< Salmos 132 >

1 Acuérdate, oh Yavé, de David, Y de toda su aflicción.
হে যিহোৱা, তুমি দায়ুদৰ পক্ষত থাকি তেওঁ সহন কৰা সকলো ক্লেশ সোঁৱৰণ কৰা;
2 De cómo juró a Yavé, Y prometió al Fuerte de Jacob:
তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল, যাকোবৰ সর্বশক্তিমান জনাৰ ওচৰত সঙ্কল্প কৰিছিল।
3 Ciertamente no entraré en mi tienda, Ni subiré a mi cama.
তেওঁ কৈছিল, “মই নিজ গৃহত প্রৱেশ নকৰিম, নিজৰ শয্যাতো শয়ন নকৰিম,
4 No concederé sueño a mis ojos, Ni a mis párpados calma,
মই মোৰ চকুক নিদ্রা যাবলৈ নিদিম, চকুৰ পতাক তন্দ্রা-মগ্ন হ’বলৈ নিদিম,
5 Hasta que halle lugar para Yavé, Tabernáculo para el Fuerte de Jacob.
যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ, যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”
6 Ciertamente oímos de ello en Efrata. Lo hallamos en el campo del bosque.
চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ, কিন্তু যিয়াৰৰ পথাৰত তাক পালোঁ।
7 Entremos en su Tabernáculo, Postrémonos ante el estrado de sus pies.
“আহাঁ, আমি তেওঁৰ আবাসলৈ যাওঁ, তেওঁৰ চৰণ তলত প্ৰণিপাত কৰোঁ।”
8 Oh Yavé, levántate [y ven] al lugar de tu reposo, Tú y el Arca de tu poder.
হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আহাঁ; তুমি আহাঁ আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।
9 Que tus sacerdotes se vistan de justicia, Y se regocijen tus santos.
তোমাৰ পুৰোহিতসকলে ধাৰ্মিকতাৰূপ বস্ত্ৰ পিন্ধক, তোমাৰ ভক্তগণে আনন্দ-ধ্বনি কৰক।
10 Por amor a David tu esclavo, No vuelvas el rostro de tu ungido.
১০তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।”
11 En verdad Yavé juró a David, Y no se retractará de ello: De tu descendencia sentaré en tu trono.
১১যিহোৱাই দায়ুদৰ আগত নিশ্চিত ৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব; “তোমাৰ ঔৰসত জন্মা সন্তান সকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।
12 Si tus hijos observan mi Pacto, Y mi testimonio que Yo les enseño, Tus hijos también se sentarán en tu trono para siempre.
১২তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
13 Porque Yavé escogió a Sion. La deseó para morada suya:
১৩কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
14 Este es el lugar de mi reposo para siempre. Aquí moraré, porque lo deseé.
১৪তেওঁ ক’লে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান; মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ।
15 Con abundancia bendeciré su provisión, Y saciaré de pan a sus necesitados.
১৫মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,
16 Vestiré con salvación a sus sacerdotes, Y sus santos darán voces de júbilo.
১৬মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ ধ্বনি কৰিব।
17 Allí retoñará el poder de David. Dispuse una lámpara para mi ungido.
১৭তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো, মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ।
18 A sus enemigos vestiré de vergüenza, Pero sobre él resplandecerá su corona.
১৮মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”

< Salmos 132 >