< Éxodo 22 >

1 Cuando un hombre robe un buey o un cordero, y lo degüelle o lo venda, por aquel buey pagará cinco bueyes, y por aquel cordero pagará cuatro corderos.
কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব।
2 Si un ladrón es hallado cuando irrumpe en un lugar y es herido de tal modo que muere, a nadie se inculpará por su sangre.
চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব।
3 Pero si ya salió el sol, será delito de sangre. Ciertamente hará restitución. Si nada tiene, entonces será vendido por su robo.
কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব। চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চোৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব।
4 Si lo que robó se encuentra vivo en su poder, sea buey, asno u oveja, hará restitución con el doble.
চোৰে চুৰ কৰা গৰু, গাধ, বা মেৰ-ছাগ, যদি তেওঁৰ হাতত জীয়াই থকা পোৱা যায়, তেনেহ’লে তেওঁ তাৰ পৰিৱৰ্তে দুগুণ দিব লাগিব।
5 Cuando alguno destroce un campo o una viña al soltar su bestia a pastar en campo ajeno, hará restitución con lo mejor de su campo o lo mejor de su viña.
কোনো লোকে যদি শস্য-ক্ষেত্ৰত বা দ্ৰাক্ষাবাৰীত পশু চৰায় বা নিজৰ পশু মেলি দিওঁতে যদি আনৰ পথাৰত গৈ চৰে, তেনেহ’লে তেওঁ নিজৰ পথাৰৰ উত্তম শস্য, বা নিজৰ দ্ৰাক্ষাবাৰীৰ উত্তম ফল দি ক্ষতিপূৰণ কৰিব লাগিব।
6 Cuando un fuego se propague a las espinas y consuma las gavillas amontonadas o en pie en el campo, el que encendió el fuego restituirá sin falta.
জুই বিস্তাৰিত হৈ কাঁইটনিত লাগি যদি কোনো লোকৰ দমাই থোৱা শস্য, বা পথাৰৰ শস্য, বা পথাৰ গ্রাস কৰে, তেনেহ’লে যি জনে সেই জুই লগাবলৈ আৰম্ভ কৰিছিল, তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
7 Cuando un hombre dé a su prójimo plata u objetos para que los guarde, y sean robados de la casa de aquel que los guardó, si se halla al ladrón, restituirá el doble.
কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থ’বলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব।
8 Pero si el ladrón no es hallado, entonces el dueño de la casa se presentará ante los jueces y jurará si metió su mano en los bienes de su prójimo, o no.
কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমান কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব।
9 En todo asunto de transgresión, sea de buey, de asno, de oveja, de ropa, o cualquier pérdida en la que se diga: Esto es así, el asunto de ambos se llevará ante los jueces, y aquel a quien los jueces declaren culpable, pagará el doble a su prójimo.
কোনো বস্তুৰ বাবে হোৱা সকলো বিবাদ, যেনে গৰু, গাধ, মেৰ-ছাগ বা কাপোৰ আদি যি কোনো হেৰোৱা বস্তুৰ বিষয়ে “এই বস্তু মোৰ” বুলি কোৱা দুয়ো পক্ষৰ লোক বিচাৰকৰ্ত্তাৰ ওচৰলৈ আহিব লাগিব। এই বিষয়ত বিচাৰকৰ্ত্তাই যিজনক দোষী সাব্যস্ত কৰিব, তেওঁ তেওঁৰ চুবুৰীয়াক তাৰ দুগুণ দিব লাগিব।
10 Cuando un hombre dé a su prójimo un asno, buey u oveja, o cualquier animal para que lo guarde, y muera, o sea destrozado o robado sin que nadie vea,
১০কোনো লোকে যদি নিজৰ চুবুৰীয়াক এটা গাধ বা গৰু, বা মেৰ-ছাগ বা আন কোনো পশু ৰাখিবলৈ দিয়ে, আৰু কোনোৱে নেদেখাকৈ সেই পশু মৰে, বা আঘাত পায়, অথবা কোনোৱে যদি লৈ যায়,
11 se interpondrá juramento ante Yavé entre ambos para afirmar que su mano no se extendió a los bienes de su prójimo, su dueño lo aceptará, y el otro no pagará.
১১তেনেহ’লে মই চুবুৰীয়াৰ বস্তুত হাত দিয়া নাই, এই বুলি এজনে আন জনৰ আগত যিহোৱাৰ নামেৰে শপত খাব। পশুৰ গৰাকীয়ে সেই শপতত মান্তি হ’ব লাগিব; আৰু আন জনে তাৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
12 Pero si fue robado de junto a él, hará restitución a su dueño,
১২কিন্তু যদি সেই পশু তেওঁৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে তেওঁ তাৰ গৰাকীক ক্ষতিপূৰণ দিব লাগিব।
13 y si fue destrozado por una fiera, le llevará evidencia y no pagará lo destrozado.
