< Oseas 11 >
1 CUANDO Israel era muchacho, yo lo amé, y de Egipto llamé á mi hijo.
১ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
2 Como los llamaban, así ellos se iban de su presencia; á los Baales sacrificaban, y á las esculturas ofrecían sahumerios.
২মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।
3 Yo con todo eso guiaba en pies al mismo Ephraim, tomándolos de sus brazos; y no conocieron que yo los cuidaba.
৩তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।
4 Con cuerdas humanas los traje, con cuerdas de amor: y fuí para ellos como los que alzan el yugo de sobre sus mejillas, y llegué hacia él la comida.
৪মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।
5 No tornará á tierra de Egipto, antes el mismo Assur será su rey, porque no se quisieron convertir.
৫যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।
6 Y caerá espada sobre sus ciudades, y consumirá sus aldeas; consumirálas á causa de sus consejos.
৬তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।
7 Entre tanto, está mi pueblo adherido á la rebelión contra mí: aunque lo llaman al Altísimo, ninguno absolutamente quiere ensalzar[le].
৭মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।
8 ¿Cómo tengo de dejarte, oh Ehpraim? ¿he de entregarte yo, Israel? ¿cómo podré yo hacerte como Adma, ni ponerte como á Zeboim? Mi corazón se revuelve dentro de mí, inflámanse todas mis conmiseraciones.
৮হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
9 No ejecutaré el furor de mi ira, no volveré para destruir á Ephraim: porque Dios soy, y no hombre; el Santo en medio de ti: y no entraré en la ciudad.
৯মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।
10 En pos de Jehová caminarán: él bramará como león: cual león rugirá él de cierto, y los hijos se moverán azorados del occidente.
১০তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।
11 Como ave se moverán velozmente de Egipto, y de la tierra de Asiria como paloma; y pondrélos en sus casas, dice Jehová.
১১মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো।
12 CERCÓME Ephraim con mentira, y la casa de Israel con engaño: mas Judá aun domina con Dios, y es fiel con los santos.
১২যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।