< Ester 9 >
1 Y EN el mes duodécimo, que es el mes de Adar, á trece del mismo, en el que tocaba se ejecutase el mandamiento del rey y su ley, el mismo día en que esperaban los enemigos de los Judíos enseñorearse de ellos, fué lo contrario; porque los Judíos se enseñorearon de los que los aborrecían.
১পাছত অদৰ নামেৰে দ্বাদশ মাহৰ তেৰ দিনৰ দিনা, ৰজাৰ বিধান আৰু আজ্ঞা সিদ্ধ হ’বলৈ আছিল। সেই দিনা যিহুদী লোক সকলৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰি আছিল, কিন্তু ইয়াৰ বিপৰীতে যিহুদী লোকসকলক ঘৃণা কৰা লোক সকলৰ ওপৰত ইহুদীসকলে জয় লাভ কৰিলে।
2 Los Judíos se juntaron en sus ciudades en todas las provincias del rey Assuero, para meter mano sobre los que habían procurado su mal: y nadie se puso delante de ellos, porque el temor de ellos había caído sobre todos los pueblos.
২যি সকলে তেওঁলোকৰ অমঙ্গলৰ চেষ্টা কৰিব, তেওঁলোকক যাতে যিহুদী লোকসকলে প্রতিৰোধ কৰিব পাৰে; সেই বাবে যিহুদী লোকসকল ৰজা অহচবেৰোচৰ প্রতিখন প্ৰদেশত নিজৰ নিজৰ নগৰত গোট খাইছিল। তেওঁলোকৰ প্রতি লোকসকলৰ ভয় জন্মিছিল, যাৰ বাবে লোকসকলে তেওঁলোকৰ বিৰুদ্ধে থিয় হ’ব নোৱাৰিলে।
3 Y todos los príncipes de las provincias, y los virreyes, y capitanes, y oficiales del rey, ensalzaban á los Judíos; porque el temor de Mardochêo había caído sobre ellos.
৩প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে যিহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল।
4 Porque Mardochêo era grande en la casa del rey, y su fama iba por todas las provincias; pues el varón Mardochêo iba engrandeciéndose.
৪মৰ্দখয় ৰাজ-গৃহৰ মাজত মহান হৈ পৰিছিল। তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ প্রসাৰিত হৈছিল আৰু এইদৰে মৰ্দখয় ক্ৰমে অতিশয় মহান হৈ গৈছিল।
5 E hirieron los Judíos á todos sus enemigos con plaga de espada, y de mortandad, y de perdición; é hicieron en sus enemigos á su voluntad.
৫যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুবোৰক তৰোৱালেৰে আঘাত কৰি, তেওঁলোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকক ঘৃণা কৰা সকললৈ যি দৰে কৰিবলৈ ইচ্ছা আছিল, সেই দৰে কৰিলে।
6 Y en Susán capital del reino, mataron y destruyeron los Judíos á quinientos hombres.
৬চুচন ৰাজকোঁঠত যিহুদী লোকসকলে পাঁচশ লোকক বধ আৰু ধ্বংস কৰিলে।
7 Mataron entonces á Phorsandatha, y á Dalphón, y á Asphatha,
৭তেওঁলোকে বধ কৰা লোকসকল এওঁলোক: পৰ্চনদাথা, দলফোন, অস্পথা,
8 Y á Phoratha y á Ahalía, y á Aridatha,
৮পোৰাথা, অদলিয়া, অৰীদাথা,
9 Y á Pharmastha, y á Arisai, y á Aridai, y á Vaizatha,
৯পৰ্মস্তা, অৰীচয়, অৰীদয়, আৰু বয়িজাথা।
10 Diez hijos de Amán hijo de Amadatha, enemigo de los Judíos: mas en la presa no metieron su mano.
১০যিহুদী সকলৰ শত্ৰু হম্মদাথাৰ পুত্র হামনৰ এই দহ জন পুত্রক তেওঁলোকে বধ কৰিলে; কিন্তু তেওঁলোকে তাৰ একো বস্তু লুট নকৰিলে।
11 El mismo día vino la cuenta de los muertos en Susán residencia regia, delante del rey.
১১সেই দিনা যি সকলক চুচন ৰাজকোঁঠত বধ কৰা হ’ল, তেওঁলোকৰ সংখ্যা ৰজাক জনোৱা হ’ল।
12 Y dijo el rey á la reina Esther: En Susán, capital del reino, han muerto los Judíos y destruído á quinientos hombres, y á diez hijos de Amán; ¿qué habrán hecho en las otras provincias del rey? ¿Cuál pues es tu petición, y te será concedida? ¿ó qué más es tu demanda, y será hecho?
