< 2 Reyes 25 >
1 Ahora, en el noveno año de su gobierno, el décimo día del décimo mes, Nabucodonosor, rey de Babilonia, se enfrentó a Jerusalén con todo su ejército y tomó su posición ante él, construyendo rampas en todo el pueblo.
১চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ, দশম মাহৰ দহ দিনৰ দিনা, বেবিলনৰ ৰজা নবূখদনেচৰে তেওঁৰ সকলো সৈন্যসামন্তক লৈ যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেওঁ নগৰৰ বিপৰীতে ছাউনি পাতি চাৰিওফালে নগৰ অৱৰোধৰ এটা ওখ দেৱাল নির্মাণ কৰিলে।
2 Y el pueblo fue cerrado por sus ejércitos hasta el año undécimo del rey Sedequías.
২এইদৰে চিদিকিয়াৰ ৰাজত্বৰ এঘাৰ বছৰলৈকে নগৰখন অৱৰোধ কৰি ৰাখিছিল।
3 Ahora, a los nueve días del cuarto mes hubo una hambruna, de modo que no había alimentos para la gente de la tierra.
৩সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ’ল যে, দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱে নাছিল।
4 Entonces se abrió una abertura en la muralla de la ciudad, y todos los hombres de guerra salieron huyendo por la noche a través de la puerta entre las dos paredes que estaba junto al jardín del rey; ahora los caldeos estaban estacionados alrededor de la ciudad y el rey se fue a la llanura.
৪পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল।
5 Pero el ejército caldeo fue tras el rey y lo alcanzó en las tierras bajas de Jericó, y todo su ejército huyó de él en todas direcciones.
৫কলদীয়া সৈন্য সকলে ৰজাৰ পাছত খেদি গৈ যিৰীহোৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথলত তেওঁক ধৰিলে; তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
6 Hicieron prisionero al rey y lo llevaron al rey de Babilonia en Ribla para ser juzgados.
৬তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে।
7 Y mataron a los hijos de Sedequías ante sus ojos, y luego le sacaron los ojos y, encadenado con cadenas de bronce, lo llevaron a Babilonia.
৭সৈন্যসকলে চিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্রসকলক বধ কৰিলে। তাৰ পাছত চিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ’ল।
8 Ahora, en el quinto mes, el séptimo día del mes, en el año diecinueve de Nabucodonosor, rey de Babilonia, Nabuzaradán, el capitán de los hombres armados, siervo del rey de Babilonia, llegó a Jerusalén;
৮বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।
9 E incendió el templo del Señor, la casa del rey y todas las casas de Jerusalén, y todas las grandes casas de los personajes notables;
৯তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।
10 Y los muros que rodean a Jerusalén fueron derribados por el ejército caldeo que estaba con el capitán.
১০দেহৰক্ষীৰ অধিনায়ক জনৰ অধীনত সকলো বেবিলনীয় সৈন্যদলে যিৰূচালেমৰ চাৰিওফালৰ দেৱাল ভাঙি পেলালে।
11 Y el resto de la gente que todavía estaba en la ciudad, y todos los que se habían entregado al rey de Babilonia, y todos los demás trabajadores, Nabuzaradán, el capitán de los hombres armados, los tomaron como prisioneros;
১১নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল।
12 Pero dejó que los más pobres de la tierra siguieran viviendo allí, para cuidar las viñas y los campos.
১২কিন্তু দ্ৰাক্ষাবাৰী চোৱা-চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ’ল।
13 Las columnas de bronce de la casa del Señor, y las bases con ruedas, y el gran recipiente de agua de bronce de la casa del Señor, fueron destruidos por los caldeos, que llevaron el bronce a Babilonia.
১৩কলদীয়াসকলে যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্র থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ-পাত্ৰটো ডোখৰ ডোখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ’ল।
14 Y las ollas y las espadas y las tijeras para las luces y las cucharas, y todos los vasos de bronce usados en la casa del Señor, se los llevaron.
১৪তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।
15 Y los braseros y tazones; El oro de los recipientes de oro y la plata de los recipientes de plata fueron retirados por el capitán de los hombres armados.
১৫ছাঁই আঁতৰোৱাৰ পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্রবোৰ আৰু আঙঠা ধৰা, তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰৰ ৰূপ, ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ’ল।
16 Los dos pilares, la gran vasija de agua y las bases con ruedas, que Salomón había hecho para la casa del Señor: el bronce de todas estas vasijas no se pudo calcular el peso.
১৬যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল।
17 Uno de los pilares tenía dieciocho codos de alto, con una corona de bronce en él; la corona tenía tres codos de alto, rodeada con una red y granadas de bronce; Y el segundo pilar era semejante.
১৭এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে অাছিল।
18 Entonces el capitán de los hombres armados tomó a Seraías, el principal sacerdote, y a Sofonías, el segundo sacerdote, y los tres guardianes de las puertas;
১৮ইহুদীসকলৰ প্রধান পুৰোহিত চৰায়া, দ্বিতীয় পুৰোহিত চফনিয়া আৰু তিনিজন দুৱাৰ-ৰক্ষকক দেহৰক্ষীৰ অধিনায়কে বন্দী কৰি লৈ গ’ল।
19 Del pueblo tomó al oficial que estaba sobre los hombres de guerra, y a cinco de los amigos cercanos del rey que estaban en la ciudad, y al escriba del capitán del ejército, que era responsable de reclutar en orden militar, y sesenta hombres notables de la tierra que estaban en la ciudad.
