< Salmos 76 >

1 Dios es conocido en Judá: Dios, en Israel es grande su nombre.
যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
2 Y en Salem está su tabernáculo: y su habitación en Sión.
চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে।
3 Allí quebró las saetas del arco: el escudo, y la espada, y la guerra. (Selah)
তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। (চেলা)
4 Ilustre eres tú, y fuerte, más que los montes de caza.
তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা।
5 Los fuertes de corazón fueron despojados; durmieron su sueño, y nada hallaron en sus manos todos los varones fuertes.
এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল।
6 Por tu reprensión, o! Dios de Jacob, es adormecido el carro y el caballo.
হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
7 Tú eres terrible, tú: ¿y quién parará delante de ti en comenzando tu ira?
তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?
8 Desde los cielos hiciste oír juicio: la tierra tuvo temor, y cesó,
তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল।
9 Cuando, o! Dios, te levantaste al juicio, para salvar a todos los mansos de la tierra. (Selah)
হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। (চেলা)
10 Ciertamente la ira del hombre te confesará: los restos de las iras constreñirás.
১০অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা।
11 Prometéd, y pagád a Jehová, vuestro Dios, todos los que estáis al rededor de él: traigan presentes al terrible.
১১তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।
12 El que quita el espíritu a los príncipes: terrible a los reyes de la tierra.
১২তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।

< Salmos 76 >