১২ৰজাই ৰাণী ইষ্টেৰক ক’লে, “যিহুদী লোকসকলে চুচন নগৰত হামনৰ দহ জন পুত্রৰ সৈতে পাঁচশ লোকক বধ কৰিলে। তেনেহলে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ’ব। তোমাৰ কি প্রাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্রহণ কৰা হ’ব।”
13 Y respondió Esther: Si place al rey, concédase también mañana á los Judíos en Susán, que hagan conforme á la ley de hoy; y que cuelguen en la horca á los diez hijos de Amán.
১৩ইষ্টেৰে ক’লে, “যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহ’লে আজিৰ দৰে কাইলৈয়ো কৰিবলৈ চুচনত থকা যিহুদী সকলক অনুমতি দিয়া হওক; আৰু হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰ ফাঁচি কাঠত ওলমাই থোৱা হওক।”
14 Y mandó el rey que se hiciese así: y dióse la orden en Susán, y colgaron á los diez hijos de Amán.
১৪সেয়ে ৰজাই সেই দৰে কৰিবলৈ আজ্ঞা দিলে। সেই আজ্ঞা চুচনত জাৰি কৰা হ’ল; তাতে হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰক ফাঁচি কাঠত ফাঁচি দি ওলমাই থোৱা হ’ল।
15 Y los Judíos que estaban en Susán, se juntaron también el catorce del mes de Adar, y mataron en Susán trescientos hombres: mas en la presa no metieron su mano.
১৫চুচনত থকা যিহুদী লোকসকলে অদৰ মাহৰ চৌদ্ধ দিনৰ দিনা গোট খালে, আৰু একত্রিত হৈ আহিল। চুচনত তেওঁলোকে তিনিশ লোকতকৈয়ো অধিক লোক বধ কৰিলে, কিন্তু তাৰ পৰা একো বস্তু লুট নকৰিলে।
16 En cuanto á los otros Judíos que estaban en las provincias del rey, también se juntaron y pusiéronse [en defensa] de su vida, y tuvieron reposo de sus enemigos, y mataron de sus contrarios setenta y cinco mil; mas en la presa no metieron su mano.
১৬ৰজাৰ প্ৰদেশ বোৰত থকা অৱশিষ্ট যিহুদী লোকসকল গোট খাই একেলগ হৈ তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে থিয় হ’ল। তেওঁলোকে শত্ৰুবোৰৰ পৰা সকাহ পালে; আৰু তেওঁলোকে তেওঁলোকক ঘৃণা কৰা লোক সকলৰ পয়সত্তৰ হাজাৰ লোকক বধ কৰিলে। কিন্তু তেওঁলোকে বধ কৰা লোক সকলৰ পৰা একো বস্তু লুট নকৰিলে।
17 En el día trece del mes de Adar [fué esto]; y reposaron en el día catorce del mismo, é hiciéronlo día de banquete y de alegría.
১৭অদৰ মাহৰ তেৰ দিনৰ দিনা এই সকলো কাৰ্য কৰিলে, আৰু চৌদ্ধ দিনৰ দিনা তেওঁলোকে জিৰণী ল’লে। সেই দিনটো তেওঁলোকে ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
18 Mas los Judíos que estaban en Susán se juntaron en el trece y en el catorce del mismo [mes]; y al quince del mismo reposaron, é hicieron aquel [día] día de banquete y de regocijo.
১৮কিন্তু চুচনত থকা যিহুদী লোকসকলে সেই মাহৰ তেৰ আৰু চৌদ্ধ দিনৰ দিনা গোট খাই সমবেত হ’ল। পোন্ধৰ দিনৰ দিনাহে তেওঁলোকে জিৰণী ল’লে, আৰু সেই দিন ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
19 Por tanto los Judíos aldeanos que habitan en las villas sin muro, hacen á los catorce del mes de Adar el día de alegría y de banquete, y buen día, y de enviar porciones cada uno á su vecino.
১৯এই কাৰণে গাঁৱত থকা যিহুদী লোকসকল যি সকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ চতুৰ্দশ দিনটো আনন্দ, ভোজ, মঙ্গল আৰু ইজনে আন জনলৈ খাদ্যৰ উপহাৰ পঠোৱা দিন স্বৰূপে পালন কৰিলে।
20 Y escribió Mardochêo estas cosas, y envió letras á todos los Judíos que estaban en todas las provincias del rey Assuero, cercanos y distantes,
২০মৰ্দখয়ে এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অহচবেৰোচৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে।
21 Ordenándoles que celebrasen el día décimocuarto del mes de Adar, y el décimoquinto del mismo, cada un año,
২১প্রতি বছৰে অদৰ মাহৰ চতুৰ্দশ দিন আৰু পঞ্চদশ দিন দুটা বাধ্যতামূলক ভাৱে ইহুদী লোকসকলে পালন কৰে।
22 Como días en que los Judíos tuvieron reposo de sus enemigos, y el mes que se les tornó de tristeza en alegría, y de luto en día bueno; que los hiciesen días de banquete y de gozo, y de enviar porciones cada uno á su vecino, y dádivas á los pobres.
