< 1 Crónicas 27 >
1 Ahora el número de los hijos de Israel, es decir, los jefes de familia, y los capitanes de miles y cientos, y los hombres en autoridad que eran siervos del rey en todo lo relacionado con las divisiones que servían por turnos, mes tras mes durante todos los meses del año, en cada división había veinticuatro mil.
১সংখ্যা অনুসাৰে ইস্ৰায়েলৰ পৰিয়ালৰ মূখ্য লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, তাৰ উপৰিও সৈন্যৰ কৰ্মচাৰীসকল, যিসকলে বিভিন্ন ধৰণে ৰজাৰ পৰিচৰ্যা কৰিছিল। সৈন্যৰ প্রতি বিভাগসমূহে গোটেই বছৰ মাহৰ পাছত মাহ পৰিচৰ্যা কৰিছিল। প্রতি বিভাগত চৌবিশ হাজাৰ লোক আছিল।
2 Durante la primera división durante el primer mes estuvo Jasobeam, el hijo de Zabdiel; y en su división fueron veinticuatro mil.
২বিভাগৰ দ্বয়ীত্বত প্ৰথম মাহৰ বাবে জব্দীয়েলৰ পুত্ৰ যাচবিয়াম আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
3 Era de los hijos de Fares, y el jefe de todos los capitanes del ejército durante el primer mes.
৩তেওঁ পেৰচৰ বংশধৰসকলৰ মাজৰ এজন আৰু তেওঁ প্ৰথম মাহৰ সকলো সৈন্যৰ বিষয়াসকলৰ দ্বয়ীত্বত আছিল।
4 Y durante la división del segundo mes, Dodai el ahohíta, él jefe era Miclot; y en su división fueron veinticuatro mil.
৪দ্বিতীয় মাহৰ বিভাগৰ দ্বায়ীত্বত অহোহীয়াৰ বংশৰ গোষ্ঠীৰ দোদয়া আছিল। মিক্লোত দ্ৱিতীয় পদবীত আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
5 El tercer capitán del ejército durante el tercer mes fue Benaía, el hijo del sacerdote Joiada; y en su división fueron veinticuatro mil.
৫যিহোয়াদা পুৰোহিতৰ পুত্ৰ বনায়া তৃতীয় মাহৰ কাৰণে সৈন্যৰ সেনাপতি আছিল। এই বিভাগত চৌবিশ হাজাৰ লোক আছিল।
6 Este Benaía fue el gran hombre, que estaba sobre los treinta; y sobre la división estaba Amisadab su hijo.
৬এই জনেই সেই বনায়া যি জন ত্ৰিশ জনৰ আৰু ত্রিশ জনৰ ওপৰত নেতা আছিল। তেওঁৰ পুত্র অম্মিযাবদ তেওঁৰ বিভাগত আছিল।
7 El cuarto capitán del cuarto mes fue Asael, el hermano de Joab, y Zebadías su hijo después de él; y en su división fueron veinticuatro mil.
৭যোৱাবৰ ভায়েক অচাহেল চতুৰ্থ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ পুত্ৰ জবদিয়া তেওঁৰ পাছত সেনাপতি হ’ল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
8 El quinto capitán del quinto mes fue Samhut el Izraita; y en su división fueron veinticuatro mil.
৮যিজ্ৰাহীয়াৰ বংশধৰৰ চমহুৎ পঞ্চম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
9 El sexto capitán del sexto mes fue Ira, el hijo de Iques, de Tecoa; y en su división fueron veinticuatro mil.
৯তকোৱায়ীয়া পৰা হোৱা ইক্কেচৰ পুত্ৰ ঈৰা ষষ্ঠ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
10 El séptimo capitán del séptimo mes fue Heles el paltita, de los hijos de Efraín; y en su división fueron veinticuatro mil.
১০ইফ্ৰয়িমৰ লোকসকলৰ পৰা পলোনীয়া হেলচ সপ্তম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
11 El octavo capitán por octavo mes fue Sibecai él de Husa, de los de Zera; y en su división fueron veinticuatro mil.
১১জেৰহৰ বংশৰ গোষ্ঠীৰ পৰা হূচাতীয়া চিব্বকয় অষ্টম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
12 El noveno capitán del noveno mes fue Abiezer de Anatot, de los Benjamitas; y en su división fueron veinticuatro mil.
১২বিন্যামীনৰ জাতিৰ পৰা অনাথোতীয়া অবীয়েজৰ নৱম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
13 El décimo capitán para el décimo mes fue Maharai de Netofa, de los de Zera; y en su división fueron veinticuatro mil.
১৩জেৰহৰ বংশৰ গোষ্ঠীৰ নটোফাতীয়া নগৰৰ পৰা মহৰয় দশম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
14 El undécimo capitán para el mes undécimo fue Benaía el de Piraton, de los hijos de Efraín; y en su división fueron veinticuatro mil.
