< 1 Nyakati 29 >
1 Ndipo Mfalme Daudi akaliambia kusanyiko lote: “Mwanangu Solomoni, yeye ambaye Mungu amemchagua, ni kijana mdogo na asiye na uzoefu. Kazi hii ni kubwa, kwa sababu Hekalu hili la fahari si kwa ajili ya mwanadamu bali ni kwa ajili ya Bwana.
১দায়ুদ ৰজাই গোটেই সমাজক ক’লে, “ঈশ্বৰে মোৰ পুত্ৰ চলোমনক মনোনীত কৰিছে, তাৰ বয়স এতিয়াও ক’ম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ। কাৰণ এই ৰাজপ্রসাদ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মানুহৰ বাবে নহয়।
2 Kwa uwezo wangu wote nimetenga mali kwa ajili ya Hekalu la Mungu wangu: dhahabu kwa kazi za dhahabu, fedha kwa ajili ya fedha, shaba kwa kazi za shaba, chuma kwa kazi za chuma na miti kwa kazi za miti, vivyo hivyo vito vya shohamu kwa ajili ya kutia kwenye vijalizo, almasi, mawe ya rangi mbalimbali, aina zote za vito vya thamani na marmar; yote haya kwa wingi mno.
২মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।
3 Zaidi ya hayo, kwa kujitolea kwangu kwa ajili ya Hekalu la Mungu wangu, sasa ninatoa hazina zangu mwenyewe za dhahabu na fedha kwa ajili ya Hekalu la Mungu wangu, zaidi ya mali niliyotoa kwa ajili ya Hekalu hili takatifu:
৩মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।
4 talanta 3,000 za dhahabu (dhahabu ya Ofiri) na talanta 7,000 za fedha safi iliyosafishwa, kwa ajili ya kufunika kuta za Hekalu,
৪তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ।
5 kwa kazi ya dhahabu na kazi ya fedha na kwa kazi yote itakayofanywa na mafundi. Basi, ni nani anayependa kujitoa kwa Bwana leo?”
৫সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম কৰোঁতা সকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে যিহোৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব?
6 Ndipo viongozi wa jamaa, maafisa wa kabila za Israeli, majemadari wa maelfu na majemadari wa mamia, pamoja na maafisa waliokuwa wasimamizi wa kazi za mfalme wakatoa kwa hiari yao.
৬তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্রধান লোকসকল, ইস্ৰায়েল জাতিৰ প্রধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে।
7 Wakatoa kwa ajili ya kazi ya Hekalu la Mungu talanta 5,000 na darkoni 10,000 za dhahabu, talanta 10,000 za fedha, talanta 18,000 za shaba na talanta 100,000 za chuma.
৭তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্য কাৰণে পাঁচ হাজাৰ কিক্কৰ সোণ, অদৰ্কোণ নামেৰে দহ হাজাৰ সোণৰ মোহৰ, দহ হাজাৰ কিক্কৰ ৰূপ, ওঠৰ হাজাৰ কিক্কৰ ৰূপ পিতল, আৰু এক লাখ কিক্কৰ লোহা দিলে।
8 Kila mmoja aliyekuwa na vito vya thamani akavitoa katika hazina ya Hekalu la Bwana chini ya uangalizi wa Yehieli Mgershoni.
৮যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে।
9 Watu wakafurahi kwa sababu ya itikio la hiari la viongozi wao, kwa kuwa walikuwa wametoa kwa hiari na kwa moyo wote kwa Bwana. Mfalme Daudi pia akafurahi sana.
৯তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে।
10 Daudi akamhimidi Bwana mbele ya kusanyiko lote, akisema: “Uhimidiwe wewe, Ee Bwana, Mungu wa Israeli baba yetu, tangu milele hata milele.
১০দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য।
11 Ukuu na uweza, ni vyako, Ee Bwana, na utukufu na enzi na uzuri, kwa kuwa kila kilichoko mbinguni na duniani ni chako wewe. Ee Bwana, ufalme ni wako; umetukuzwa kuwa mkuu juu ya yote.
১১হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
12 Utajiri na heshima vyatoka kwako; wewe ndiwe utawalaye vitu vyote. Mikononi mwako kuna nguvu na uweza ili kuinua na kuwapa wote nguvu,
১২আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
13 Sasa, Mungu wetu, tunakushukuru na kulisifu Jina lako tukufu.
১৩সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।
14 “Lakini mimi ni nani, nao watu wangu ni nani, hata tuweze kukutolea kwa ukarimu namna hii? Vitu vyote vyatoka kwako, nasi tumekutolea tu vile vitokavyo mkononi mwako.
১৪কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।
15 Sisi ni wageni na wapitaji machoni pako, kama walivyokuwa baba zetu wote. Siku zetu duniani ni kama kivuli, bila tumaini.
