< 1 Nyakati 23 >

1 Daudi alipokuwa mzee aliyeshiba siku, akamfanya Solomoni mwanawe kuwa mfalme juu ya Israeli.
যেতিয়া দায়ূদে বৃদ্ধ হৈ জীৱনৰ শেষ অৱস্থাত পালে, তেতিয়া তেওঁ তেওঁৰ পুত্ৰ চলোমনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
2 Pia akawakusanya pamoja viongozi wote wa Israeli, pamoja na makuhani na Walawi.
তেওঁ পুৰোহিত আৰু লেবীয়া সকলৰ সৈতে ইস্ৰায়েলৰ সকলো প্রধান লোকসকলক এক গোট কৰিলে।
3 Walawi waliokuwa na umri wa miaka thelathini au zaidi walihesabiwa, nayo hesabu ya wanaume ilikuwa 38,000.
লেবীয়া সকলৰ ত্ৰিশ বছৰ আৰু তাৰ ওপৰৰ বয়সীয়া লোকসকলক গণনা কৰা হ’ল। তেওঁলোকৰ সংখ্যা আঠত্ৰিশ হাজাৰ আছিল।
4 Daudi akasema, “Miongoni mwa hawa, 24,000 watasimamia kazi ya Hekalu la Bwana na 6,000 watakuwa maafisa na waamuzi,
তেওঁলোকৰ মাজৰ চৌবিশ হাজাৰ লোকক যিহোৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ’ল আৰু ছয় হাজাৰ লোক কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তা আছিল।
5 na 4,000 watakuwa mabawabu, na wengine 4,000 watamsifu Bwana kwa ala za uimbaji nilizotoa kwa ajili ya kusudi hilo.”
চাৰি হাজাৰ দুৱৰী আছিল; আৰু চাৰি হাজাৰ লোক বাদ্যযন্ত্ৰৰ সৈতে যিহোৱাৰ প্রশংসা কৰিবৰ বাবে আছিল; এই বিষয়ে দায়ূদে কৈছিল, “এইবোৰ মই আৰাধনা বাবে সাজিছোঁ”।
6 Daudi akawagawa Walawi katika makundi kufuatana na wana wa Lawi: Gershoni, Kohathi na Merari.
দায়ূদে তেওঁলোকক লেবীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে: গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
7 Wana wa Wagershoni walikuwa wawili: Ladani na Shimei.
গেৰ্চোনীয়া সকলৰ বংশধৰ সকলৰ গোষ্ঠীৰ পৰা, তাত লদ্দন আৰু চিমিয়ীয়া আছিল।
8 Wana wa Ladani walikuwa watatu: Yehieli wa kwanza, Zethamu na Yoeli.
তাত লদ্দনৰ তিনি জন পুত্ৰ আছিল; যিহীয়েল মূখ্য লোক আছিল, তাৰ পাছত যেথম আৰু যোৱেল আছিল।
9 Wana wa Shimei walikuwa watatu: Shelomothi, Hazieli na Harani. Hawa watatu walikuwa viongozi wa jamaa za Ladani.
চিমিয়ীৰ তিনি জন পুত্ৰ আছিল: চলোমৎ, হজীয়েল আৰু হাৰণ; এওঁলোক লদ্দনৰ গোষ্ঠীৰ মূখ্য লোক আছিল।
10 Nao wana wa Shimei walikuwa wanne: Yahathi, Zina, Yeushi na Beria.
১০চিমিয়ীৰ চাৰি জন পুত্ৰ আছিল: যহৎ, জীনা, যিয়ূচ আৰু বৰীয়া।
11 Yahathi alikuwa wa kwanza na Ziza wa pili, lakini Yeushi na Beria hawakuwa na wana wengi; kwa hiyo walihesabiwa kama jamaa moja, wakapewa wajibu kwa pamoja.
১১তেওঁলোকৰ মাজত যহৎ ডাঙৰ আছিল, আৰু দ্বিতীয় জীজা, কিন্তু যিয়ূচ আৰু বৰীয়াৰ অধিক সন্তান নাছিল সেয়ে তেওঁলোক একে কামৰ বাবে একে গোষ্ঠীৰ বুলি বিবেচনা কৰা হৈছিল।
12 Wana wa Kohathi walikuwa wanne: Amramu, Ishari, Hebroni na Uzieli.
১২কহাতৰ চাৰি জন পুত্ৰ আছিল: অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
13 Wana wa Amramu walikuwa: Aroni na Mose. Aroni waliwekwa wakfu, yeye na wazao wake milele, wawe wakiweka wakfu vitu ambavyo ni vitakatifu mno, kutoa dhabihu mbele za Bwana, kuhudumu mbele zake na kutamka baraka katika Jina la Bwana milele.