২২এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।
23 Y los Judíos aceptaron hacer, según habían comenzado, lo que les escribió Mardochêo.
২৩মৰ্দখয়ে যিহুদী লোকসকললৈ যি কৰিবলৈ লিখিছিল; আৰু যি দৰে তেওঁলোকে আৰম্ভ কৰিছিল, সেই দৰেই উৎসৱ উদযাপন কৰি থাকিল।
24 Porque Amán hijo de Amadatha, Agageo, enemigo de todos los Judíos, había ideado contra los Judíos para destruirlos, y echó Pur, que quiere decir suerte, para consumirlos y acabar con ellos.
২৪সেই সময়ত সকলো যিহুদী লোকৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্র হামনে তেওঁলোকক বিনষ্ট কৰিবলৈ তেওঁলোকৰ অহিতে কু-কল্পনা কৰিছিল। যিহুদী সকলক সৰ্ব্বনাশ আৰু বিনষ্ট কৰিবলৈ পুৰ খেলাইছিল (চিঠি খেলাইছিল)।
25 Mas como Esther vino á la presencia del rey, él intimó por carta: El perverso designio que aquél trazó contra los Judíos, recaiga sobre su cabeza; y cuélguenlo á él y á sus hijos en la horca.
২৫কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্রৰ দ্বাৰা আজ্ঞা দিলে যে, হামনে যিহুদী লোকসকলৰ বিৰুদ্ধে কৰা কু-কল্পনা তেওঁৰ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহ জন পুত্রক ফাঁচি কাঠত ফাঁচি দি আঁৰি থোৱা হওক।
26 Por esto llamaron á estos días Purim, del nombre Pur. Por todas las palabras pues de esta carta, y por lo que ellos vieron sobre esto, y lo que llegó á su noticia,
২৬এই কাৰণে তেওঁলোকে পুৰ নাম অনুসাৰে সেই দুটা দিনক পুৰীম বুলি কয়। এই পত্ৰত লিখা সকলো কথা, আৰু সেই বিষয়ে তেওঁলোকে যি দেখিছিল আৰু তেওঁলোকলৈ যি ঘটিছিল, সেই সকলোৰ কাৰণে,
27 Establecieron y tomaron los Judíos sobre sí, y sobre su simiente, y sobre todos los allegados á ellos, y no será traspasado, el celebrar estos dos días según está escrito en orden á ellos, y conforme á su tiempo cada un año;
২৭যিহুদী লোকসকলে নিজৰ, আৰু তেওঁলোকৰ বংশধৰ সকলৰ, আৰু যি সকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল, সেই সকলো লোকে, সেই দুটা দিনক এটা নতুন প্রথা আৰু কৰ্ত্তব্য বুলি গ্রহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্রতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্রণালীৰে পালন কৰিছিল।
28 Y que estos dos días serían en memoria, y celebrados en todas las naciones, y familias, y provincias, y ciudades. Estos días de Purim no pasarán de entre los Judíos, y la memoria de ellos no cesará de su simiente.
২৮তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।
29 Y la reina Esther hija de Abihail, y Mardochêo Judío, escribieron con toda eficacia, para confirmar esta segunda carta de Purim.
২৯তাৰ পাছত অবীহয়িলৰ জীয়েক ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ে সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰীমৰ বিষয় নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে।
30 Y envió [Mardochêo] letras á todos los Judíos, á las ciento veintisiete provincias del rey Assuero, con palabras de paz y de verdad,
৩০ৰজা অহচবেৰোচৰ ৰাজ্যৰ এশ সাতাইশ খন প্রদেশত থকা যিহুদী লোকসকলক নিৰাপত্তা আৰু সত্যতাৰ কামনা কৰি পত্ৰ পঠোৱা হ’ল।
31 Para confirmar estos días de Purim en sus tiempos señalados, según les había constituído Mardochêo Judío y la reina Esther, y como habían ellos tomado sobre sí y sobre su simiente, [para conmemorar] el fin de los ayunos y de su clamor.
৩১লঘোন আৰু ক্রন্দনৰ বিষয়ে ইহুদী মৰ্দখয় আৰু ৰাণী ইষ্টেৰে যিহুদী লোকসকলক আদেশ দিয়াৰ দৰে, নিৰূপিত সময়ত পুৰীমৰ সেই দুটা দিন নিশ্চিত কৰিবলৈয়ো এই পত্র লিখি পঠালে।
32 Y el mandamiento de Esther confirmó estas palabras [dadas] acerca de Purim, y escribióse en el libro.
৩২ইষ্টেৰৰ আজ্ঞা অনুসাৰে পুৰীমৰ বিষয়ত নিয়ম স্থিৰ কৰা হ’ল; আৰু এই সকলোকে পুস্তকত লিখা হ’ল।