< Eclesiastés 6 >
1 HAY un mal que he visto debajo del cielo, y muy común entre los hombres:
১মই সূর্যৰ তলত আন এক দুখৰ বিষয় দেখিলোঁ; সেয়ে মানুহৰ পক্ষে অতি কষ্টকৰ।
2 Hombre á quien Dios dió riquezas, y hacienda, y honra, y nada le falta de todo lo que su alma desea; mas Dios no le dió facultad de comer de ello, sino que los extraños se lo comen. Esto vanidad es, y enfermedad trabajosa.
২ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি আৰু সন্মান দান কৰে যে, তেওঁৰ অভিলাষৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে; আন লোকে তেওঁৰ বস্তুবোৰ ভোগ কৰে। ইও অসাৰ আৰু ভীষণ দুঃখজনক।
3 Si el hombre engendrare ciento, y viviere muchos años, y los días de su edad fueren numerosos; si su alma no se hartó del bien, y también careció de sepultura, yo digo que el abortivo es mejor que él.
৩কোনো লোকৰ এশজন সন্তান থাকিব পাৰে আৰু তেওঁ অনেক দিন ধৰি জীয়াও থাকিব পাৰে, কিন্তু তেওঁৰ হৃদয়ে যদি জীৱনত সন্তোষ নাপায় আৰু সন্মানেৰে সৈতে যদি তেওঁৰ মৈদাম নহয়, তেন্তে সেই লোক যিমান বছৰেই জীয়াই নাথাকক কিয়, মই কওঁ তেওঁতকৈ বৰং মৃত কেঁচুৱাৰ জন্ম হোৱাই অনেক ভাল।
4 Porque en vano vino, y á tinieblas va, y con tinieblas será cubierto su nombre.
৪সেই মৃত সন্তানে বৃথাই আহি আন্ধাৰতেই বিদায় লয় আৰু সেই কেঁচুৱাৰ নাম নাইকিয়া হৈ যায়।
5 Aunque no haya visto el sol, ni conocido [nada], más reposo tiene éste que aquél.
৫যদিও এই কেঁচুৱাটিয়ে কেতিয়াও সূৰ্য দেখা নাপায় অথবা একোকে নাজানে, তথাপিও সেই ধনী মানুহতকৈ সি অধিক বিশ্রাম পায়।
6 Porque si viviere [aquél] mil años dos veces, si no ha gozado del bien, cierto todos van á un lugar.
৬এনেকি, যদি কোনো লোক দুই হাজাৰ বছৰো জীয়াই থাকে, কিন্তু জীৱনত সুখ নাপায়, তেন্তে তাৰ কি লাভ? সকলোৱেই জানো একে ঠাইলৈকে নাযায়?
7 Todo el trabajo del hombre es para su boca, y con todo eso su alma no se harta.
৭মানুহৰ সকলো পৰিশ্ৰমেই তেওঁৰ পেটৰ কাৰণে, তথাপিও তেওঁৰ ভোক কেতিয়াও নপলায়।
8 Porque ¿qué más tiene el sabio que el necio? ¿qué [más] tiene el pobre que supo caminar entre los vivos?
৮অজ্ঞানতকৈ জ্ঞানী লোকৰ সুবিধা কি? আন লোকসকলৰ আগত কিদৰে চলিব লাগে, তাক জানিলে এজন দৰিদ্রৰ কি লাভ হয়?
9 Más vale vista de ojos que deseo que pasa. Y también esto es vanidad y aflicción de espíritu.
৯অধিক পোৱাৰ বাসনাতকৈ বৰং চকুৱে যি দেখা পায়, তাতে সন্তুষ্ট থকা ভাল। ইও অসাৰ, কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰা হয়।
10 El que es, ya su nombre ha sido nombrado; y se sabe que es hombre, y que no podrá contender con el que es más fuerte que él.
১০যি যি আছে, তাৰ নাম আগেয়ে দিয়া হৈছে; মানুহনো কি, তাকো জনা গৈছে যে তেওঁলোকে নিজতকৈ যি জনা শক্তিশালী, তেওঁৰ লগত যুঁজ কৰিব নোৱাৰে।
11 Ciertamente las muchas palabras multiplican la vanidad. ¿Qué más tiene el hombre?
১১যিমানে বেছি কথা কোৱা হয়, সিমানে অসাৰতা বাঢ়ে; তাৰ দ্বাৰাই মানুহৰ কি লাভ?
12 Porque ¿quién sabe cuál es el bien del hombre en la vida, todos los días de la vida de su vanidad, los cuales él pasa como sombra? Porque ¿quién enseñará al hombre qué será después de él debajo del sol?
১২মানুহৰ অসাৰ জীৱনকালত তেওঁৰ কাৰণে কি ভাল তাক কোনে জানে? তেওঁতো নিজৰ অল্পস্থায়ী দিনবোৰ এক ছাঁয়াৰ দৰে কটায়। তেওঁ গুছি যোৱাৰ পাছত সূর্যৰ তলত কি ঘটিব তাক কোনে তেওঁক ক’ব পাৰিব?