< 1 Samweli 20 >

1 Kisha Daudi akakimbia kutoka Nayothi huko Rama akamwendea Yonathani na kumuuliza, “Kwani nimefanya nini? Kosa langu ni nini? Nimemkosea baba yako kwa jinsi gani, hata kwamba anajaribu kuuondoa uhai wangu?”
তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
2 Yonathani akajibu, “La hasha! Hutakufa! Tazama, baba yangu hafanyi kitu chochote, kikubwa au kidogo, bila kuniambia mimi. Kwa nini anifiche hili? Sivyo ilivyo!”
যোনাথনে দায়ূদক ক’লে, “ইয়াৰ পৰা আঁতৰি থাকক, আপোনাৰ মৃত্যু নহয়। মোৰ পিতৃয়ে ডাঙৰ কি সৰু কোনো কাম মোক নোকোৱাকৈ নকৰে। মোৰ পিতৃয়ে এই কথা মোৰ পৰা কিয় গোপনে ৰাখিব? সেয়ে নহয়।”
3 Lakini Daudi akaapa na kusema, “Baba yako anajua kabisa kwamba nimepata kibali mbele yako, naye amesema moyoni mwake, ‘Yonathani sharti asilijue hili, la sivyo atahuzunika.’ Lakini kweli kama Bwana aishivyo na kama uishivyo, kuna hatua moja tu kati yangu na mauti.”
তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”
4 Yonathani akamwambia Daudi, “Chochote unachotaka nifanye, nitakufanyia.”
তেতিয়া যোনাথনে দায়ূদক ক’লে, “আপুনি যি ক’ব বিচাৰে কওক, মই আপোনাৰ কাৰণে তাকেই কৰিম।”
5 Basi Daudi akamwambia, “Angalia, kesho ni sikukuu ya Mwezi Mwandamo, nami inanipasa kula chakula pamoja na mfalme; lakini niache niende kujificha shambani mpaka kesho kutwa.
দায়ূদে যোনাথনক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম।
6 Kama baba yako akiona ya kuwa sipo, mwambie, ‘Daudi aliniomba sana ruhusa kuwahi Bethlehemu, mji wake wa nyumbani, kwa sababu dhabihu ya mwaka inafanywa huko kwa ajili ya ukoo wake wote.’
যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক’বা, ‘দায়ূদে নিজ নগৰ বৈৎলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে; কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে।’
7 Kama akisema, ‘Ni vyema sana,’ basi mtumishi wako yu salama. Lakini kama akikasirika, unaweza kuwa na hakika kwamba anakusudia kunidhuru.
তেওঁ যদি কয়, ‘ঠিকেই আছে’, তেতিয়া তোমাৰ দাসৰ মঙ্গল হ’ব। কিন্তু যদি তেওঁৰ খং উঠে, তেন্তে জানিবা যে, তেওঁ অমঙ্গলৰ কথা চিন্তা কৰিছে।
8 Lakini kwa habari yako wewe, mtende wema mtumishi wako, kwa sababu mmeingia kwenye agano pamoja naye mbele za Bwana. Kama nina hatia, basi niue wewe mwenyewe! Kwa nini unikabidhi kwa baba yako?”
এই হেতুকে তুমি তোমাৰ দাসলৈ অনুগ্ৰহ কৰিবা; কাৰণ তুমি তোমাৰ এই দাসক তোমাৰে সৈতে যিহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা; তেনেহলে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা?”
9 Yonathani akasema, “La hasha! Kama ningekuwa na kidokezo kidogo kwamba baba yangu amekusudia kukudhuru wewe, je, nisingekuambia?”
যোনাথনে ক’লে, “এনে ভয় আপোনাৰ পৰা দূৰ হওক! কাৰণ মোৰ পিতৃয়ে আপোনালৈ অমঙ্গল ঘটাবলৈ স্থিৰ কৰা কথা যদি মই কেনেবাকৈ জানিব পাৰোঁ, তেন্তে মই জানো আপোনাক কৈ নিদিম?”
10 Daudi akamuuliza, “Je, nani atakayeniambia kama baba yako atakujibu kwa ukali?”
১০তেতিয়া দায়ুদে যোনাথনক ক’লে, “তোমাৰ পিতৃয়ে তোমাক কটু উত্তৰ দিলে, তাক কোনে মোক ক’ব?”
