondoka Keila wakawa wanakwenda sehemu moja hadi nyingine. Sauli alipoambiwa Daudi ametoroka kutoka Keila, hakwenda huko.
১৩তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগৰ প্ৰায় ছশ লোক উঠি কয়ীলাৰ পৰা বাহিৰ ওলাই, এঠাইৰ পৰা আন ঠাইলৈ গ’ল। চৌলক কোৱা হ’ল, যে দায়ুদ কয়ীলাৰ পৰা সাৰি গ’ল, সেয়ে চৌলে তেওঁক অনুসৰণ কৰিবলৈ বাদ দিলে।
14 Daudi akakaa katika ngome za jangwani na katika vilima vya Jangwa la Zifu. Siku baada ya siku Sauli aliendelea kumsaka, lakini Mungu hakumtia Daudi mikononi mwake.
১৪দায়ূদে মৰুপ্ৰান্তৰ দুৰ্গম ঠাই, পৰ্ব্বতীয়া অঞ্চলৰ জীফ মৰুপ্ৰান্তত বাস কৰিলে; তাতে চৌলে সদায় তেওঁক বিচাৰিলে, কাৰণ চৌল সদায় তেওঁৰ অপেক্ষাত আছিল, কিন্তু ঈশ্বৰে তেওঁৰ হাতত তেওঁক সমৰ্পণ নকৰিলে।
15 Daudi alipokuwa huko Horeshi katika Jangwa la Zifu, akajua kuwa Sauli alikuwa amekuja ili amuue.
১৫দায়ুদ জীফ মৰুপ্ৰান্তৰ অৰণ্যত থকা সময়ত, তেওঁ দেখিলে যে, চৌলে তেওঁৰ প্ৰাণনাশৰ চেষ্ঠাৰে ওলাই আহিছে।
16 Naye Yonathani mwana wa Sauli akamwendea Daudi huko Horeshi na kumtia moyo kusimama imara katika imani yake kwa Mungu.
১৬চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।
17 Akamwambia, “Usiogope, Daudi; baba yangu Sauli hatakutia mkononi mwake. Utakuwa mfalme juu ya Israeli, nami nitakuwa wa pili wako. Hata baba yangu Sauli anajua hili.”
১৭তেওঁ দায়ূদক ক’লে, “ভয় নকৰিব। কাৰণ মোৰ পিতৃ চৌলৰ হাতে আপোনাক ধৰিবলৈ নাপাব; আপুনি ইস্ৰায়েলৰ ৰজা হ’ব, আৰু মই আপোনাৰ পিছতহে হ’ম। মোৰ পিতৃ চৌলেও ইয়াক জানে।”
18 Wote wawili wakaweka agano mbele za Bwana. Kisha Yonathani akaenda zake nyumbani, lakini Daudi akabaki Horeshi.
১৮তাৰ পাছত তেওঁলোকে দুয়ো জনে যিহোৱাৰ সন্মুখত এটি নিয়ম বান্ধিলে; দায়ুদ অৰণ্যতে থাকিলে আৰু যোনাথন ঘৰলৈ গ’ল।
19 Basi Wazifu wakakwea kwa Sauli huko Gibea na kusema, “Je, Daudi hajifichi miongoni mwetu katika ngome huko Horeshi, katika kilima cha Hakila, kusini mwa Yeshimoni?
১৯তাৰ পাছত জীফীয়া লোকসকলে গিবিয়াৰ চৌলৰ ওচৰলৈ আহি ক’লে, “দায়ুদ আমাৰ ওচৰত যিচীনোনৰ দক্ষিণফালে থকা হখীলা পৰ্ব্বতৰ অৰণ্যৰ দুৰ্গম ঠাইত জানো লুকাই থকা নাই?
20 Sasa, ee mfalme, uteremke wakati wowote unapoona vyema kufanya hivyo, sisi tutawajibika kumkabidhi kwa mfalme.”
২০সেয়ে, হে মহাৰাজ, নামি আহক; আপোনাৰ সকলো মনৰ বাঞ্ছা অনুসাৰে নামি আহক। মহাৰাজৰ হাতত তাক সমৰ্পণ কৰি দিয়াৰ দায়িত্ব আমাৰ।”
21 Sauli akajibu, “Bwana awabariki kwa kunifikiria.
২১চৌলে ক’লে, “তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা। কাৰণ তোমালোকে মোলৈ অনুগ্ৰহ কৰিলা।
22 Nendeni mkafanye maandalizi zaidi. Mkajue mahali ambapo Daudi huenda mara kwa mara na nani amepata kumwona huko. Wananiambia yeye ni mwerevu sana.
