< Ezequiel 15 >

1 Entonces la Palabra de Yavé vino a mí:
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Hijo de hombre: ¿Es la madera de la vid más que cualquiera otra madera de los árboles del bosque?
“হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?
3 ¿Sacan de ella madera para cualquier obra? ¿Sacan de ella estacas para colgar alguna cosa?
কোনো কাৰ্য কৰিবলৈ মানুহে জানো দ্ৰাক্ষালতাৰ কাঠৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব?
4 Si la echan al fuego como combustible, el fuego le devora las puntas y el centro queda chamuscado, ¿es útil para cualquier cosa?
চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ’ব?
5 Ciertamente, si cuando está intacto no sirve para alguna obra, ¡cuánto menos después que el fuego lo queme y lo consuma!
চোৱা! যেতিয়া সেয়ে সম্পূৰ্ণ হলেও কোনো কাৰ্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ’লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব?
6 Por tanto ʼAdonay Yavé dice: Como la madera de la vid entre los árboles del bosque, la cual eché al fuego como combustible, así entregué a los habitantes de Jerusalén.
এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীসকলৰ প্রতিও তেনে কৰিম।
7 Pongo mi rostro contra ellos. Escaparon del fuego. Pero el fuego los consumirá. Y sabrán que Yo soy Yavé cuando ponga mi rostro contra ellos.
কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘুৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
8 Así que convertiré la tierra en desolación, porque cometieron infidelidad, dice ʼAdonay Yavé.
আৰু তেওঁলোকে সত্য লঙ্ঘন কৰাৰ বাবে, মই দেশ উচ্ছন্ন কৰিম।” ইয়াক যিহোৱাই কৈছে।

< Ezequiel 15 >