< 1 Wafalme 12 >

1 Rehoboamu akaenda Shekemu, kwa kuwa Waisraeli wote walikuwa wamekwenda huko kumfanya yeye kuwa mfalme.
পাছত ৰহবিয়াম চিখিমলৈ গ’ল, কিয়নো তেওঁক ৰজা পাতিবৰ কাৰণে সমুদায় ইস্ৰায়েল চিখিমলৈ আহিছিল।
2 Yeroboamu mwana wa Nebati aliposikia hili (alikuwa bado yuko Misri alikokuwa amekimbilia awe mbali na Mfalme Solomoni), akarudi kutoka Misri.
তেতিয়া এনে ঘটিল যে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাতৰি শুনিলে, কিয়নো তেওঁ সেই সময়ত মিচৰত আছিল; চলোমন ৰজাৰ ভয়ত তেওঁ তালৈ পলাই গৈ তাত বাস কৰি আছিল৷
3 Kwa hiyo wakatuma watu kumwita Yeroboamu, yeye na kusanyiko lote la Israeli wakamwendea Rehoboamu na kumwambia,
তেতিয়া লোকসকলে মানুহ পঠিয়াই ৰহবিয়ামক মাতি আনিলে৷ তেতিয়া যাৰবিয়াম আৰু ইস্ৰায়েলৰ গোটেই সমাজে আহি ৰহবিয়ামক এই কথা ক’লে,
4 “Baba yako aliweka nira nzito juu yetu, lakini sasa tupunguzie kazi za kikatili na nira nzito aliyoweka juu yetu, nasi tutakutumikia.”
“আপোনাৰ পিতৃয়ে আমাক কঠোৰ পৰিশ্ৰম কৰিবলৈ জোৰ কৰিছিল৷ তেওঁ যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাই আছে, সেই কার্যৰ ভাৰ যদি আপুনি কিছু লঘু কৰে; তেতিয়াহলে আমি আপোনাক সেৱা কৰি থাকিম।”
5 Rehoboamu akajibu, “Nendeni kwa muda wa siku tatu na kisha mnirudie.” Basi watu wakaenda zao.
তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনলৈ আতৰি থকা, তাৰ পাছত মোৰ ওচৰলৈ ঘূৰি আহা৷” তেতিয়া লোকসকল গুচি গ’ল।
6 Kisha Mfalme Rehoboamu akataka shauri kwa wazee ambao walimtumikia Solomoni baba yake wakati wa uhai wake akawauliza, “Mnanishauri nini katika kuwajibu watu hawa?”
পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীয়াই থকাৰ কালত যি বৃদ্ধ লোকসকল তেওঁৰ আগত থিয় হৈছিল, তেওঁলোকৰ লগত আলোচনা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ আপোনালোকে মোক কি পৰামৰ্শ দিব?”
7 Wakajibu, “Kama leo utakuwa mtumishi wa watu hawa na kuwahudumia na kuwapa jibu linaloridhisha, watakuwa watumishi wako daima.”
তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি আজি সেই লোকসকলৰ দাস হৈ তেওঁলোকক সেৱা কৰে আৰু সুকথা কৈ তেওঁলোকক উত্তৰ দিয়ে, তেতিয়া তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
8 Lakini Rehoboamu akakataa shauri alilopewa na wazee na akataka ushauri kwa vijana wanaume rika lake waliokuwa wakimtumikia.
কিন্তু ৰহবিয়ামে বৃদ্ধ লোকসকলে দিয়া পৰামৰ্শ তেওঁ অৱজ্ঞা কৰিলে, আৰু তেওঁৰে সৈতে একে লগে ডাঙৰ দীঘল হোৱা যি ডেকাসকল তেওঁৰ সন্মুখত থিয় দি আছিল, তেওঁলোকৰ সৈতে তেওঁ আলোচনা কৰিলে।
9 Akawauliza, “Ninyi ushauri wenu ni nini? Tutawajibuje watu hawa wanaoniambia, ‘Ifanye nyepesi nira baba yako aliyoweka juu yetu?’”
তেওঁ তেওঁলোকক সুধিলে, “যি সকল লোকে, ‘আপোনাৰ পিতৃয়ে যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাইছে সেই কার্যৰ ভাৰ কিছু লঘু কৰক’, এইদৰে মোৰ আগত ক’লে, তেওঁলোকক উত্তৰ দিবলৈ তোমালোকে মোক কি পৰামৰ্শ দিয়া?”