11 Yonathani akamwambia, “Njoo, twende shambani.” Basi wakaenda huko pamoja.
১১যোনাথনে দায়ুদক ক’লে, “আহক, আমি পথাৰলৈ ওলাই যাওঁহঁক।” সেয়ে দুয়ো পথাৰলৈ ওলাই গ’ল।
12 Kisha Yonathani akamwambia Daudi, “Ninakuahidi kwa jina la Bwana, Mungu wa Israeli, hakika nitamchunguza baba yangu wakati kama huu kesho kutwa! Kama ameweka utaratibu wa kufaa kukuhusu wewe, je, sitakutumia ujumbe na kukufahamisha?
১২যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?
13 Lakini ikiwa baba yangu amenuia kukudhuru, Bwana na anishughulikie kwa ukali, iwapo sitakufahamisha na kukuaga uende salama. Bwana na awe pamoja nawe kama alivyokuwa pamoja na baba yangu.
১৩যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।
14 Lakini nitendee wema usiokoma kama ule wa Bwana siku zote za maisha yangu, ili nisije nikauawa,
১৪মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকা কালত যিহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়;
15 wala usiuondoe wema wako kwa jamaa yangu, hata kama ni wakati ule Bwana atakapokuwa amekatilia mbali kila adui wa Daudi kutoka kwenye uso wa dunia.”
১৫কিন্তু মোৰ বংশলৈকো দয়া কৰিবলৈ কেতিয়াও ক্ৰুতি নকৰিব, আনকি যেতিয়া যিহোৱাই দায়ুদৰ শত্ৰুবোৰৰ প্ৰতিজনক পৃথিবীৰ পৰা উচ্ছন্ন কৰিব, তেতিয়াও নকৰিবা।”
16 Basi Yonathani akafanya agano na nyumba ya Daudi, akisema: “Bwana na awaangamize adui za Daudi.”
১৬এইদৰে যোনাথনে দায়ূদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁ ক’লে, যিহোৱাই দায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক।
17 Naye Yonathani akamtaka Daudi athibitishe tena kiapo chake cha kumpenda, kwa sababu Yonathani alimpenda Daudi kama nafsi yake mwenyewe.
১৭এইদৰে যোনাথনে দায়ুদৰ ওচৰত পুনৰ প্রতিজ্ঞা কৰিলে, কাৰণ তেওঁ তেওঁক প্ৰেম কৰিছিল; তেওঁ নিজ প্ৰাণৰ দৰে দায়ূদক প্ৰেম কৰিছিল।
18 Kisha Yonathani akamwambia Daudi, “Kesho ni sikukuu ya Mwezi Mwandamo. Itajulikana kwamba haupo kwa kuwa kiti chako kitakuwa hakina mtu.
১৮সেয়ে যোনাথনে দায়ুদক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতে আপোনাৰ অনুপস্থিতি অনুভৱ হ’ব, কাৰণ আপোনাৰ আসন খালী হৈ থাকিব।
19 Kesho kutwa, inapokaribia jioni, nenda mahali pale ulipojificha wakati tatizo hili lilipoanza na usubiri karibu na jiwe la Ezeli.
১৯আপুনি পৰহিলৈ অতি বেগাই নামি আহিব, আৰু আগেয়ে যি ঠাইত আহি লুকাই আছিল, সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব।
20 Nitapiga mishale mitatu kando yake, kama kwamba nilikwenda kulenga shabaha.
২০তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম।
21 Kisha nitamtuma mvulana na kumwambia, ‘Nenda ukaitafute mishale.’ Kama nikimwambia, ‘Tazama mishale iko upande huu wako! Uilete hapa,’ basi uje, kwa sababu hakika kama Bwana aishivyo, wewe ni salama, hakuna hatari.
২১আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।
22 Lakini kama nikimwambia huyo mvulana, ‘Angalia, mishale iko mbele yako,’ basi inakupasa uondoke, kwa sababu Bwana amekuruhusu uende zako.