১৫কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই।
16 Ee Bwana Mungu wetu, kwa wingi wote huu ambao tumekutolea kwa kujenga Hekalu kwa ajili ya Jina lako Takatifu, vimetoka mkononi mwako, navyo vyote ni mali yako.
১৬হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা।
17 Ninajua, Mungu wangu, kwamba wewe huujaribu moyo na unapendezwa na unyofu. Vitu hivi vyote nimetoa kwa hiari na kwa moyo mnyofu. Nami sasa nimeona kwa furaha jinsi watu wako walioko hapa kwa hiari yao walivyokutolea wewe.
১৭হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
18 Ee Bwana, Mungu wa baba zetu Abrahamu, Isaki na Israeli, weka shauku hii ndani ya mioyo ya watu wako daima na uifanye mioyo yao iwe na uaminifu kwako.
১৮আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম, ইচহাক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিবেশ কৰক।
19 Nawe umpe mwanangu Solomoni kujitolea kwako kwa moyo wote ili kuzishika amri zako, masharti yako, maagizo yako na kufanya kila kitu ili kujenga Hekalu hili la fahari ambalo kwa ajili yake nimetoa.”
১৯আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”
20 Ndipo Daudi akaliambia kusanyiko lote, “Mhimidini Bwana Mungu wenu.” Hivyo wote wakamhimidi Bwana, Mungu wa baba zao. Wakasujudu na kuanguka kifudifudi mbele za Bwana na mfalme.
২০দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে।
21 Siku ya pili yake wakamtolea Bwana dhabihu na sadaka za kuteketezwa: mafahali 1,000, kondoo dume 1,000 na wana-kondoo dume 1,000, pamoja na sadaka za kinywaji na sadaka nyingine nyingi sana kwa ajili ya Israeli.
২১তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।
22 Wakala na kunywa kwa furaha kubwa mbele za Bwana siku ile. Wakamtawaza Solomoni mwana wa Daudi mara ya pili kuwa mfalme, wakamtia mafuta kwa ajili ya Bwana ili awe mfalme na Sadoki kuwa kuhani.
২২সেই দিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন-পান কৰিলে। তেওঁলোকে দায়ূদৰ পুত্ৰ চলোমনক দ্বিতীয়বাৰ ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকর্তা হবলৈ তেওঁ অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হবলৈ চাদোককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে।
23 Solomoni akaketi kwenye kiti cha enzi cha Bwana kuwa mfalme mahali pa Daudi baba yake. Akafanikiwa sana na Israeli wote wakamtii.
২৩তাৰ পাছত চলোমন তেওঁৰ পিতৃ দায়ুদৰ পৰিৱৰ্তে ৰজাহৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য্য হ’ল, আৰু গোটেই ইস্ৰায়েলে তেওঁৰ আজ্ঞা মানিলে।
24 Maafisa wote na mashujaa, pamoja na wana wote wa Daudi, wakaahidi kumtii Mfalme Solomoni.
২৪সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল।
25 Bwana akamtukuza sana Solomoni mbele ya Israeli wote na kumvika fahari ya kifalme ambayo hakuna mfalme yeyote wa Israeli kabla yake aliwahi kuwa nayo.
২৫যিহোৱাই সকলো ইস্ৰায়েলৰ আগত চলোমনক সন্মান প্রদান কৰিলে আৰু যিহোৱাই তেওঁক যি ক্ষমতা দিলে, তেনে ক্ষমতা তেওঁৰ পূৰ্বে ইস্ৰায়েলৰ কোনো ৰজাক দিয়া নাছিল।
26 Daudi mwana wa Yese alikuwa mfalme wa Israeli yote.
২৬যিচয়ৰ পুত্ৰ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল।
27 Alitawala Israeli kwa miaka arobaini: huko Hebroni alitawala miaka saba, na katika Yerusalemu akatawala miaka thelathini na mitatu.
২৭তেওঁ চল্লিশ বছৰ ইস্রায়েলৰ ৰজা আছিল। তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ৱ কৰিছিল।
28 Daudi akafa akiwa mzee mwenye umri mwema, akiwa ameshiba siku, utajiri na heshima. Naye Solomoni mwanawe akawa mfalme baada yake.
২৮তেওঁ সম্পূৰ্ণ বয়স পায়, দীঘলীয়া জীৱন সা-সম্পতি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হ’ল।
29 Kuhusu matukio ya utawala wa Mfalme Daudi, kuanzia mwanzo hadi mwisho, yameandikwa katika kumbukumbu za mwonaji Samweli, na kumbukumbu za nabii Nathani na kumbukumbu za mwonaji Gadi,
২৯দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।
30 pamoja na habari zote za utawala wake, nguvu zake na matukio yaliyompata yeye, na Israeli, na falme za nchi nyingine zote.
৩০এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।