10 Wale vijana wa rika lake wakamjibu, “Waambie watu hawa waliokuambia, ‘Baba yako aliweka nira nzito juu yetu, lakini ifanye nira yetu nyepesi,’ kuwa, ‘Kidole changu kidogo ni kinene kuliko kiuno cha baba yangu.
১০তাতে তেওঁৰে সৈতে ডাঙৰ দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে তেওঁলোকৰ ওপৰত কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল আৰু আপোনাক সেই ভাৰ কিছু লঘু কৰিবলৈ বুলি আপোনাৰ আগত কোৱা সেই লোকসকলক এই কথা ক’ব, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
11 Baba yangu aliweka nira nzito juu yenu, mimi nitaifanya hata iwe nzito zaidi. Baba yangu aliwachapa kwa mijeledi, mimi nitawachapa kwa nge.’”
১১এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত যি কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল, মই সেই ভাৰ পুনৰ গধুৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’৷ এই বুলি তেওঁলোকক ক’ব।”
12 Siku tatu baadaye, Yeroboamu na watu wote wakamrudia Rehoboamu, kama mfalme alivyokuwa amesema, “Rudini kwangu baada ya siku tatu.”
১২পাছত “তৃতীয় দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি কৰি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
13 Mfalme akawajibu watu kwa ukatili. Akikataa shauri alilopewa na wazee,
১৩তেতিয়া ৰজাই লোকসকলক টান শব্দৰ কথাৰে উত্তৰ দিলে আৰু তেওঁক বৃদ্ধলোক সকলে দিয়া পৰামৰ্শবোৰ তেওঁ অৱজ্ঞা কৰিলে৷
14 akafuata shauri la vijana wa rika lake na kusema, “Baba yangu alifanya nira yenu kuwa nzito, mimi nitaifanya kuwa nzito zaidi. Baba yangu aliwachapa kwa mijeledi, mimi nitawachapa kwa nge.”
১৪সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক এই কথা ক’লে, “মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধুৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম৷”
15 Kwa hiyo mfalme hakuwasikiliza watu, kwa kuwa jambo hili lilitoka kwa Bwana, ili kutimiza neno ambalo Bwana alikuwa amenena kwa Yeroboamu mwana wa Nebati kupitia Ahiya Mshiloni.
১৫এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।
16 Israeli wote walipoona kuwa mfalme amekataa kuwasikiliza, wakamjibu mfalme: “Tuna fungu gani kwa Daudi? Sisi hatuna urithi kwa mwana wa Yese. Nendeni kwenye mahema yenu, ee Israeli! Angalia nyumba yako mwenyewe, ee Daudi!” Hivyo Waisraeli wakaenda kwenye mahema yao.
১৬যেতিয়া গোটেই ইস্ৰায়েলে দেখিলে যে ৰজাই তেওঁলোকৰ কথালৈ কাণ দিয়া নাই, তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দি ক’লে, “দায়ুদত আমাৰ কি ভাগ আছে? যিচয়ৰ পুত্ৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল নিজ নিজ তম্বুলৈ গুচি যোৱা! হে দায়ুদ এতিয়া তুমি নিজ বংশলৈ চোৱা।” তেতিয়া ইস্ৰায়েলে নিজ নিজ তম্বুলৈ গুচি গ’ল।
17 Lakini kwa habari ya Waisraeli waliokuwa wakiishi katika miji ya Yuda, Rehoboamu akaendelea kuwatawala bado.
১৭কিন্তু যিহূদাৰ নগৰ বোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত ৰহবিয়ামেই ৰজা হৈ থাকিল।
18 Mfalme Rehoboamu akamtuma Adoramu, aliyekuwa msimamizi wa wale waliofanya kazi ngumu kwa kulazimishwa, lakini Israeli wote wakampiga kwa mawe hadi akafa. Hata hivyo, Mfalme Rehoboamu, akafanikiwa kuingia kwenye gari lake na kutorokea Yerusalemu.