১৩যদি কোনো জন্তুৱে সেই পশুটো ছিন্ন বিছিন্ন কৰি টুকুৰা কৰে, তেনেহ’লে আনজনে প্ৰমাণৰ বাবে পশুটোক আনিব লাগে। তেওঁ ছিৰা পশুৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
14 Cuando un hombre pida a su prójimo un animal, y sea herido o muerto en ausencia de su dueño, ciertamente lo pagará.
১৪কোনো লোকে যদি চুবুৰীয়াৰ কোনো পশু ধাৰত আনে, আৰু গৰাকী নথকা অৱস্থাত সেই পশুটোৱে আঘাত পায়, বা মৰে, তেনেহ’লে তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
15 Si el dueño está presente, no pagará. Si era alquilado, entrará en su alquiler.
১৫কিন্তু যদি গৰাকী পশুটোৰ লগত থাকে, তেনেহ’লে তেওঁ ক্ষতিপূৰণ দিব নালাগিব; পশুটো যদি ভাড়াত অনা হয়, তেনেহ’লে তাৰ বাবে ভাড়াৰ মূল্য দিব লাগিব।
16 Si un varón seduce a una virgen que no está comprometida y se une a ella, ciertamente deberá pagar la dote a fin de tomarla como esposa para él mismo.
১৬কোনো লোকে যদি তেওঁলৈ বাগ্দান নকৰা কুমাৰী যুৱতীৰ সৈতে শয়ন কৰে, তেনেহ’লে ইয়াৰ বাবে তেওঁ অৱশ্যেই যুৱতী গৰাকীৰ গা ধন দি তেওঁক নিজৰ ভাৰ্যা কৰি ল’ব লাগিব।
17 Pero si su padre rehúsa terminantemente dársela, él pagará el dinero conforme a la dote de las vírgenes.
১৭যদি যুৱতী গৰাকীৰ পিতৃয়ে সেই লোকজনলৈ বিয়া দিবলৈ অসন্মত হয়, তেনেহ’লে তেওঁ যুৱতী গৰাকীৰ কুমাৰীত্বৰ গা-ধন অনুসাৰে ধন দিব লাগিব।
18 No dejarás vivir a la hechicera.
১৮তোমালোকে মায়াকৰ্ম কৰা সকলক জীয়াই থাকিব নিদিবা।
19 Todo el que se ayunte con animal ciertamente será muerto.
১৯পশুৰ সৈতে যৌন সম্পৰ্ক কৰা লোকক অৱশ্যে প্ৰাণদণ্ড দিয়া হ’ব।
20 El que ofrezca sacrificio a cualquier ʼelohim que no sea Yavé, será completamente destruido.
২০যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিঃশেষে বিনষ্ট হ’ব।
21 No maltratarás ni oprimirás al extranjero, porque también ustedes fueron extranjeros en la tierra de Egipto.
২১তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
22 No afligirán a la viuda ni al huérfano.
২২তোমালোকে বিধৱা আৰু পিতৃহীন সন্তানক বেয়া ব্যৱহাৰ নকৰিবা।
23 Porque si los afligen, y ellos elevan su clamor a Mí, ciertamente escucharé el clamor de ellos
২৩তেওঁলোকক যদি তোমালোকে কষ্ট দিয়া, আৰু তেওঁলোকে যদি মোৰ আগত কাতৰোক্তি কৰে, তেনেহ’লে মই যিহোৱাই অৱশ্যে তেওঁলোকৰ কাতৰোক্তি শুনিম।
24 y se encenderá mi ira. A ustedes los haré morir a espada, y sus esposas quedarán viudas y sus hijos huérfanos.
২৪মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু মই তোমালোকক তৰোৱালেৰে বধ কৰিম। তোমালোকৰ ভাৰ্যাসকল বিধৱা, আৰু সন্তান সকল পিতৃহীন হ’ব।
25 Si prestas dinero al pobre de mi pueblo que está entre ustedes, no actuarás como un acreedor ni le cobrarás interés.
২৫তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা।
26 Si tomas en prenda la ropa de tu prójimo, se lo devolverás antes de la puesta del sol,
২৬তোমালোকে যদি কেতিয়াবা তোমালোকৰ চুবুৰীয়াৰ পৰা কাপোৰ বন্ধকত লোৱা, তেনেহ’লে বেলি মাৰ যোৱাৰ আগেয়ে তাক ঘূৰাই দিব লাগিব।
27 pues la ropa es su único cobertor para su piel. ¿En qué se va a acostar? Y si clama a Mí, sucederá que Yo lo escucharé, porque soy misericordioso.
২৭কাৰণ সেই কাপোৰখন তেওঁৰ একমাত্র গা ঢকা কাপোৰ; সেই খন নহ’লে তেওঁ কিহত শুব? তেওঁ যেতিয়া মোৰ আগত কাতৰোক্তি কৰিব, তেতিয়া মই তেওঁৰ কাতৰোক্তি শুনিম; কাৰণ মই দয়ালু।
28 No insultarás a los jueces, ni maldecirás al magistrado de tu pueblo.
২৮তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা।
29 No retardes la ofrenda de tu cosecha y de tu vendimia. Me darás el primogénito de tus hijos.
২৯তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব।
30 Lo mismo harás con el de tu buey y con el de tu oveja. Siete días estará con su madre, y al octavo día me lo darás.
৩০তোমালোকৰ গৰু আৰু মেৰ-ছাগৰ জাকৰ ক্ষেত্রতো সেইদৰেই কৰিবা। সেই পশুবোৰ সাত দিন নিজৰ মাকৰ লগত থাকিব, কিন্তু অষ্টম দিনা তোমালোকে সেইবোৰ মোক দিব লাগিব।
31 Me serán hombres santos. No comerán carne despedazada en el campo. La echarán a los perros.
৩১তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ লোক হ’বা। সেয়ে পথাৰত জন্তুৱে ছিৰা ছিৰ কৰা যিকোনো মাংস তোমালোকে নাখাবা; তাৰ পৰিৱৰ্তে কুকুৰৰ আগত পেলাই দিবা।

< Éxodo 22 >