< Miqueas 6 >
1 OID ahora lo que dice Jehová: Levántate, pleitea con los montes, y oigan los collados tu voz.
১যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা। মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক, পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
2 Oid, montes, y fuertes fundamentos de la tierra, el pleito de Jehová: porque tiene Jehová pleito con su pueblo, y altercará con Israel.
২হে পৰ্ব্বতবোৰ, আৰু পৃথিবীৰ স্থায়ী ভিত্তিমূল, যিহোৱাৰ অভিযোগ শুনা; কাৰণ যিহোৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে, আৰু তেওঁ ইস্ৰায়েলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব।
3 Pueblo mío, ¿qué te he hecho, ó en qué te he molestado? Responde contra mí.
৩“হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ? মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ? মোৰ অহিতে সাক্ষ্য দিয়া।
4 Porque yo te hice subir de la tierra de Egipto, y de la casa de siervos te redimí; y envié delante de ti á Moisés, y á Aarón, y á María.
৪কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
5 Pueblo mío, acuérdate ahora qué aconsejó Balac rey de Moab, y qué le respondió Balaam, hijo de Beor, desde Sittim hasta Gilgal, para que conozcas las justicias de Jehová.
৫হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।
6 ¿Con qué prevendré á Jehová, y adoraré al alto Dios? ¿vendré ante él con holocaustos, con becerros de un año?
৬সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে, মই যিহোৱালৈ কি লৈ যাম? মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰিৰ সৈতে হোম-বলি লৈ যোৱা উচিত নে?
7 ¿Agradaráse Jehová de millares de carneros, ó de diez mil arroyos de aceite? ¿daré mi primogénito por mi rebelión, el fruto de mi vientre por el pecado de mi alma?
৭হাজাৰ হাজাৰ মেৰ-ছাগ, বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হ’ব নে? মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান, আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?
8 Oh hombre, él te ha declarado qué sea lo bueno, y qué pida de ti Jehová: solamente hacer juicio, y amar misericordia, y humillarte para andar con tu Dios.
৮হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
9 La voz de Jehová clama á la ciudad, y el sabio mirará á tu nombre. Oid la vara, y á quien la establece.
৯যিহোৱাই নগৰলৈ ঘোষণা কৰি কৈছে, এনে কি, এতিয়া প্রজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে: “তোমালোকে দণ্ড ডাললৈ আৰু যিজনে নিৰ্দ্দিষ্ট ঠাইত ইয়াক ৰাখিছে, সেই জনলৈ মনোযোগ দিয়া।
10 ¿Hay aún en casa del impío tesoros de impiedad, y medida escasa que es detestable?
১০দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ, আৰু মিছা জোখবোৰ ঘিণলগীয়া।
11 ¿Seré limpio con peso falso, y con bolsa de engañosas pesas?
১১অন্যায়ৰ তুলাচনী আৰু প্ৰবঞ্চক ওজনৰ মোনা ব্যৱহাৰ কৰা জনক মই নিৰ্দ্দোষী বুলি বিবেচনা কৰিম নে?
12 Con lo cual sus ricos se hinchieron de rapiña, y sus moradores hablaron mentira, y su lengua engañosa en su boca.
১২ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ, তাৰ নিবাসী সকলে মিছা কথা কয়, আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।
13 Por eso yo también te enflaqueceré hiriéndote, asolándote por tus pecados.
১৩এই হেতুকে মই বিষম আঘাতেৰে তোমালোকক আঘাত কৰিলোঁ; তোমালোকৰ পাপৰ কাৰণে মই তোমালোকক ধ্বংস কৰিলোঁ।
14 Tú comerás, y no te hartarás; y tu abatimiento será en medio de ti: tú cogerás, mas no salvarás; y lo que salvares, lo entregaré yo á la espada.
১৪তোমালোকে খাবা কিন্তু তৃপ্ত নহবা, তোমালোকৰ পেট খালীয়ে হৈ থাকিব; তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
15 Tú sembrarás, mas no segarás: pisarás aceitunas, mas no te ungirás con el aceite; y mosto, mas no beberás el vino.
১৫তোমালোকে সিঁচিবা কিন্তু দাবলৈ নাপাবা; তোমালোকে জিত গচকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা; তোমালোকে দ্ৰাক্ষাগুটি চেপিবা, কিন্তু দ্রাক্ষাৰস পান কৰিবলৈ নাপাবা।
16 Porque los mandamientos de Omri se han guardado, y toda obra de la casa de Achâb; y en los consejos de ellos anduvisteis, para que yo te diese en asolamiento, y tus moradores para ser silbados. Llevaréis por tanto el oprobio de mi pueblo.
১৬অম্ৰীৰ বিধিবোৰ, আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা, তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা; সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম, আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব, মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।”