২২কিন্তু মই যদি ডেকা ল’ৰাটোক কওঁ, ‘চোৱা, কাঁড়বোৰ তোৰ সিফালে আছে’, তেতিয়া আপুনি নিজৰ পথত গুচি যাব; কাৰণ যিহোৱাই আপোনাক বিদায় দিছে।
23 Kuhusu yale tuliyozungumza wewe na mimi: kumbuka, Bwana ndiye shahidi kati yako wewe na mimi milele.”
২৩আপোনাৰ আৰু মোৰ মাজত হোৱা চুক্তি আৰু মই কোৱা কথাবোৰ মনত ৰাখিব; যিহোৱা আপোনাৰ আৰু মোৰ মাজত চিৰদিন সাক্ষী হৈ আছে।”
24 Basi Daudi akajificha shambani, na sikukuu ya Mwezi Mwandamo ilipowadia, mfalme akaketi ili ale.
২৪তাৰ পাছত দায়ূদে গৈ পথাৰত লুকাই থাকিল; পাছত যেতিয়া ন-জোন ওলাল, তেতিয়া ৰজাই আহি ভোজনত বহিল।
25 Akaketi mahali pake pa kawaida karibu na ukuta, kuelekeana na Yonathani, naye Abneri akaketi karibu na Mfalme Sauli, lakini kiti cha Daudi kilikuwa wazi.
২৫তাতে ৰজাই সচৰাচৰ বহাৰ দৰে দেৱালৰ ওচৰত থকা আসনত গৈ বহিল। পাছত যোনাথন উঠি থিয় হ’ল আৰু অবনেৰ চৌলৰ কাষতে বহিল, কিন্তু দায়ুদৰ আসন খালী হৈ থাকিল।
26 Sauli hakusema chochote siku ile kwa kuwa alifikiri, “Kuna kitu cha lazima kimetokea kwa Daudi ambacho kimemfanya najisi asihudhurie karamuni, hakika yeye yu najisi.”
২৬সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”
27 Lakini siku iliyofuata, siku ya pili ya mwezi, kiti cha Daudi kilikuwa wazi tena. Kisha Sauli akamwambia mwanawe Yonathani, “Kwa nini mwana wa Yese hajaja chakulani jana wala leo?”
২৭ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”
28 Yonathani akamjibu, “Daudi alinisihi sana nimpe ruhusa aende Bethlehemu.
২৮তেতিয়া যোনাথনে উত্তৰ দি চৌলক ক’লে, “দায়ুদে বৈৎলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে;
29 Alisema, ‘Niruhusu niende, kwa sababu jamaa yetu wana dhabihu mjini, na ndugu yangu ameniagiza niwepo huko. Kama nimepata kibali mbele yako, niruhusu niende kuona ndugu zangu.’ Hii ndiyo sababu hakuja mezani pa mfalme.”
২৯আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”
30 Hasira ya Sauli ikawaka dhidi ya Yonathani na kumwambia, “Wewe mwana wa mwanamke mkaidi na mwasi! Je, sijui kuwa umekuwa upande wa mwana wa Yese kwa aibu yako mwenyewe na kwa aibu ya mama yako aliyekuzaa?
৩০তেতিয়া যোনাথনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ যোনাথনক ক’লে, “হেৰ’ বিপথগামীনী আৰু বিদ্ৰোহীনী তিৰোতাৰ পুতেক, তই তোৰ লাজ, আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিচয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো?
31 Maadamu mwana wa Yese angali anaishi katika dunia hii wewe wala ufalme wako hautasimama. Sasa tuma aitwe umlete kwangu, kwa kuwa ni lazima afe!”
৩১কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;
32 Yonathani akamuuliza baba yake, “Kwa nini auawe? Kwani amefanya nini?”
৩২তাতে যোনাথনে উত্তৰ দি নিজৰ বাপেক চৌলক ক’লে, “তেওঁ কিয় মৰিব? তেওঁনো কি কৰিলে?
33 Lakini Sauli akamtupia Yonathani mkuki wake kwa nguvu ili amuue. Hapo ndipo Yonathani alipotambua kwamba baba yake alikusudia kumuua Daudi.
৩৩তেতিয়া চৌলে যোনাথনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া যোনাথনে বুজিলে যে, তেওঁৰ পিতৃ চৌলে সচাঁকৈয়ে দায়ূদক বধ কৰিবলৈ চল বিচাৰি আছে।
34 Yonathani akainuka kutoka mezani kwa hasira kali. Siku ile ya pili ya mwezi hakula chakula, kwa kuwa alikuwa amehuzunishwa na vitendo vya aibu ambavyo baba yake alikuwa anamtendea Daudi.