১৪ইফ্ৰয়িমৰ জাতিৰ পৰা পিৰাথোনীয়া নগৰৰ বনায়া একাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
15 El duodécimo capitán del duodécimo mes fue Heldai él de Netofa, de Otoniel; y en su división fueron veinticuatro mil.
১৫অৎনীয়েলৰ বংশৰ গোষ্ঠীৰ পৰা নটোফাতীয়া নগৰৰ হিলদয় দ্বাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
16 Y sobre las tribus de Israel: los jefes de la tribu de Reuben era Eliezer, el hijo de Zicri; de la de Simeón, Sefatías, hijo de Maaca;
১৬এওঁলোকেই ইস্ৰায়েল জাতিৰ নেতাসকল: ৰূবেণীয়া জাতিৰ বাবে জিখ্ৰীৰ পুত্ৰ ইলীয়েজৰ নেতা আছিল। চিমিয়োনীয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফটিয়া নেতা আছিল।
17 De Leví, Hasabías, hijo de Kemuel; de Aarón, Sadoc;
১৭লেবীয়া জাতিৰ বাবে কমূৱেলৰ পুত্ৰ হচবিয়া নেতা আছিল। আৰু হাৰোণৰ বংশধৰসকলক চাদোকে নেতৃত্ব দিছিল।
18 De Judá, Eliú, uno de los hermanos de David; de Isacar, Omri, el hijo de Micael;
১৮যিহূদা জাতিৰ বাবে ইলীহূ নেতা আছিল। তেওঁ দায়ূদৰ ভায়েকসকলৰ মাজৰ এজন।
19 De Zabulón, Ismaías, hijo de Abdías; de Neftalí, Jerimot, hijo de Azriel;
১৯জবূলূন জাতিৰ বাবে ওবদিয়াৰ পুত্ৰ যিচময়া নেতা আছিল। নপ্তালীৰ বাবে অজ্ৰীয়েলৰ পুত্ৰ যিৰীমোৎ নেতা আছিল।
20 De los hijos de Efraín, Oseas, hijo de Azazías; de la media tribu de Manasés, Joel, hijo de Pedaías;
২০ইফ্ৰয়িম জাতিৰ বাবে অজজিয়াৰ পুত্ৰ হোচেয়া নেতা আছিল। মনচিৰ আধা জাতিৰ বাবে পদায়াৰ পুত্ৰ যোৱেল নেতা আছিল।
21 De la media tribu de Manasés en Galaad, Iddo, hijo de Zacarías; de Benjamín, Jaasiel, el hijo de Abner;
২১গিলিয়দত থকা মনচিৰ আধা জাতিৰ বাবে জখৰিয়াৰ পুত্ৰ যিদ্দো নেতা আছিল। বিন্যামীনৰ জাতিৰ বাবে অবনেৰৰ পুত্ৰ যাচীয়েল নেতা আছিল।
22 De Dan, Azareel, el hijo de Jeroham. Estos fueron los jefes de las tribus de Israel.
২২দানৰ জাতিৰ বাবে যিৰোহমৰ পুত্ৰ অজৰেল নেতা আছিল। ইস্ৰায়েল জাতিৰ বাবে এওঁলোকেই নেতা আছিল।
23 Pero David no tomó el número de los que tenían menos de veinte años, porque el Señor había dicho que haría a Israel como las estrellas del cielo en número.
২৩দায়ূদে বিশ বছৰ বা তাতকৈ ক’ম বয়সৰ লোকসকলক গণনা কৰা নাছিল, কাৰণ যিহোৱাই ইস্ৰায়েলক আকাশৰ তৰাবোৰৰ নিচিনা অসংখ্য কৰিবলৈ প্রতিজ্ঞা কৰিছিল।
24 La numeración fue iniciada por Joab, hijo de Sarvia, pero no continuó hasta el final; y debido a ello, la ira vino sobre Israel y el número no fue registrado en la historia del rey David.
