< Job 42 >

1 Entonces Job respondió a Yavé:
তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,
2 Reconozco que todo lo puedes, y que ningún propósito tuyo te puede ser estorbado.
“মই জানো যে, তুমি সকলো কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।
3 ¿Quién es el que oscurece el consejo sin entendimiento? ¡Yo! Porque hablaba lo que no entendía, cosas demasiado maravillosas para mí que no entendía.
তুমি মোক কোৱা, ‘কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে? সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।
4 Escúchame, te ruego, y hablaré. Te preguntaré, y Tú me enseñarás:
মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।
5 De oídas te oí, pero ahora cuando mis ojos te miran,
পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।
6 me aborrezco, me arrepiento y me echo en polvo y ceniza.
এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
7 Después que Yavé habló estas Palabras a Job, aconteció que Yavé dijo a Elifaz temanita: Mi ira se encendió contra ti y contra tus dos amigos, porque no hablaron lo recto de Mí, como mi esclavo Job.
যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
8 Tomen, pues, siete becerros y siete carneros, y vayan a mi esclavo Job y ofrezcan holocausto por ustedes. Mi esclavo Job intercederá por ustedes, porque Yo levantaré su rostro, para no hacer con ustedes conforme a su insensatez, pues no hablaron de Mí lo recto, como mi esclavo Job.
এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
9 Elifaz temanita, Bildad sujita y Sofar naamatita fueron e hicieron como Yavé les ordenó. Y Yavé levantó el rostro de Job.
তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।
10 Al orar por sus amigos, Yavé restauró a Job de su cautividad y aumentó al doble todo lo que poseyó.
১০যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
11 Llegaron a él todos sus hermanos y hermanas, y todos sus antiguos conocidos. Comieron con él en su casa, y se condolieron de él. Lo consolaron por toda la desgracia que Yavé trajo sobre él. Y cada uno le dio una pieza de plata y un anillo de oro.
১১পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।
12 Yavé bendijo los últimos días de Job más que los primeros, porque tuvo 14.000 ovejas, 6.000 camellos, 1.000 yuntas de bueyes, 1.000 asnas,
১২এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।
13 y siete hijos y tres hijas.
১৩তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল।
14 A la primera llamó Jemima, a la segunda Casia y a la tercera, Keren-hapuc.
১৪তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে।
15 En toda la tierra no había mujeres tan hermosas como las hijas de Job, y su padre les dio herencia entre sus hermanos.
১৫ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে।
16 Después de estas cosas, Job vivió 140 años, y vio a sus hijos y a sus nietos hasta la cuarta generación.
১৬ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে।
17 Murió anciano y lleno de días.
১৭এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।

< Job 42 >