< 1 Nyakati 25 >

1 Daudi, pamoja na majemadari wa jeshi, wakawatenga baadhi ya wana wa Asafu, wana wa Hemani na wana wa Yeduthuni, kwa ajili ya huduma ya kutoa unabii, wakitumia vinubi, zeze na matoazi. Hii ndiyo orodha ya watu waliofanya huduma hii:
দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
2 Kutoka kwa wana wa Asafu walikuwa: Zakuri, Yosefu, Nethania na Asarela. Wana wa Asafu walikuwa chini ya usimamizi wa Asafu, ambaye alitoa unabii chini ya usimamizi wa mfalme.
আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।
3 Wana wa Yeduthuni walikuwa sita: Gedalia, Seri, Yeshaya, Shimei, Hashabia, na Matithia, nao walikuwa chini ya usimamizi wa baba yao Yeduthuni, wao walikuwa wakitoa unabii wakitumia vinubi, wakimshukuru na kumtukuza Bwana.
যিদূথূনৰ পুত্র সকলৰ পৰা: গদলিয়া, চৰী, যিচয়া, হচবিয়া, চিমিয়া, আৰু মত্তিথিয়া, এই ছয় জনে, তেওঁলোকৰ পিতৃ যিদুথূনৰ নিৰ্দেশ অনুযায়ী যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়।
4 Wana wa Hemani walikuwa: Bukia, Matania, Uzieli, Shebueli na Yeremothi, Hanania, Hanani, Eliatha, Gidalti na Romamti-Ezeri, Yoshbekasha, Malothi, Hothiri na Mahaziothi.
হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।
5 Wote hawa walikuwa wana wa Hemani mwonaji wa mfalme. Aliwapata wana hawa kutokana na ahadi ya Mungu ili kumwinua. Mungu alimpa Hemani wana kumi na wanne na binti watatu.
ৰজাৰ ভাববাদী হেমনৰ এওঁলোক পুত্র। ঈশ্বৰক শ্রদ্ধা কৰিবলৈ তেওঁক চৌদ্ধ জন পুত্র আৰু তিনি জনী ছোৱালী দান কৰিলে।
6 Hawa wanaume wote walikuwa chini ya usimamizi wa baba yao kwa ajili ya uimbaji katika Hekalu la Bwana wakitumia matoazi, zeze na vinubi, kwa ajili ya huduma katika nyumba ya Mungu. Asafu, Yeduthuni na Hemani walikuwa chini ya usimamizi wa mfalme.
তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদূথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।
7 Pamoja na ndugu zao wote walikuwa wamefundishwa na kuwa stadi wa uimbaji kwa Bwana. Idadi yao walikuwa 288.
তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল যিহোৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্রশিক্ষণ প্রাপ্ত আৰু নিপুণ আছিল তেওঁলোক সংখ্যাত দুশ আঠাশী জন আছিল।
8 Vijana kwa wazee, walimu kwa wanafunzi, wote walipanga kazi zao kwa kupiga kura.
তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।
9 Kura ya kwanza, ambayo ilikuwa kwa ajili ya Asafu, ilimwangukia Yosefu, wanawe na jamaa zake, 12 Ya pili ikamwangukia Gedalia, yeye na wanawe pamoja na jamaa zake, 12
এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে: প্ৰথম চিঠি খেলত যোচেফৰ পৰিয়ালৰ নাম উঠিল; দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত বাৰ জন;
10 Ya tatu ikamwangukia Zakuri, wanawe na jamaa zake, 12
১০তৃতীয় জক্কুৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় লোক সকল সংখ্যাত বাৰ জন;
11 ya nne ikamwangukia Isri, // wanawe na jamaa zake, 12
১১চতুৰ্থ যিখ্ৰীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
12 ya tano ikamwangukia Nethania, wanawe na jamaa zake, 12
১২পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
13 ya sita ikamwangukia Bukia, wanawe na jamaa zake, 12
১৩ষষ্ঠ বুক্কিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
14 ya saba ikamwangukia Yesarela, // wanawe na jamaa zake, 12
১৪সপ্তম যিচৰেলাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
15 ya nane ikamwangukia Yeshaya, wanawe na jamaa zake, 12
১৫অষ্টম যিচয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয়সকল সংখ্যাত বাৰ জন;
16 ya tisa ikamwangukia Matania, wanawe na jamaa zake, 12
১৬নৱম মত্তনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
17 ya kumi ikamwangukia Shimei, wanawe na jamaa zake, 12
১৭দশম চিমিয়ীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
18 ya kumi na moja ikamwangukia Azareli, // wanawe na jamaa zake, 12
১৮একাদশ অজৰেলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
19 ya kumi na mbili ikamwangukia Hashabia, wanawe na jamaa zake, 12
১৯দ্বাদশ হচবিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
20 ya kumi na tatu ikamwangukia Shubaeli, wanawe na jamaa zake, 12
২০ত্ৰয়োদশ চূবায়েলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্বন্ধীয় সকল সংখ্যাত বাৰ জন;
21 ya kumi na nne ikamwangukia Matithia, wanawe na jamaa zake, 12
২১চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
22 ya kumi na tano ikamwangukia Yeremothi, wanawe na jamaa zake, 12
২২পঞ্চদশ যিৰোমোতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
23 Ya kumi na sita ikamwangukia Hanania, wanawe na jamaa zake, 12
২৩ষোড়শ হননিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
24 ya kumi na saba ikamwangukia Yoshbekasha, wanawe na jamaa zake, 12
২৪সপ্তদশ যচবিকাচাৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
25 ya kumi na nane ikamwangukia Hanani, wanawe na jamaa zake, 12
২৫অষ্টাদশ হনানীৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
26 ya kumi na tisa ikamwangukia Malothi, wanawe na jamaa zake, 12
২৬ঊনবিংশ মল্লোথীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
27 ya ishirini ikamwangukia Eliatha, wanawe na jamaa zake, 12
২৭বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
28 ya ishirini na moja ikamwangukia Hothiri, wanawe na jamaa zake, 12
২৮একবিংশ হোথীৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
29 ya ishirini na mbili ikamwangukia Gidalti, wanawe na jamaa zake, 12
২৯দ্বাবিংশ গিদ্দলতীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
30 ya ishirini na tatu ikamwangukia Mahaziothi, wanawe na jamaa zake, 12
৩০ত্ৰয়োদশ মহজীয়াতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
31 ya ishirini na nne ikamwangukia Romamti-Ezeri, wanawe na jamaa zake, 12.
৩১চতুৰ্ব্বিংশ ৰোমমতী-এজৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

< 1 Nyakati 25 >