২৪চৰূয়াৰ পুত্ৰ যোৱাবে গণনা কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শেষ নকৰিলে। এই কাৰণে ইস্ৰায়েলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। তেওঁলোকৰ সংখ্যা দায়ুদ ৰজাৰ বংশাৱলীত লিখা নহ’ল।
25 Y Azmavet, el hijo de Adiel, era el tesorero de la propiedad del rey; Jonatán, el hijo de Uzías, tenía el control de todos los almacenes en los lugares del campo y en las ciudades y pueblos pequeños y lugares fuertes;
২৫অদীয়েলৰ পুত্ৰ অজমাবৎ ৰজাৰ মূল্যৱান সম্পদৰ দ্বয়ীত্বত আছিল। উজ্জিয়াৰ পুত্ৰ যোনাথন খেতি-পথাৰত, নগৰবোৰত, গাওঁসমূহত, আৰু দুৰ্গবোৰত থকা গুদামৰ দ্বয়ীত্বত আছিল।
26 Ezri, el hijo de Quelub, tenía autoridad sobre los trabajadores de campo y los agricultores;
২৬কলূবৰ পুত্ৰ ইজ্ৰী মাটি চহোৱা খেতিয়ক সকলৰ ওপৰত আছিল।
27 Simei, de Ramat era responsable de los jardines de viñedos; y Zabdi de Sefam era responsable de los productos de los viñedos y de todas las tiendas de vino;
২৭ৰামাথীয়া চিমিয়ী দ্ৰাক্ষাবাৰীবোৰৰ দ্বয়ীত্বত আছিল। চিফমীয়াৰ পৰা অহা জব্দী আঙুৰৰ আৰু দ্ৰাক্ষাৰস বিক্রী কৰোঁতা সকলৰ ওপৰত দ্বয়ীত্বত আছিল।
28 Baal-hanan, de Gedera, era responsable de los olivos y los sicomoros en las tierras bajas; y Joás para los almacenes de aceite;
২৮নিম্ন-ভূমিত থকা জিত গছ আৰু ডিমৰু গছবোৰ, গদেৰীয়াৰ পৰা অহা বাল-হাননৰ দ্বয়ীত্বত আছিল আৰু তেলৰ গুদামৰ দ্বয়ীত্বত যোৱাচ আছিল।
29 Y Sitrai, de Saron era responsable de los rebaños en las tierras de pastoreo de Saron, y de Safat, el hijo de Adlai, por los que estaban en los valles;
২৯চাগোণৰ পৰা অহা চিত্রয় চাৰোণত চৰা জন্তুৰ জাকবোৰৰ দায়িত্বত আছিল। উপত্যকাবোৰত চৰা জন্তুৰ জাকবোৰৰ দ্বয়ীত্বত অদলয়ৰ পুত্ৰ চাফট আছিল।
30 Obil el ismaelita tenía el control de los camellos y Jehdeia, de Meronot de los asnos;
৩০উটবোৰৰ দ্বয়ীত্বত ইশ্মায়েলীয়া অবীল আছিল, আৰু গাধীবোৰৰ দ্বায়ীত্বত মেৰোনোথীয়া যেহদিয়া আছিল।
31 Los rebaños estaban al cuidado de Jaziz, él agareno. Todos estos eran los administradores de la propiedad del rey David.
৩১এওঁলোক দায়ুদ ৰজাৰ সম্পতিৰ দ্বয়ীত্বত আছিল।
32 Ahora Jonatán, hermano del padre de David, era consejero, y un hombre sensato, era un escriba; y Jehiel hijo de Hacmoni, cuidaba a los hijos del rey.
৩২দায়ূদৰ দদায়েক যোনাথন, তেওঁ এজন পৰামৰ্শদাতা আছিল, যিহেতু তেওঁ এজন জ্ঞানী আৰু নথি সংৰক্ষক আছিল। হকমোনীৰ পুত্ৰ যিহীয়েল ৰজাৰ পুত্রসকলৰ তত্বৱধানৰ দ্বায়ীত্বত আছিল।
33 Y Ahitofel era el consejero del rey y Husai el Arquita era el hombre de confianza del rey.
৩৩অহীথোফল ৰজাৰ পৰামৰ্শদাতা আছিল, অৰ্কীয়া লোকসকলৰ মাজৰ হূচয় ৰজাৰ ব্যক্তিগত পৰামৰ্শদাতা আছিল।
34 Después de Ahitofel fue Joiada, el hijo de Benaía y Abiatar; y el capitán del ejército del rey fue Joab.
৩৪অহীথোফলৰ পাছত বনায়াৰ পুত্ৰ যিহোয়াদা অবিয়াথৰ যোগেদি তেওঁৰ স্থান লয়। যোৱাব ৰজাৰ সৈন্যসকলৰ সেনাপতি আছিল।