< Job 27 >

1 Y REASUMIÓ Job su discurso, y dijo:
পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে,
2 Vive Dios, el cual ha apartado mi causa, y el Omnipotente, que amargó el alma mía,
যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,
3 Que todo el tiempo que mi alma estuviere en mí, y [hubiere] hálito de Dios en mis narices,
কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে, আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে;
4 Mis labios no hablarán iniquidad, ni mi lengua pronunciará engaño.
মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়, আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে।
5 Nunca tal acontezca que yo os justifique: hasta morir no quitaré de mí mi integridad.
মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, এনে কথা মোৰ পৰা দূৰ হওক। মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।
6 Mi justicia tengo asida, y no la cederé: no [me] reprochará mi corazón en el tiempo de mi vida.
মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম; মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে।
7 Sea como el impío mi enemigo, y como el inicuo mi adversario.
মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক, আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মি দৰে হওক।
8 Porque ¿cuál es la esperanza del hipócrita, por mucho que hubiere robado, cuando Dios arrebatare su alma?
কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
9 ¿Oirá Dios su clamor cuando la tribulación sobre él viniere?
তাৰ সঙ্কট ঘটিলে, ঈশ্বৰে কাতৰোক্তি শুনিব নে?
10 ¿Deleitaráse en el Omnipotente? ¿invocará á Dios en todo tiempo?
১০সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে?
11 Yo os enseñaré en orden á la mano de Dios: no esconderé lo que hay para con el Omnipotente.
১১ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ।
12 He aquí que todos vosotros lo habéis visto: ¿por qué pues os desvanecéis con fantasía?
১২চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?
13 Esta es para con Dios la suerte del hombre impío, y la herencia que los violentos han de recibir del Omnipotente.
১৩দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায়, আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই,
14 Si sus hijos fueren multiplicados, serán para el cuchillo; y sus pequeños no se hartarán de pan;
১৪তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে, আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়।
15 Los que le quedaren, en muerte serán sepultados; y no llorarán sus viudas.
১৫তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব।
16 Si amontonare plata como polvo, y si preparare ropa como lodo;
১৬যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,
17 Habrála él preparado, mas el justo se vestirá, y el inocente repartirá la plata.
১৭তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব, আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি ল’ব।
18 Edificó su casa como la polilla, y cual cabaña que el guarda hizo.
১৮সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।
19 El rico dormirá, mas no será recogido: abrirá sus ojos, mas él no será.
১৯সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব; সি চকু মেলামাত্ৰকে নাইকিয়া হয়।
20 Asirán de él terrores como aguas: torbellino lo arrebatará de noche.
২০নানা ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে। ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে।
21 Lo antecogerá el solano, y partirá; y tempestad lo arrebatará del lugar suyo.
২১পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে।
22 [Dios] pues descargará sobre él, y no perdonará: hará él por huir de su mano.
২২কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁৰ ভয়ত পলাই ফুৰিব।
23 Batirán sus manos sobre él, y desde su lugar le silbarán.
২৩লোকে তাক দেখি হাত-তালি দিব, আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব।

< Job 27 >