< Esdras 3 >
1 Y LLEGADO el mes séptimo, y [ya] los hijos de Israel en las ciudades, juntóse el pueblo como un solo hombre en Jerusalem.
১সপ্তম মাহৰ পাছত, ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ যিৰূচালেমত একগোট হৈছিল, তেতিয়া ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল।
2 Entonces se levantó Jesuá hijo de Josadec, y sus hermanos los sacerdotes, y Zorobabel hijo de Sealthiel, y sus hermanos, y edificaron el altar del Dios de Israel, para ofrecer sobre él holocaustos, como está escrito en la ley de Moisés varón de Dios.
২যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ পুৰোহিত ভাইসকল, আৰু চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু তেওঁৰ ভাইসকল থিয় হ’ল, আৰু ঈশ্বৰৰ লোক মোচিৰ বিধান পুস্তকত লিখা আজ্ঞা অনুসাৰে হোম-বলি উৎসৰ্গৰ অৰ্থে ইস্ৰায়েলৰ ঈশ্বৰৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
3 Y asentaron el altar sobre sus basas, bien que tenían miedo de los pueblos de las tierras, y ofrecieron sobre él holocaustos á Jehová, holocaustos á la mañana y á la tarde.
৩দেশৰ লোকসকলৰ কাৰণে আতঙ্কিত হৈ তেওঁলোকে যজ্ঞবেদী তাৰ নিজৰ স্থানত স্থাপন কৰিলে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিছিল।
4 Hicieron asimismo la solemnidad de las cabañas, como está escrito, y holocaustos cada día por cuenta, conforme al rito, cada cosa en su día;
৪লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।
5 Y á más de esto, el holocausto continuo, y las nuevas lunas, y todas las fiestas santificadas de Jehová, y todo [sacrificio] espontáneo, [toda] ofrenda voluntaria á Jehová.
৫এইদৰে তেওঁলোকে প্রতিদিনে, আৰু প্রতিমাহে এবাৰ হোম-বলি, নিৰূপিত সকলো পৰ্ব্ব, আৰু ইচ্ছাকৃত দানৰ সৈতে যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিছিল।
6 Desde el primer día del mes séptimo comenzaron á ofrecer holocaustos á Jehová; mas el templo de Jehová no estaba aún fundado.
৬সপ্তম মাহৰ প্ৰথম দিনৰে পৰা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিছিল। কিন্তু তেতিয়াও যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল।
7 Y dieron dinero á los carpinteros y oficiales; asimismo comida y bebida y aceite á los Sidonios y Tirios, para que trajesen madera de cedro del Líbano á la mar de Joppe, conforme á la voluntad de Ciro rey de Persia acerca de esto.
৭সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰ সকলক ৰূপ দিলে; আৰু পাৰস্যৰ ৰজা কোৰচৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা যাফোৰ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ বাবে চীদোনীয়া আৰু তূৰীয়াসকলক আহাৰ, পেয় দ্ৰব্য, আৰু তেল দিলে।
8 Y en el año segundo de su venida á la casa de Dios en Jerusalem, en el mes segundo, comenzaron Zorobabel hijo de Sealthiel, y Jesuá hijo de Josadec, y los otros sus hermanos, los sacerdotes y los Levitas, y todos los que habían venido de la cautividad á Jerusalem; y pusieron á los Levitas de veinte años arriba para que tuviesen cargo de la obra de la casa de Jehová.
৮দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক যিৰূচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত, জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবীয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাৰ গৃহৰ কাৰ্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াসকলক নিযুক্ত কৰিলে।
9 Jesuá también, sus hijos y sus hermanos, Cadmiel y sus hijos, hijos de Judá, como un [solo hombre] asistían para dar priesa á los que hacían la obra en la casa de Dios: los hijos de Henadad, sus hijos y sus hermanos, Levitas.
৯যেচুৱা আৰু তেওঁৰ পুত্র আৰু ভায়েক-ককায়েকসকল, কদ্মীয়েল আৰু তেওঁৰ পুত্রসকল, যিহূদাৰ বংশধৰসকলে ঈশ্বৰৰ গৃহত কাম কৰা লোকসকলৰ তত্বাৱধান কৰিছিল। তেওঁলোকৰ সৈতে হেনাদদৰ বংশধৰসকল আৰু তেওঁলোকৰ বংশধৰসকল, আৰু তেওঁলোকৰ লগৰ লেবীয়াসকলো আছিল।
10 Y cuando los albañiles del templo de Jehová echaban los cimientos, pusieron á los sacerdotes vestidos de [sus ropas], con trompetas, y á Levitas hijos de Asaph con címbalos, para que alabasen á Jehová, según ordenanza de David rey de Israel.
১০গৃহ নিৰ্ম্মাণ কৰোঁতা সকলে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইস্ৰায়েলৰ ৰজা দায়ূদে আজ্ঞা কৰাৰ অনুসাৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে, আৰু হাতত তুৰী-বাদ্য ল’লে, আচফৰ পুত্র, আৰু লেবীয়াসকলে হাতত তাল লৈ থিয় হ’ল।
11 Y cantaban, alabando y confesando á Jehová, [y decían]: Porque es bueno, porque para siempre es su misericordia sobre Israel. Y todo el pueblo aclamaba con grande júbilo, alabando á Jehová, porque á la casa de Jehová se echaba el cimiento.
১১তেওঁলোকে যিহোৱাৰ উদ্দেশে গীত গায় ধন্যবাদ আৰু প্ৰশংসা-স্তুতি কৰি ক’লে, “তেওঁ মঙ্গলময়! ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি যিহোৱাৰ প্ৰশংসা কৰিলে।
12 Y muchos de los sacerdotes y de los Levitas y de los cabezas de los padres, ancianos que habían visto la casa primera, viendo fundar esta casa, lloraban en alta voz, mientras muchos [otros] daban grandes gritos de alegría.
১২কিন্তু যিসকলে প্রথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবীয়া, সন্মানীয় লোক, আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ’ল আৰু উচ্চ-স্বৰে জয়-ধ্বনি কৰিলে।
13 Y no podía discernir el pueblo el clamor de los gritos de alegría, de la voz del lloro del pueblo: porque clamaba el pueblo con grande júbilo, y oíase el ruido hasta de lejos.
১৩তাৰ ফলত, কান্দোনৰ শব্দৰ কাৰণে লোকসকলে আনন্দ আৰু জয়-ধ্বনিৰ শব্দৰ মাজৰ পাৰ্থক্য বুজি নাপালে। কাৰণ লোকসকলে মহা-আনন্দত কান্দিছিল আৰু শব্দবোৰ বহু দূৰৈৰ পৰা শুনা গৈছিল।