< Números 3 >

1 Y ESTAS son las generaciones de Aarón y de Moisés, desde que Jehová habló á Moisés en el monte de Sinaí.
যি কালত যিহোৱাই চীনয় পৰ্বতত মোচিক কথা কৈছিল, সেই সময়ৰ হাৰোণ আৰু মোচিৰ বংশৰ জীৱনি এয়ে।
2 Y estos son los nombres de los hijos de Aarón: Nadab el primogénito, y Abiú, Eleazar, é Ithamar.
হাৰোণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
3 Estos son los nombres de los hijos de Aarón, sacerdotes ungidos; cuyas manos él hinchió para administrar el sacerdocio.
পুৰোহিতৰ কৰ্ম কৰিবলৈ যিসকলক তেওঁ নিযুক্ত কৰিছিল, সেই অভিষিক্ত পুৰোহিত হাৰোণৰ পুত্ৰসকলৰ নাম এয়ে।
4 Mas Nadab y Abiú murieron delante de Jehová, cuando ofrecieron fuego extraño delante de Jehová, en el desierto de Sinaí: y no tuvieron hijos: y Eleazar é Ithamar ejercieron el sacerdocio delante de Aarón su padre.
কিন্তু নাদব আৰু অবীহূৱে চীনয় পৰ্ব্বতৰ মৰুপ্রান্তত যিহোৱাৰ আগলৈ অগ্রহণীয় সাধাৰণ জুই নিওতে যিহোৱাৰ আগতে প্ৰাণ ত্যাগ কৰিলে। নাদব আৰু অবীহূৰ কোনো সন্তান নাছিল, এই হেতুকে, ইলিয়াজৰ আৰু ঈথামৰে নিজ পিতৃ হাৰোণৰ সৈতে পুৰোহিতৰ কৰ্ম কৰিলে।
5 Y Jehová habló á Moisés, diciendo:
যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল,
6 Haz llegar á la tribu de Leví, y hazla estar delante del sacerdote Aarón, para que le ministren;
“হাৰোণ পুৰোহিতৰ পৰিচৰ্যাত সহায় কৰিবলৈ, তুমি লেবীৰ ফৈদক তেওঁৰ সন্মুখলৈ আনা।
7 Y desempeñen su cargo, y el cargo de toda la congregación delante del tabernáculo del testimonio, para servir en el ministerio del tabernáculo;
আবাসৰ পৰিচৰ্যা কৰি, সাক্ষাৎ কৰা তম্বুৰ আগত হৰোণৰ আৰু গোটেই ইস্রায়েলৰ হৈ যি যি কৰিবলগীয়া আছে, সেয়া তেওঁলোকে সম্পন্ন কৰিব লাগিব।
8 Y guarden todas las alhajas del tabernáculo del testimonio, y lo encargado [á ellos] de los hijos de Israel, y ministren en el servicio del tabernáculo.
আবাসৰ কাৰ্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তান সকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব।
9 Y darás los Levitas á Aarón y á sus hijos: le son enteramente dados de entre los hijos de Israel.
আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল।
10 Y constituirás á Aarón y á sus hijos, para que ejerzan su sacerdocio: y el extraño que se llegare, morirá.
১০তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”
11 Y habló Jehová á Moisés, diciendo:
১১যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল,
12 Y he aquí yo he tomado los Levitas de entre los hijos de Israel en lugar de todos los primogénitos que abren la matriz entre los hijos de Israel; serán pues míos los Levitas:
১২“চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব।
13 Porque mío es todo primogénito; desde el día que yo maté todos los primogénitos en la tierra de Egipto, yo santifiqué á mí todos los primogénitos en Israel, así de hombres como de animales: míos serán: Yo Jehová.