১৮পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাবোৰৰ অধ্যক্ষ অদোৰামক পঠিয়াওতে, গোটেই ইস্ৰায়েলে তেওঁলৈ এনেকৈ শিল দলিয়ালে যে, তেওঁৰ তাতেই মৃত্যু হ’ল৷ আৰু ৰজা ৰহবিয়ামে যিৰূচালেমলৈ পলাই যাবৰ বাবে বেগা বেগীকৈ নিজৰ ৰথত উঠিল।
19 Hivyo Israeli wakaasi dhidi ya nyumba ya Daudi hadi leo.
১৯এইদৰে ইস্ৰায়েলে দায়ুদৰ বংশৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে আৰু আজিলৈকে সেই ভাৱেই আছে।
20 Waisraeli wote waliposikia kwamba Yeroboamu amerudi, wakatuma watu na kumwita kwenye kusanyiko na kumfanya mfalme juu ya Israeli yote. Ni kabila la Yuda peke yake lililobaki kuwa tiifu kwa nyumba ya Daudi.
২০গোটেই ইস্ৰায়েলে যাৰবিয়াম ঘূৰি অহা কথা শুনি, দূত পঠিয়াই তেওঁক সমাজৰ ওচৰলৈ মতাই আনি গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে৷ তাতে কেৱল যিহূদা ফৈদৰ বাহিৰে, আন কোনেও দায়ুদৰ বংশৰ পাছত চলোঁতা নহ’ল।
21 Ikawa Rehoboamu alipofika Yerusalemu, akakusanya nyumba yote ya Yuda na kabila la Benyamini, wanaume wapiganaji 180,000, kufanya vita dhidi ya nyumba ya Israeli na kuurudisha tena ufalme kwa Rehoboamu mwana wa Solomoni.
২১ৰহবিয়াম যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া যিহূদা আৰু বিন্যামীন ফৈদৰ লোকসকলক একগোট কৰিলে, তাতে এক লাখ আশী হাজাৰ যুদ্ধাৰু লোকক মনোনীত কৰিলে, যাতে ইস্ৰায়েলৰ বংশৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিব আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামৰ অধীনলৈ ৰাজ্য পুনৰায় আনিব পাৰিব।
22 Lakini neno hili la Mungu likamjia Shemaya mtu wa Mungu:
২২কিন্তু ঈশ্বৰৰ লোক চময়িয়াৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিল, বোলে,
23 “Mwambie Rehoboamu mwana wa Solomoni mfalme wa Yuda, na nyumba yote ya Yuda na Benyamini, na watu wengine wote,
২৩“তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক, যিহূদা আৰু বিন্যামীনৰ গোটেই বংশক আৰু আন লোকসকলক কোৱা বোলে,
24 ‘Hili ndilo asemalo Bwana: Msipande kupigana dhidi ya ndugu zenu, Waisraeli. Nendeni nyumbani, kila mmoja wenu, kwa kuwa hili nimelitenda mimi.’” Kwa hiyo wakalitii neno la Bwana na kurudi nyumbani, kama Bwana alivyokuwa ameagiza.
২৪‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ ভাই ইস্ৰায়েল সন্তান সকলক আক্ৰমণ আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা; প্ৰতিজন নিজ নিজ ঘৰলৈ ঘূৰি যোৱা, কিয়নো মোৰ দ্বাৰাইহে এই কাৰ্য হৈছে’।” তেতিয়া লোকসকলে যিহোৱাৰ সেই বাক্য শুনি, তেওঁৰ বাক্য অনুসাৰে নিজ নিজ বাটেদি ঘূৰি গুচি গ’ল।
25 Kisha Yeroboamu akajenga Shekemu akaizungushia ngome katika nchi ya vilima ya Efraimu na akaishi huko. Akatoka huko, akaenda akajenga Penueli.
২৫পাছত যাৰবিয়ামে ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত চিখিম নগৰ সাজি তাৰ মাজতে বাস কৰিলে৷ তেওঁ তাৰ পৰা গৈ পনুৱেল নগৰো সাজিলে।
26 Yeroboamu akawaza moyoni mwake, “Sasa inawezekana ufalme ukarudi katika nyumba ya Daudi.
২৬তেতিয়া যাৰবিয়ামে নিজৰ মনতে ভাবিলে, “এতিয়া দায়ূদৰ বংশলৈ ৰাজ্য পুনৰায় ঘূৰি আহিব৷
27 Kama watu hawa watapanda kwenda kutoa dhabihu katika Hekalu la Bwana huko Yerusalemu, mioyo yao itamrudia bwana wao, Rehoboamu mfalme wa Yuda. Wataniua mimi na kurudi kwa Mfalme Rehoboamu.”