১৯সেই নগৰৰ পৰা তেওঁ যোদ্ধাসকলৰ ওপৰত নিযুক্ত এজন কৰ্মচাৰীক আৰু তেতিয়াও নগৰতে থকা ৰজাৰ পাচঁজন পৰামর্শদাতাক বন্দী কৰি নিলে। তাৰোপৰি সৈন্যদলত নিযুক্ত কৰাৰ বিশেষ দায়িত্বত থকা ৰজাৰ সেনাধ্যক্ষজনৰ সৈতে নগৰত থকা দেশৰ ষাঠিজন গণ্যমান্য ব্যক্তিকো ধৰি নিলে।
20 Este Nabuzaradán, el capitán de los hombres armados, llevó consigo al rey de Babilonia en Ribla.
২০দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে তেওঁলোকক ৰিব্লাত থকা বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ গ’ল।
21 Y el rey de Babilonia los mató en Ribla, en la tierra de Hamat. Y a Judá lo sacaron prisionero de su tierra.
২১বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।
22 En cuanto a las personas que todavía vivían en la tierra de Judá, a quien Nabucodonosor, rey de Babilonia, no se llevó, hizo que Gedalías, hijo de Ajicam, hijo de Safán, gobernara sobre ellos.
২২বেবিলনৰ ৰজা নবূখদনেচৰে যি সকল লোকক যিহূদা দেশত এৰি থৈ গৈছিল, তেওঁলোকৰ ওপৰত নবুজাৰদানে চাফনৰ নাতি অহীকামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিলে।
23 Ahora, los capitanes de las fuerzas armadas, al oír que el rey de Babilonia había hecho gobernar a Gedalías, fueron con sus hombres a Gedalías en Mizpa; Ismael, el hijo de Nethaniah, y Johanan, el hijo de Kareah, y Seraiah, el hijo de Tanhumeth el Netophathite, y Jaazaniah, el hijo de Maacathite, vinieron con todos sus hombres.
২৩পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিছে বুলি যিহূদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইশ্মায়েল, কাৰেহৰ পুত্ৰ যোহানন, নটোফাতীয়া তনহূমতৰ পুত্ৰ চৰায়া, মাখাথীয়াৰ পুত্ৰ যাজনিয়া আৰু তেওঁলোকৰ লোকসকল মিস্পাত গদলিয়াৰ ওচৰলৈ আহিল।
24 Entonces Gedalías juró a ellos y a sus hombres, diciendo: No temas de los siervos de los caldeos; Sigue viviendo en la tierra bajo el gobierno del rey de Babilonia, y todo estará bien.
২৪গদলিয়াই তেওঁলোকক আৰু তেওঁলোকৰ লোকসকলৰ ওচৰত শপত খাই ক’লে, “আপোনালোকে কলদীয়া অধিকাৰীসকললৈ ভয় নকৰিব; আপোনালোকে দেশত বাস কৰি বেবিলনৰ ৰজাৰ বশ্যতা স্বীকাৰ কৰক, তাতে আপোনালোকৰ ভাল হ’ব।”
25 Pero en el séptimo mes, Ismael, hijo de Netanías, hijo de Elisama, de la simiente del rey, vino con diez hombres e hizo un ataque a Gedalías, causando su muerte y la muerte de los judíos y Caldeos que estaban con él en Mizpa.
২৫কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল।
26 Entonces todo el pueblo, pequeño y grande, y los capitanes de las fuerzas, se levantaron y se fueron a Egipto, por temor a los caldeos.
২৬সেয়ে বেবিলনীয়াসকলৰ ভয়ত যিহূদাৰ সৰুৰ পৰা বৰলৈকে সকলো আৰু সেনাধ্যক্ষসকল মিচৰলৈ গুছি গ’ল।
27 Y en el año treinta y siete después de que Joaquín, rey de Judá, fuera tomado prisionero, en el mes doce, el día veintisiete del mes, Evil-merodac, rey de Babilonia, en el primer año de su gobierno, tomó a Joaquín, rey de Judá, de la cárcel;
২৭পৰৱর্তী সময়ত যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰত বেবিলনৰ ৰজা ইবীল-মৰোদকে ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁ বাৰ মাহৰ সাতাইশ দিনৰ দিনা যিহোৱাখীনক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে।
28 Y le dijo palabras amables, y puso su asiento más alto que los asientos de los otros reyes que estaban con él en Babilonia.
২৮তেওঁ যিহোৱাখীনৰ লগত ভালভাৱে কথা ক’লে আৰু তেওঁৰ লগত বেবিলনত থকা আন আন ৰজাসকলতকৈ তেওঁক অধিক সন্মানীয় আসন দিলে।
29 Se cambió la vestimenta de la prisión, y él fue invitado a la mesa del rey todos los días por el resto de su vida.
২৯ইবীল-মৰোদকে যিহোৱাখীনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু যিহোৱাখীনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা-বোৱা কৰি কটালে।
30 Y para su comida, el rey le dio una cantidad regular todos los días por el resto de su vida.
৩০জীৱিত কাললৈকে প্রতিদিনৰ কাৰণে ৰজাই তেওঁক এক খাদ্য খৰছ প্রদান কৰিছিল।