< Job 40 >
1 A más de eso respondió Jehová á Job, y dijo:
১যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
2 ¿Es sabiduría contender con el Omnipotente? El que disputa con Dios, responda á esto.
২দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
3 Y respondió Job á Jehová, y dijo:
৩তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
4 He aquí que yo soy vil, ¿qué te responderé? Mi mano pongo sobre mi boca.
৪“চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
5 Una vez hablé, y no responderé: aun dos veces, mas no tornaré á hablar.
৫মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
6 ENTONCES respondió Jehová á Job desde la oscuridad, y dijo:
৬তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
7 Cíñete ahora como varón tus lomos; yo te preguntaré, y explícame.
৭“তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
8 ¿Invalidarás tú también mi juicio? ¿me condenarás á mí, para justificarte á ti?
৮মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
9 ¿Tienes tú brazo como Dios? ¿y tronarás tú con voz como él?
৯তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
10 Atavíate ahora de majestad y de alteza: y vístete de honra y de hermosura.
১০তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
11 Esparce furores de tu ira: y mira á todo soberbio, y abátelo.
১১তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
12 Mira á todo soberbio, y humíllalo, y quebranta á los impíos en su asiento.
১২প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
13 Encúbrelos á todos en el polvo, venda sus rostros en la oscuridad;
১৩সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
14 Y yo también te confesaré que podrá salvarte tu diestra.
১৪তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
15 He aquí ahora behemoth, al cual yo hice contigo; hierba come como buey.
১৫ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।
16 He aquí ahora que su fuerza está en sus lomos, y su fortaleza en el ombligo de su vientre.
১৬চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
17 Su cola mueve como un cedro, y los nervios de sus genitales son entretejidos.
১৭সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
18 Sus huesos son fuertes [como] bronce, y sus miembros como barras de hierro.
১৮তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
19 El es la cabeza de los caminos de Dios: el que lo hizo, puede hacer que su cuchillo á él se acerque.
১৯ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
20 Ciertamente los montes producen hierba para él: y toda bestia del campo retoza allá.
২০পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
21 Echaráse debajo de las sombras, en lo oculto de las cañas, y de los lugares húmedos.
২১সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
22 Los árboles sombríos lo cubren con su sombra; los sauces del arroyo lo cercan.
২২পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
23 He aquí que él tomará el río sin inmutarse: y confíase que el Jordán pasará por su boca.
২৩চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
24 ¿Tomarálo alguno por sus ojos en armadijos, y horadará su nariz?
২৪সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?