< Zacarías 6 >
1 Volví a levantar mis ojos. Miré y vi cuatro carrozas de bronce que salían de entre dos montañas.
১তেতিয়া পুনৰায় মই মোৰ চকু তুলি চাই দেখিলোঁ, দুই পৰ্ব্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্ব্বত পিতলৰ পৰ্ব্বত।
2 En la primera carroza los caballos eran bermejos, en la segunda carroza, caballos negros,
২প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত ক’লা ঘোঁৰা,
3 en la tercera carroza, caballos blancos, y en la cuarta carroza eran caballos overos grisáceos.
৩তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থ খনত বলী ফুটুকা ঘোঁৰা।
4 Y dije al ángel que hablaba conmigo: ʼadón mío, ¿qué es esto?
৪তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্রশ্ন কৰি ক’লো, “হে মোৰ প্ৰভু, এইবোৰ কি?”
5 Y el ángel me respondió: Estos son los cuatro vientos de los cielos, que salen después de presentarse delante del ʼAdón de toda la tierra.
৫দূত-জনে উত্তৰ দি মোক ক’লে, “এইবোৰ হ’ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু।
6 El de los caballos negros sale hacia la tierra del Norte, el de los blancos sale tras ellos y el de los overos sale hacia la tierra del Sur.
৬ক’লা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ পশ্চিম দেশৰ ফালে আৰু অনুজ্বল দাগ থকাবোৰ দক্ষিণ দেশলৈ গৈছে।”
7 Los overos que salían estaban impacientes por recorrer la tierra. Y [ʼAdonay] dijo: ¡Vayan, recorran la tierra! Y en efecto, ellos recorrieron la tierra de un lado a otro.
৭আৰু বলীবোৰে ওলাই গৈ, পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে, তেতিয়া দূতে ক’লে, “যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ!” তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে।
8 Luego me habló: Aquí están los que van hacia la tierra del Norte quienes hicieron reposar mi Espíritu en la tierra del Norte.
৮তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।”
9 Otra vez tuve revelación de Yavé que decía:
৯সেয়ে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
10 Toma ofrenda de los del cautiverio que regresaron de Babilonia: de Heldai, de Tobías y de Jedaías. El mismo día vé y entra en casa de Josías, hijo de Sofonías.
১০“বোলে তুমি গৈ হিল্দয়, টোবিয়া, যিদয়া - এই দেশান্তৰিত লোকসকলৰ পৰা ৰূপ আৰু সোণ লোৱাগৈ; আৰু আজিয়েই তুমি নিজে এইবোৰ লৈ যিজন বাবিলৰ পৰা আহিল, সেই চফনিয়াৰ পুত্র যোচিয়াৰ ঘৰলৈ যোৱা।
11 Toma la plata y el oro y haz una gran corona. La pondrás en la cabeza de Josué, hijo de Josadac, el sumo sacerdote.
১১তাতে সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ, তাৰে দুটা কিৰীটি সাজি যিহোচাদকৰ পুত্ৰ যিহোচূৱা প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ।
12 Hablarás de él, y dirás: Yavé de las huestes dice: Aquí está el varón cuyo Nombre es El Renuevo. Brotará de sus raíces y edificará la Casa de Yavé.
১২আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব!
13 Sí, edificará la Casa de Yavé y tendrá la gloria. Se sentará y reinará sobre su trono. Es Sacerdote sobre su trono, y habrá consejo de paz entre ambos.
১৩হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব।
14 La gran corona le será un recuerdo a Helem, Tobías, Jedaías y Hen, hijo de Sofonías en la Casa de Yavé.
১৪আৰু সেই দুটা কিৰীটি হেলেম, টোবিয়া, যিদয়া, আৰু চফনিয়াৰ পুত্ৰ যোচিয়াৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে, যিহোৱাৰ মন্দিৰত ৰখা হ’ব।
15 Los que están lejos vendrán y edificarán la Casa de Yavé, y sabrán que Yavé de las huestes me envió a ustedes. Así será si diligentemente obedecen la voz de Yavé su ʼElohim.
১৫আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণৰ সাহায্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।”