< 2 Crónicas 3 >
1 Entonces Salomón comenzó la construcción de la casa del Señor en el monte Moriah en Jerusalén, donde su padre David había visto al Señor, en el lugar que David había preparado para ello, donde trillaba el grano Ornán, el Jebuseo.
১তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে।
2 El edificio se inició en el segundo mes del cuarto año de su gobierno.
২তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনা তেওঁ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
3 Y Salomón puso la base de la casa de Dios en posición; según la medida anterior, tenía sesenta codos de largo y veinte codos de ancho.
৩চলোমনে ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ যি ভিত্তিমূল স্থাপন কৰিলে, তাৰ জোখ এই - পূৰ্বকালৰ হাতৰ জোখেৰে তাৰ দীৰ্ঘ আছিল ষাঠি হাত আৰু বহলে বিশ হাত আছিল।
4 Y el pórtico frente a la casa tenía veinte codos de largo, tan ancho como la casa, y ciento veinte codos de altura, todos revestidos con el mejor oro.
৪আৰু গৃহৰ বহল আনুসাৰে গৃহৰ সন্মুখৰ বাৰাণ্ডা বিশ হাত দীঘল আছিল৷ ইয়াৰ উচ্চতাও বিশ হাত ওখ আছিল আৰু চলোমনে তাৰ ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে।
5 Y la casa mayor estaba cubierta con madera de ciprés, revestida con el mejor oro y adornada con diseños de palmeras y cadenas.
৫তেওঁ বৰ গৃহৰ দেৱালত দেবদাৰু কাঠ লগালে আৰু তেওঁ তাত উত্তম সোণৰ পতা মাৰিলে আৰু তাত খাজুৰ গছ আৰু শিকলিৰ আকৃতি কৰি দিলে।
6 Y la casa se hizo hermosa con piedras de gran valor, y el oro era de Parvaim.
৬আৰু তেওঁ শুভনীয় কৰিবলৈ গৃহটি মূল্যৱান পাথৰেৰে বিভূষিত কৰিলে; সেই সোণ পৰ্বয়িমৰ সোণ আছিল।
7 Toda la casa estaba chapada en oro, los soportes, los escalones, las paredes y las puertas; y las paredes estaban adornadas con querubines.
৭তেওঁ গৃহৰ চতিত, দুৱাৰ-ডলিত, দেৱালত আৰু দুৱাৰত সোণৰ পতা মাৰিলে আৰু দেৱালত কৰূবৰ আকৃতি কাটিলে।
8 E hizo el Lugar Santísimo; tenía veinte codos de largo y veinte codos de ancho, como la casa más grande, y estaba revestido por todas partes con el mejor oro; Se usaron seiscientos talentos para ello.
৮আৰু তেওঁ অতি পবিত্ৰ গৃহ নিৰ্ম্মাণ কৰিলে৷ সেই গৃহৰ দীঘ বহল অনুসাৰে বিশ হাত আৰু বহল বিশ হাত৷ তেওঁ তাতে ছশ কিক্কৰ উত্তম সোণ লগালে।
9 Y se usaron cincuenta siclos de oro para los clavos. Tenía todas las habitaciones altas chapadas en oro.
৯গজালৰ সোণৰ জোখ পঞ্চাশ চেকল। তেওঁ ওপৰৰ কোঁঠালিবোৰতো সোণ লগালে।
10 Y en el Lugar Santísimo mandó esculpir dos querubines, cubriéndolos de oro.
১০সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে।
11 Sus alas extendidas tenían veinte codos de ancho; Un ala, de cinco codos de largo, tocando la pared de la casa, y la otra, del mismo tamaño, que se encuentra con el ala del otro querubín.
১১সেই কৰূব দুটাৰ ডেউকা বিশ হাত দীঘল; সেয়ে গৃহৰ দেৱাল ঢুকি পোৱাকৈ এটাৰ এখন ডেউকা পাঁচ হাত দীঘল; সেয়ে দ্বিতীয় কৰূবৰ ডেউকা ঢুকি পোৱাকৈ আনখনো পাঁচ হাত দীঘল।
12 Y de la misma manera, las alas de la otra, de cinco codos de largo, se estiraron, una tocando la pared y la otra encontrándose con el ala del primer querubín.
১২গৃহৰ দেৱাল ঢুকি পোৱাকৈ আন কৰূবৰো এখন ডেউকা পাঁচ হাত দীঘল; আৰু সেয়ে আনটো কৰূবৰ ডেউকাত লাগি থকাকৈ আন খনো পাঁচ হাত দীঘল।
13 Sus alas extendidas tenían veinte codos de ancho; se colocaron en posición vertical sobre sus pies, frente a la parte interior de la casa.
১৩সেই কৰূব কেইটা ডেউকা মেলিলে বিশ হাত ঠাই জুৰে৷ সেই দুটাই গৃহৰ ফাললৈ মুখ কৰি ভৰিত ভৰ দি থিয় হৈ আছিল।
14 E hizo el velo de azul, púrpura y rojo, del mejor lino, con bordados de querubines.
১৪তেওঁ নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া সূতা ও মিহি শণ সূতাৰে প্ৰভেদক বস্ত্ৰখন যুগুত কৰিলে আৰু তাত কৰূবৰ আকৃতি তুলি দিলে।
15 Y delante de la casa hizo dos pilares, treinta y cinco codos de alto, con coronas en la parte superior de ellos, cinco codos de alto.
১৫আৰু তেওঁ গৃহৰ সন্মুখত পঁয়ত্ৰিশ হাত ওখ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে; এটা এটা স্তম্ভৰ মুৰৰ মাথলা পাঁচ হাতকৈ আছিল।
16 E hizo cadenas, como adornos para las columnas, y las puso en la parte superior de los pilares, y un centenar de granadas en las cadenas.
১৬আৰু তেওঁ শিকলি বনাই স্তম্ভৰ চাৰিওফালৰ মুৰত লগাই দিলে, আৰু এশ ডালিমো বনাই সেই শিকলিত লগাই দিলে।
17 Puso los pilares frente al Templo, uno en el lado derecho y otro en el izquierdo, nombrando el de Jaquin a la derecha y el de Boaz a la izquierda.
১৭সেই দুটা স্তম্ভ তেওঁ মন্দিৰৰ আগত সোঁফালে এটা আৰু বাওঁফালে এটা স্থাপন কৰিলে; সোঁ ফালৰটোৰ নাম যাখীন আৰু বাওঁ ফালৰটোৰ নাম বোৱাজ ৰাখিলে।