৩৪তাতে যোনাথন অতিশয় ক্ৰুদ্ধ হৈ উঠিল আৰু ভোজনৰ মেজৰ পৰা উঠি গ’ল। এইদৰে তেওঁ মাহৰ দ্বিতীয় দিনাও একো ভোজন নকৰিলে। দায়ুদৰ কাৰণে তেওঁ বেজাৰ পালে, কিয়নো তেওঁৰ পিতৃয়ে তেওঁক অপমান কৰিছিল।
35 Kesho yake asubuhi Yonathani alikwenda shambani kukutana na Daudi. Alikuwa amefuatana na mvulana mdogo,
৩৫পাছদিনা ৰাতিপুৱা দায়ুদেৰে সৈতে নিৰূপণ কৰা পথাৰলৈ যোনাথনে ওলাই গ’ল আৰু তেওঁৰ লগত এজন ডেকা ল’ৰা আছিল।
36 naye Yonathani akamwambia yule mvulana, “Kimbia ukatafute mishale nitakayorusha.” Mvulana alipokuwa akikimbia, akarusha mishale mbele yake.
৩৬তেওঁ সেই ডেকা ল’ৰাক ক’লে, “দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন।” তাতে ল’ৰাটিয়ে দৌৰ মাৰোতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে।
37 Yule mvulana alipofika mahali pale ambapo mshale wa Yonathani ulipokuwa umeanguka, Yonathani akamwita, “Je, mshale hauko mbele yako?”
৩৭তাতে ডেকা ল’ৰা জনে গৈ যোনাথনে মাৰি পঠোৱা কাঁড়বোৰৰ ওচৰ পোৱাত, তেওঁ তাক ক’লে, ‘তোৰ সিফালে জনো কাঁড়বোৰ নাই’?
38 Yonathani akampigia kelele, “Harakisha, nenda haraka! Usisimame!” Mvulana akaokota mshale na kurudi kwa bwana wake.
৩৮পাছত যোনাথনে ল’ৰাজনক মাতি ক’লে, “বেগাই দৌৰি আহ। তাত ৰৈ নাথাকিবি।” তেতিয়া সেই ল’ৰাজনে কাঁড়বোৰ বুটলি আনি যোনাথানৰ ওচৰলৈ আহিল।
39 (Mvulana hakujua chochote juu ya hayo yote; Yonathani na Daudi tu ndio waliojua.)
৩৯কিন্তু ল’ৰাজনে একো বুজি নাপালে; মাত্ৰ দায়ূদেহে এই বিষয় বুজি পালে।
40 Basi Yonathani akampa yule mvulana silaha zake na kumwambia, “Nenda, zirudishe mjini.”
৪০পাছত যোনাথনে নিজৰ ধনু-কাঁড়বোৰ ল’ৰা জনৰ হাতত দিলে আৰু ক’লে, “যোৱা, এইবোৰ লৈ নগৰলৈ যোৱা।”
41 Baada ya mvulana kwenda, Daudi akainuka kutoka upande wa kusini wa lile jiwe, naye akasujudu uso wake mpaka nchi mara tatu mbele ya Yonathani. Kisha kila mmoja akambusu mwenzake, wakalia pamoja. Lakini Daudi akalia zaidi.
৪১তাৰ পাছত ডেকা ল’ৰা জন যোৱাৰ লগে লগে দায়ূদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে; তাতে দায়ুদৰ সৈতে অধিক ক্ৰন্দন হ’ল।
42 Yonathani akamwambia Daudi, “Nenda kwa amani, kwa kuwa tumeapiana kiapo cha urafiki kati yetu kwa jina la Bwana, tukisema, ‘Bwana ndiye shahidi kati yako na mimi, na kati ya wazao wako na wazao wangu milele.’” Kisha Daudi akaondoka, naye Yonathani akarudi mjini.
৪২পাছত যোনাথনে দায়ুদক ক’লে, “আপুনি কুশলে যাওক; কিয়নো আমি দুয়ো যিহোৱাৰ নামেৰে এই শপত খালো যে, যিহোৱা আপোনাৰ আৰু মোৰ মাজত থকাৰ দৰে আপোনাৰ বংশ আৰু মোৰ বংশৰ মাজতো সদাকাল থাকিব।” পাছত তেওঁ উঠি গুচি গ’ল, আৰু যোনাথন নগৰলৈ উভতি গ’ল।

< 1 Samweli 20 >