১৩কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংস কৰিছিলোঁ, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”
14 Y Jehová habló á Moisés en el desierto de Sinaí, diciendo:
১৪চীনয় মৰুপ্রান্তত যিহোৱাই মোচিক কৈছিল। তেওঁ কৈছিল,
15 Cuenta los hijos de Leví por las casas de sus padres, por sus familias: contarás todos los varones de un mes arriba.
১৫“তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তান সকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।”
16 Y Moisés los contó conforme á la palabra de Jehová, como le fué mandado.
১৬তাতে মোচিয়ে যেনেকৈ যিহোৱাৰ পৰা আজ্ঞা পালে, তেনেকৈ যিহোৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে।
17 Y los hijos de Leví fueron estos por sus nombres: Gersón, y Coath, y Merari.
১৭লেবীৰ পুত্ৰসকলৰ নাম আছিল গেৰ্চোন, কহাৎ আৰু মৰাৰী।
18 Y los nombres de los hijos de Gersón, por sus familias, estos: Libni, y Simei.
১৮আৰু নিজ নিজ বংশ অনুসাৰে গেৰ্চোনৰ পুতেক সকলৰ নাম লিবনী আৰু চিমিয়ী আছিল।
19 Y los hijos de Coath, por sus familias: Amram, é Izhar, y Hebrón, y Uzziel.
১৯আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক সকলৰ নাম অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
20 Y los hijos de Merari, por sus familias: Mahali, y Musi. Estas, las familias de Leví, por las casas de sus padres.
২০আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মুচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ।
21 De Gersón, la familia de Libni y la de Simei: estas son las familias de Gersón.
২১গেৰ্চোনৰ পৰা লিবনীয়া সকলৰ বংশ আৰু চিমিয়ীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই হ’ল গেৰ্চোনীয়া সকলৰ বংশ।
22 Los contados de ellos conforme á la cuenta de todos los varones de un mes arriba, los contados de ellos, siete mil y quinientos.
২২এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষকে গণনা কৰা হ’ল, এওঁলোকৰ গণিত লোক সাত হাজাৰ পাঁচশ জন আছিল।
23 Las familias de Gersón asentarán sus tiendas á espaldas del tabernáculo, al occidente;
২৩গেৰ্চোনীয়া সকলৰ দুই বংশই আবাসৰ পশ্চিম দিশে তম্বু তৰি থাকিব।
24 Y el jefe de la casa del padre de los Gersonitas, Eliasaph hijo de Lael.
২৪লায়েলৰ পুত্ৰ ইলিয়াচফ গেৰ্চোনীয়া সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
25 A cargo de los hijos de Gersón, en el tabernáculo del testimonio, estará el tabernáculo, y la tienda, y su cubierta, y el pabellón de la puerta del tabernáculo del testimonio,
২৫গেৰ্চোনৰ পৰিয়ালে আবাসৰ আৱৰণৰ ভিতৰত থকা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দাৰ যত্ন ল’ব। পৰ্দা তম্বু, তাৰ আৱৰণ আৰু প্রবেশ দুৱাৰৰ পৰ্দাবোৰৰ যত্ন ল’ব।
26 Y las cortinas del atrio, y el pabellón de la puerta del atrio, que está junto al tabernáculo y junto al altar alrededor; asimismo sus cuerdas para todo su servicio.
২৬আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দাবোৰৰ যত্ন ল’ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব।
27 Y de Coath, la familia Amramítica, y la familia Izeharítica, y la familia Hebronítica, y la familia Ozielítica: estas son las familias Coathitas.