১৩অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।
14 Wana wa Mose mtu wa Mungu walihesabiwa kama sehemu ya kabila la Lawi.
১৪কিন্তু ঈশ্বৰৰ লোক মোচিৰ পুত্র সকলক লেবীয়া বুলি বিবেচনা কৰিছিল।
15 Wana wa Mose walikuwa: Gershomu na Eliezeri.
১৫মোচিৰ পুত্ৰ গেৰ্চোম আৰু ইলিয়েজৰ।
16 Wazao wa Gershomu: Shebueli alikuwa wa kwanza.
১৬গেৰ্চোমৰ বংশধৰ চবূৱেল, ডাঙৰ আছিল।
17 Wazao wa Eliezeri: Rehabia alikuwa wa kwanza. Eliezeri alikuwa na mwana mmoja tu, lakini wana wa Rehabia walikuwa wengi sana.
১৭ইলিয়েজৰৰ বংশধৰ ৰহবিয়া আছিল। ইলিয়েজৰৰ আৰু পুত্ৰ নাছিল, কিন্তু ৰহবিয়াৰ বহুতো বংশধৰ আছিল।
18 Wana wa Ishari: Shelomithi alikuwa wa kwanza.
১৮যিচহৰৰ পুত্ৰ চলোমীৎ মুখ্য আছিল।
19 Wana wa Hebroni walikuwa: Yeria alikuwa wa kwanza, wa pili Amaria, wa tatu Yahazieli, na wa nne Yekameamu.
১৯হিব্ৰোণৰ বংশধৰ যিৰিয়া ডাঙৰ আছিল, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
20 Wana wa Uzieli walikuwa: Mika wa kwanza na Ishia wa pili.
২০উজ্জীয়েলৰ পুত্ৰ মীখা ডাঙৰ আছিল, আৰু দ্বিতীয় যিচিয়া।
21 Wana wa Merari walikuwa: Mahli na Mushi. Wana wa Mahli walikuwa: Eleazari na Kishi.
২১মৰাৰীৰ পুত্ৰ মহলী আৰু মুচী আছিল। মহলীৰ পুত্ৰ ইলীয়াজ আৰু কীচ।
22 Eleazari akafa bila ya kuwa na wana: alikuwa na binti tu. Binamu zao, wana wa Kishi, wakawaoa.
২২ইলীয়াজৰৰ পুত্ৰ নোহোৱাকৈয়ে মৃত্যু হয়, তেওঁৰ কেৱল কেইজনী মান জীয়েক আছিল। কীচৰ পুত্ৰসকলে তেওঁলোকক বিয়া কৰাইছিল।
23 Wana wa Mushi: Mahli, Ederi na Yeremothi; wote walikuwa watatu.
২৩মুচীৰ তিনি জন পুত্ৰ, মহলী, এদৰ, আৰু যিৰেমোৎ।
24 Hawa walikuwa wazao wa Lawi kwa jamaa zao. Wakuu wa jamaa kama walivyoandikwa kwa majina yao na kuhesabiwa kila mmoja, yaani, wenye uwezo wa kufanya kazi kuanzia miaka ishirini au zaidi, waliohudumu katika Hekalu la Bwana.
২৪এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।
25 Kwa maana Daudi alikuwa amesema, “Kwa vile Bwana, Mungu wa Israeli amewapa watu wake raha na amekuja kuishi Yerusalemu milele,
২৫কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।
26 Walawi hawahitaji tena kubeba Maskani wala chombo chochote cha utumishi wake.”
২৬লেবীয়াসকলে আবাস, আৰু তেওঁৰ পৰিচৰ্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰু কঢ়িয়াব লগা নহব।”
27 Kulingana na maagizo ya mwisho ya Daudi, Walawi waliohesabiwa ni wale wa kuanzia umri wa miaka ishirini au zaidi.
২৭কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।
28 Wajibu wa Walawi ulikuwa kuwasaidia wazao wa Aroni kuhudumu katika Hekalu la Bwana: Kuwa wasimamizi wa nyua, vyumba vya pembeni, kutakasa vyombo vitakatifu na utendaji mwingine wowote katika nyumba ya Mungu.
২৮তেওঁলোকে যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰোণৰ বংশধৰ সকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতাল কেইখন, কোঁঠালিবোৰ, সকলো পবিত্ৰ বস্তু শুচি কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল।
29 Walikuwa wasimamizi wa mikate iliyowekwa mezani, unga kwa ajili ya sadaka za nafaka, mikate isiyotiwa chachu, uokaji na uchanganyaji, pamoja na vipimo vyote vya wingi na ukubwa.
২৯তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।
30 Pia ulikuwa wajibu wao kila asubuhi kumshukuru na kumsifu Bwana. Iliwapasa pia kufanya hivyo jioni
৩০তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল।
31 na wakati wowote sadaka za kuteketezwa zilipotolewa kwa Bwana siku za Sabato na kwenye sikukuu za Mwezi Mwandamo na katika sikukuu nyingine zilizoamriwa. Iliwapasa kuhudumu mbele za Bwana mara kwa mara kwa idadi maalum na kwa namna waliyokuwa wamepewa maelekezo.
৩১আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।
32 Hivyo Walawi wakafanya wajibu wao katika Hema la Kukutania, katika Mahali Patakatifu chini ya uongozi wa ndugu zao wazao wa Aroni, kwa ajili ya utumishi katika Hekalu la Bwana.
৩২তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।

< 1 Nyakati 23 >