২২যোৱা, আৰু সঠিককৈ বিচাৰ কৰা; আৰু সেই ঠাইত তাক কোনে দেখিলে, তাক চাই তাৰ বুজ-বিচাৰ লোৱা, কিয়নো মানুহে মোক কয়, সি বৰ চতুৰালীৰে ফুৰে।
23 Jueni kila mahali anapojificha mrudi na kunipa taarifa kamili. Kisha nitakwenda pamoja nanyi; kama atakuwa katika eneo hilo, nitamsaka miongoni mwa koo zote za Yuda.”
২৩সেয়ে চোৱা, আটাই গোপন ঠাইৰ মাজৰ কোন ঠাইত সি নিজকে লুকুৱাইছে, তাৰ বুজ লৈ মোৰ আগলৈ সঠিক বাতৰি লৈ আহিবা, আৰু তাৰ পাছত মই তোমালোকৰ লগত যাম, সি যদি দেশত থাকে, তেনেহলে মই যিহূদাৰ সকলো সহস্ৰৰ মাজত তাক বিচাৰি উলিয়াম।”
24 Basi wakaondoka na kwenda mpaka Zifu wakimtangulia Sauli. Naye Daudi na watu wake walikuwa katika Jangwa la Maoni, katika Araba kusini mwa Yeshimoni.
২৪তাতে তেওঁলোক উঠি চৌলৰ আগতে জীফলৈ গ’ল। তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে যে যিচীমোনৰ দক্ষিণ ফালে অৰাবাত থকা মায়োন অৰণ্যত আছিল।
25 Sauli na watu wake wakaanza msako, naye Daudi alipoelezwa hili, akateremka mpaka mwambani na kukaa katika Jangwa la Maoni. Sauli aliposikia hili, akaenda katika Jangwa la Maoni akimfuata Daudi.
২৫চৌল আৰু তেওঁৰ লোকসকলে তেওঁক বিচাৰিবলৈ গৈছে সেই কথা দায়ূদক কোৱা হ’ল, তাতে তেওঁ শিলাময় পৰ্বতেদি নামি আহি মায়োন অৰণ্যত থাকিবলৈ ল’লে। যেতিয়া চৌলে এই কথা শুনিলে, তেতিয়া মায়োন অৰণ্যলৈ দায়ূদৰ পাছে পাছে খেদি গ’ল।
26 Sauli alikuwa akienda upande mmoja wa mlima, naye Daudi na watu wake walikuwa upande mwingine wa mlima, wakiharakisha kumkimbia Sauli. Wakati Sauli na majeshi yake walipokaribia kumkamata Daudi na watu wake,
২৬চৌল পৰ্বতৰ একাষে গ’ল, দায়ুদ আৰু তেওঁৰ লোকসকলে পৰ্বতৰ আন কাষে গ’ল। দায়ূদে চৌলৰ ভয়ত তাৰ পৰা আন ঠাইলৈ যাবলৈ লৰালৰি কৰোঁতে, তেওঁক আৰু তেওঁৰ লোকসকলক ধৰিবলৈ চৌলে নিজৰ লোকসকলৰ লগত তেওঁক বেৰি ধৰিব খোঁজোতে,
27 mjumbe alikuja kwa Sauli, akisema, “Njoo haraka! Wafilisti wanaishambulia nchi.”
২৭এজন বাৰ্তাবাহক চৌলৰ ওচৰলৈ আহি ক’লে, “আপুনি বেগাই আহক; কিয়নো পলেষ্টীয়াসকলে দেশ আক্ৰমণ কৰিছে।”
28 Ndipo Sauli akarudi akaacha kumfuata Daudi na kwenda kukabiliana na Wafilisti. Ndiyo sababu wanaiita sehemu hii Sela-Hamalekothi.
২৮তেতিয়া চৌলে দায়ূদৰ পাছত খেদি যোৱাৰ পৰা ঘূৰি পলেষ্টীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে। এই কাৰণে সেই ঠাইৰ নাম চেলা-হম্মহলকোথ হ’ল।
29 Naye Daudi akakwea kutoka huko na kuishi katika ngome za En-Gedi.
২৯পাছত দায়ূদে তাৰ পৰা ওলাই গৈ অয়িন-গদীৰ নানা দুৰ্গম ঠাইত বাস কৰিলে।

< 1 Samweli 23 >