২৭কহাতৰ পৰা অম্ৰীময়া সকলৰ বংশ, যিচহৰীয়া সকলৰ বংশ, হিব্ৰোণীয়া সকলৰ বংশ আৰু উজ্জীয়েলীয়া সকলৰ বংশৰ জন্ম হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী।
28 Por la cuenta de todos los varones de un mes arriba, eran ocho mil y seiscientos, que tenían la guarda del santuario.
২৮এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা আঠ হাজাৰ ছশ জন, পবিত্ৰ স্থানৰ যি যি কৰিবলগীয়া, তাক এওঁলোকেই কৰিব।
29 Las familias de los hijos de Coath acamparán al lado del tabernáculo, al mediodía;
২৯কহাতৰ সন্তান সকলৰ বংশবোৰে আবাসৰ দক্ষিণফালে তম্বু কৰি থাকিব।
30 Y el jefe de la casa del padre de las familias de Coath, Elisaphán hijo de Uzziel.
৩০আৰু উজ্জীয়েলৰ পুত্ৰ ইলিচাফন কহাতীয়া গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
31 Y á cargo de ellos estará el arca, y la mesa, y el candelero, y los altares, y los vasos del santuario con que ministran, y el velo, con todo su servicio.
৩১আৰু চন্দুক, মেজ, দীপাধাৰ বেদীবোৰ, পবিত্ৰ স্থানৰ পৰিচৰ্যা কৰা আটাই বস্তুবোৰ যত্ন ল’ব। আৰু আঁৰ কৰি ৰখা বস্ত্ৰবোৰ তেওঁলোকৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় সকলো কাৰ্য তেওঁলোকে কৰিব।
32 Y el principal de los jefes de los Levitas será Eleazar, hijo de Aarón el sacerdote, prepósito de los que tienen la guarda del santuario.
৩২আৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ লেবীয়া সকলৰ অধ্যক্ষৰো অধ্যক্ষ হ’ব। যিসকলৰ জিম্মাত পবিত্ৰ স্থান থাকিব, তেওঁলোকৰ ওপৰত তেওঁ নিযুক্ত হ’ব।
33 De Merari, la familia Mahalítica, y la familia Musítica: estas son las familias de Merari.
৩৩মৰাৰীৰ পৰা মহলীয়া সকলৰ বংশ আৰু মুচীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই মৰাৰীয়া সকলৰ গোষ্ঠী।
34 Y los contados de ellos conforme á la cuenta de todos los varones de un mes arriba, fueron seis mil y doscientos.
৩৪এওঁলোকৰ এমাহ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা ছয় হাজাৰ দুশ জন।
35 Y el jefe de la casa del padre de las familias de Merari, Suriel hijo de Abihail: acamparán al lado del tabernáculo, al aquilón.
৩৫অবীহয়িলৰ পুত্ৰ চুৰীয়েল মৰাৰীৰ গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। তেওঁলোকে আবাসৰ উত্তৰফালে কাষত তম্বু তৰি থাকিব।
36 Y á cargo de los hijos de Merari estará la custodia de las tablas del tabernáculo, y sus barras, y sus columnas, y sus basas, y todos sus enseres, con todo su servicio:
৩৬আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুঁটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য তেওঁলোকে কৰিব,
37 Y las columnas en derredor del atrio, y sus basas, y sus estacas, y sus cuerdas.
৩৭ইয়াৰ লগতে চোতালৰ চাৰিওফালে থকা খুটাবোৰ আৰু সেইবোৰৰ চুঙী, খুটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব।
38 Y los que acamparán delante del tabernáculo al oriente, delante del tabernáculo del testimonio al levante, serán Moisés, y Aarón y sus hijos, teniendo la guarda del santuario en lugar de los hijos de Israel: y el extraño que se acercare, morirá.
৩৮মোচি, হাৰোণ আৰু তেওঁৰ পুত্রসকলে পূৱফালে আবাসৰ আগত, সূৰ্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।
39 Todos los contados de los Levitas, que Moisés y Aarón conforme á la palabra de Jehová contaron por sus familias, todos los varones de un mes arriba, fueron veinte y dos mil.
৩৯মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ।
40 Y Jehová dijo á Moisés: Cuenta todos los primogénitos varones de los hijos de Israel de un mes arriba, y toma la cuenta de los nombres de ellos.