২৭এই লোকসকলে যদি যিৰূচালেমত থকা যিহোৱাৰ গৃহত বলি উৎসৰ্গ কৰিবলৈ যায়, তেতিয়া তেওঁলোকৰ প্ৰভু যিহূদাৰ ৰজা ৰহবিয়ামলৈ পুনৰায় এই লোকসকলৰ মন ঘূৰিব; তেতিয়া তেওঁলোকে মোক বধ কৰি পুনৰায় যিহূদাৰ ৰজা ৰহবিয়ামৰ ফলীয়া হ’ব।”
28 Baada ya kutafuta shauri, mfalme akatengeneza ndama wawili wa dhahabu. Akawaambia watu, “Ni gharama kubwa kwenu kukwea kwenda Yerusalemu. Hii hapa miungu yenu, ee Israeli, iliyowapandisha kutoka Misri.”
২৮এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
29 Ndama mmoja akamweka Betheli na mwingine Dani.
২৯তেওঁ তাৰে এটা বৈৎএলত আৰু আনটো দানত স্থাপন কৰিলে।
30 Nalo jambo hili likawa dhambi, watu wakawa wanaenda hadi Dani kumwabudu huyo aliyewekwa huko.
৩০এই কাৰ্য পাপৰ কাৰণ হ’ল, কিয়নো লোকসকলে সেই দুই প্ৰতিমাৰ আগত সেৱা কৰিবলৈ দানলৈকে বা আনটো ঠাইলৈ অহা-যোৱা কৰিবলৈ ধৰিলে।
31 Yeroboamu akajenga madhabahu mahali pa juu pa kuabudia miungu na kuwateua makuhani kutoka watu wa aina zote, ijapokuwa hawakuwa Walawi.
৩১যাৰবিয়ামে পবিত্ৰ ঠাইবোৰত মন্দিৰ সাজিলে; আৰু যিসকল লেবীৰ সন্তান নাছিল, সেই লোকসকলৰ মাজৰ পৰাও পুৰোহিত পাতিলে।
32 Pia Yeroboamu akaweka sikukuu katika siku ya kumi na tano ya mwezi wa nane, kama sikukuu iliyokuwa ikifanyika huko Yuda, na akatoa dhabihu juu ya madhabahu. Akafanya hivyo huko Betheli akitoa dhabihu kwa ndama alizotengeneza. Huko Betheli akawaweka makuhani, na pia katika sehemu za juu za kuabudia miungu alizozitengeneza.
৩২পাছত যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ দৰে এক উৎসৱ পাতি যজ্ঞবেদীলৈ উঠি গ’ল৷ তেওঁ বৈৎএলত এই দৰে কৰিলে আৰু নিজে নিৰ্ম্মাণ কৰা দামুৰি দুটাৰ আগত বলি উৎসৰ্গ কৰিলে আৰু বৈৎএলত নিজে সজা পবিত্ৰ ঠাইবোৰত পুৰোহিতসকলক ৰাখিলে।
33 Katika siku ya kumi na tano ya mwezi wa nane, mwezi aliouchagua mwenyewe, alitoa dhabihu juu ya madhabahu aliyokuwa amejenga huko Betheli. Kwa hiyo akaweka sikukuu kwa ajili ya Waisraeli na akapanda madhabahuni kutoa sadaka.
৩৩অষ্টম মাহত যৰবিয়ামে অৰ্থাৎ যি মাহ তেওঁ নিজ ইচ্ছামতে নিৰূপণ কৰিছিল, সেই অষ্টম মাহৰ পঞ্চদশ দিনা বৈৎএলত তেওঁ নিৰ্ম্মাণ কৰা যজ্ঞবেদীলৈ উঠি গৈছিল; তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে এক উৎসৱ নিৰূপণ কৰিছিল, আৰু ধূপ জ্বলাবৰ বাবে যজ্ঞবেদীলৈ উঠি গৈছিল।

< 1 Wafalme 12 >