< Rut 1 >
1 Y ACONTECIÓ en los días que gobernaban los jueces, que hubo hambre en la tierra. Y un varón de Beth-lehem de Judá, fué á peregrinar en los campos de Moab, él y su mujer, y dos hijos suyos.
১বিচাৰকৰ্ত্তা সকলে শাসন কৰা সময়ত, দেশত এবাৰ আকাল হৈছিল৷ সেয়ে যিহূদাৰ বৈৎলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল।
2 El nombre de aquel varón era Elimelech, y el de su mujer Noemi; y los nombres de sus dos hijos eran, Mahalón y Chelión, Ephrateos de Beth-lehem de Judá. Llegaron pues á los campos de Moab, y asentaron allí.
২সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে।
3 Y murió Elimelech, marido de Noemi, y quedó ella con sus dos hijos;
৩পাছত নয়মীৰ স্বামী ইলীমেলকৰ মৃত্যু হ’ল আৰু তেওঁ পুত্র দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল’লে।
4 Los cuales tomaron para sí mujeres de Moab, el nombre de la una Orpha, y el nombre de la otra Ruth; y habitaron allí unos diez años.
৪তেওঁৰ পুত্র দুজনে তাতে দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰালে; তাৰে এজনীৰ নাম অর্পা আৰু আন এজনীৰ নাম ৰূথ। তেওঁলোকে সেই ঠাইত প্ৰায় দহ বছৰ বসবাস কৰি থাকিল।
5 Y murieron también los dos, Mahalón y Chelión, quedando así la mujer [desamparada] de sus dos hijos y de su marido.
৫তাৰ পাছত মহলোন আৰু কিলিয়োন নামৰ এই পুত্র দুজনৰো মৃত্যু হ’ল; নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ’ল।
6 Entonces se levantó con sus nueras, y volvióse de los campos de Moab: porque oyó en el campo de Moab que Jehová había visitado á su pueblo para darles pan.
৬পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়।
7 Salió pues del lugar donde había estado, y con ella sus dos nueras, y comenzaron á caminar para volverse á la tierra de Judá.
৭সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহূদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল’লে৷
8 Y Noemi dijo á sus dos nueras: Andad, volveos cada una á la casa de su madre: Jehová haga con vosotras misericordia, como la habéis hecho con los muertos y conmigo.
৮সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, “তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক।
9 Déos Jehová que halléis descanso, cada una en casa de su marido: besólas luego, y ellas lloraron á voz en grito.
৯তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে।
10 Y dijéronle: Ciertamente nosotras volveremos contigo á tu pueblo.
১০আৰু তেওঁক তেওঁলোকে ক’লে, “নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।”
11 Y Noemi respondió: Volveos, hijas mías: ¿para qué habéis de ir conmigo? ¿tengo yo más hijos en el vientre, que puedan ser vuestros maridos?
১১তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম?
12 Volveos, hijas mías, é idos; que yo ya soy vieja para ser para varón. Y aunque dijese: Esperanza tengo; y esta noche fuese con varón, y aun pariese hijos;
১২হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ,
13 ¿Habíais vosotras de esperarlos hasta que fuesen grandes? ¿habías vosotras de quedaros sin casar por amor de ellos? No, hijas mías; que mayor amargura tengo yo que vosotras, pues la mano de Jehová ha salido contra mí.
১৩তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।”
14 Mas ellas alzando otra vez su voz, lloraron: y Orpha besó á su suegra, mas Ruth se quedó con ella.
১৪তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।
15 Y [Noemi] dijo: He aquí tu cuñada se ha vuelto á su pueblo y á sus dioses; vuélvete tú tras ella.
১৫তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”
16 Y Ruth respondió: No me ruegues que te deje, y me aparte de ti: porque donde quiera que tú fueres, iré yo; y donde quiera que vivieres, viviré. Tu pueblo será mi pueblo, y tu Dios mi Dios.
১৬কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷
17 Donde tú murieres, moriré yo, y allí seré sepultada: así me haga Jehová, y así me dé, que sólo la muerte hará separación entre mí y ti.
১৭আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।”
18 Y viendo [Noemi] que estaba tan resuelta á ir con ella, dejó de hablarle.
১৮যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।
19 Anduvieron pues ellas dos hasta que llegaron á Beth-lehem: y aconteció que entrando en Beth-lehem, toda la ciudad se conmovió por razón de ellas, y decían: ¿No es ésta Noemi?
১৯পাছত তেওঁলোক দুয়ো বৈৎলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈৎলেহেম নগৰ পোৱাৰ পাছত, তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল, আৰু মহিলাসকলে আহি সুধিলে, “এৱেঁই নয়মী নহয় নে?”
20 Y ella les respondía: No me llaméis Noemi, sino llamadme Mara: porque en grande amargura me ha puesto el Todopoderoso.
২০তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।
21 Yo me fuí llena, mas vacía me ha vuelto Jehová. ¿Por qué me llamaréis Noemi, ya que Jehová ha dado testimonio contra mí, y el Todopoderoso me ha afligido?
২১মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”
22 Así volvió Noemi y Ruth Moabita su nuera con ella; volvió de los campos de Moab, y llegaron á Beth-lehem en el principio de la siega de las cebadas.
২২এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।