৪০পাছত যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্ম পোৱা সকলো পুৰুষক গণনা কৰা আৰু তেওঁলোকৰ নামৰ তালিকা কৰা।
41 Y tomarás los Levitas para mí, yo Jehová, en lugar de todos los primogénitos de los hijos de Israel: y los animales de los Levitas en lugar de todos los primogénitos de los animales de los hijos de Israel.
৪১আৰু মোৰ অৰ্থে, তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবীয়া সকলক গ্রহণ কৰা। ময়েই যিহোৱা। আৰু ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবীয়া সকলৰ পশুবোৰ গ্ৰহণ কৰা।”
42 Y contó Moisés, como Jehová le mandó, todos los primogénitos de los hijos de Israel.
৪২মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ প্ৰথমে জন্মা আটাই লোকসকলক গণনা কৰিলে।
43 Y todos los primogénitos varones, conforme á la cuenta de los nombres, de un mes arriba, los contados de ellos fueron veinte y dos mil doscientos setenta y tres.
৪৩তেওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্মা সকলো পুৰুষৰ নামে সৈতে তেওঁ গণনা কৰিলে। তেওঁৰ গণনাত সংখ্যা বাইশ হাজাৰ দুশ ত্ৰেসত্তৰ জন হ’ল।
44 Y habló Jehová á Moisés, diciendo:
৪৪পাছত যিহোৱাই মোচিক কথা ক’লে। তেওঁ ক’লে,
45 Toma los Levitas en lugar de todos los primogénitos de los hijos de Israel, y los animales de los Levitas en lugar de sus animales; y los Levitas serán míos: Yo Jehová.
৪৫“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবীয়া সকলক লোৱা। আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবীয়া সকলৰ পশুবোৰ লোৱা। লেবীয়া সকল মোৰেই হ’ব। ময়েই যিহোৱা।
46 Y por los rescates de los doscientos y setenta y tres, que sobrepujan á los Levitas los primogénitos de los hijos de Israel,
৪৬তেওঁলোকক মুকলি কৰিবৰ বাবে, ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা সকলৰ মাজত লেবীয়া সকলৰ সংখ্যাতকৈ বঢ়া যি দুশ ত্ৰেসত্তৰ জন লোক আছে,
47 Tomarás cinco siclos por cabeza; conforme al siclo del santuario tomarás: el siclo tiene veinte óbolos:
৪৭তুমি তেওঁলোকৰ সলনি এজন এজনৰ সলনি পাঁচ চেকলকৈ ল’বা; বিশ গেৰাই এক চেকল হয়।
48 Y darás á Aarón y á sus hijos el dinero por los rescates de los que de ellos sobran.
৪৮আৰু সেই সংখ্যাতকৈ বৃদ্ধ লোকসকলক যি ধনেৰে মুকলি কৰা হ’ব, সেই ধন হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক দিবা।”
49 Tomó, pues, Moisés el dinero del rescate de los que resultaron de más de los redimidos por los Levitas:
৪৯তেতিয়া লেবীয়া সকলৰ যোগেদি মুকলি কৰা লোক সকলৰ বাহিৰে যি লোক বাঢ়ি আছিল, তেওঁলোকক মুকলি কৰা ধন মোচিয়ে সংগ্রহ কৰিলে।
50 Y recibió de los primogénitos de los hijos de Israel en dinero, mil trescientos sesenta y cinco [siclos], conforme al siclo del santuario.
৫০তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা লোকসকলৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে সেই ধন এক হাজাৰ তিনিশ পঁয়ষষ্ঠি চেকল সংগ্রহ কৰিলে।
51 Y Moisés dió el dinero de los rescates á Aarón y á sus hijos, conforme al dicho de Jehová, según que Jehová había mandado á Moisés.
৫১পাছত যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে সকলো কৰিলে, যিহোৱাই যিদৰে মোচিক আজ্ঞা দিছিল, মোচিয়ে সেই মুকলি কৰা ধন হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিলে।

< Números 3 >