< 2 Samuel 20 >

1 Pero Seba, hijo de Bicri, de Benjamín, hombre perverso, estaba allí. Éste sopló la corneta y dijo: ¡No tenemos parte en David ni heredad en el hijo de Isaí! ¡Israel: cada uno a su tienda!
সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”
2 Entonces todos los hombres de Israel dejaron de seguir a David y siguieron a Seba, hijo de Bicri. Pero los hombres de Judá siguieron fielmente a su rey desde el Jordán hasta Jerusalén.
গতিকে ইস্ৰায়েলৰ সকলো লোক দায়ূদৰ পৰা আতৰি গ’ল আৰু বিখ্ৰীৰ পুত্ৰ সেই চেবাৰ পাছত যাবলৈ ল’লে৷ কিন্তু যৰ্দ্দনৰ পৰা যিৰূচালেমলৈকে যিহূদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল।
3 Cuando David llegó a su palacio en Jerusalén, tomó a las diez concubinas que dejó para cuidar el palacio y las colocó en reclusión. Aunque las sustentó, nunca más se unió a ellas. Ellas quedaron en viudez perpetua hasta cuando murieron.
পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।
4 Luego el rey dijo a Amasa: Convócame a los hombres de Judá dentro de tres días y preséntate aquí.
তেতিয়া ৰজাই অমাচাক ক’লে, “তিনি দিনৰ ভিতৰত যিহূদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা; আৰু তুমি নিজেও এই ঠাইত উপস্থিত হ’বা।”
5 Amasa fue a convocar a Judá, pero tardó más del tiempo que le fue señalado.
তেতিয়া অমাচাই যিহূদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ’ল কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ’ল।
6 Entonces David dijo a Abisai: Seba, hijo de Bicri nos hará más daño ahora que Absalón. Toma tú a los esclavos de tu ʼadón y vé tras él, no sea que halle ciudades fortificadas para él y escape de nosotros.
তেতিয়া দায়ূদে অবীচয়ক ক’লে, “এতিয়া বিখ্ৰীৰ পুত্ৰ চেবাই অবচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব৷ তুমি তোমাৰ প্ৰভুৰ দাসবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা; নহ’লে তেওঁ গড়েৰে আবৃত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা সাৰি যাব।”
7 Entonces los hombres de Joab con los cereteos, los peleteos y todos los valientes salieron tras él. Salieron de Jerusalén para ir tras Seba.
তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।
8 Cuando estaban cerca de la gran roca que está en Gabaón, Amasa fue a ellos. Joab vestía su ropa militar, y sobre ella una espada con su vaina atada a la cintura, la cual se le cayó cuando avanzó.
যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল।
9 Joab preguntó a Amasa: ¿Tienes paz, hermano mío? Y Joab tomó a Amasa por la barba con su mano derecha para besarlo.
তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷
10 Pero Amasa no se cuidó de la espada que estaba en la otra mano de Joab, de modo que lo hirió con ella en la quinta costilla y derramó sus vísceras a tierra. Cayó muerto sin necesidad de repetir la estocada. Después Joab y su hermano Abisai fueron a perseguir a Seba, hijo de Bicri.
১০অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।
11 Uno de los jóvenes de Joab se colocó en pie junto a él y dijo: ¡El que favorezca a Joab y esté por David, siga a Joab!
১১তেতিয়া অমাচাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক’লে, “যি জনে যোৱাবক ভাল পায় আৰু দায়ূদৰ ফলীয়া হয়, তেওঁ যোৱাবক অনুসৰণ কৰ’ক।”
12 Amasa estaba tendido revolcándose en su sangre en medio del camino. Cuando un hombre vio que todo el que pasaba se detenía, apartó a Amasa del camino, lo llevó al campo y lo cubrió con una túnica.
১২তেতিয়ালৈকে অমাচা ৰাজ বাটৰ মাজত নিজৰ তেজেৰে লেটি-পেটি হৈ পৰি আছিল৷ তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি, অমাচাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁৰ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে।
13 Cuando fue apartado del camino, todos los hombres siguieron tras Joab para perseguir a Seba, hijo de Bicri.
১৩যেতিয়া অমাচাক ৰাজবাটৰ পৰা নিয়া হ’ল, তেতিয়া আটাই লোক বিখ্ৰীৰ পুত্ৰ চেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ’ল।
14 Seba pasó por todas las tribus de Israel hasta Abel de Bet-maacá. Todos los bicritas se reunieron y también fueron tras él.
১৪পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল।
15 Entonces todo el ejército que estaba con Joab llegó y lo sitiaron en Abel de Bet-maacá. Levantaron un terraplén contra el muro de la ciudad que estaba sostenida en el muro.
১৫তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে।
16 Entonces una mujer sabia dio voces desde la ciudad: ¡Escuchen! ¡Escuchen! Les ruego que digan a Joab: ¡Ven acá para que yo hable contigo!
১৬তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক’লে, “শুনক, অনুগ্ৰহ কৰি শুনক, হে যোৱাব! মই যেন আপোনাৰ লগত কথা-বতৰা হ’ব পাৰোঁ সেই বাবে মোৰ ওচৰলৈ আঁহক৷”
17 Cuando él se acercó a ella, la mujer le preguntó: ¿Eres tú Joab? Y le respondió: Yo soy. Y ella le dijo: Escucha las palabras de tu esclava. Y él respondió: Escucho.
১৭তেতিয়া যোৱাব তাইৰ ওচৰলৈ গ’ল, তাতে সেই মহিলা গৰাকীয়ে তেওঁক সুধিলে, “আপুনি যোৱাব হয় নে?” তেওঁ উত্তৰ দি ক’লে, “হয়, মই হওঁ।” তাতে মহিলা গৰাকীয়ে ক’লে, “আপোনাৰ বেটীঁৰ কথাবোৰ শুনক।” তেওঁ ক’লে, “বাৰু কওঁক, মই শুনি আছোঁ।”
18 Entonces ella habló: Antiguamente solían decir: El que consulte, que consulte en Abel, y así concluían cualquier asunto.
১৮তেতিয়া সেই মহিলা গৰাকীয়ে ক’লে, “পূৰ্বকালত লোকসকলে এই কথা কৈছিল, বোলে, ‘আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক,’ আৰু পাছত সেইদৰেই কাৰ্যৰ বিষয় সিদ্ধ হ’ব।
19 Yo soy de las pacíficas y fieles de Israel, pero tú procuras destruir una ciudad que es madre en Israel. ¿Por qué destruyes la heredad de Yavé?
১৯আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”
20 Joab respondió y dijo: ¡Lejos, lejos esté de mí que yo devore o destruya!
২০তাতে যোৱাবে উত্তৰ দি ক’লে, “গ্ৰাস বা বিনষ্ট, দূৰ হওঁক, মোৰ পৰা দূৰে থাকক।
21 El asunto no es así, sino que un hombre de la región montañosa de Efraín, Seba, hijo de Bicri, levantó su mano contra el rey David. Entreguen solo a él y me iré de la ciudad. Entonces la mujer respondió a Joab: ¡Mira, su cabeza te será lanzada desde el muro!
২১এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।”
22 Después la mujer fue a todo el pueblo con su sabiduría. Cortaron la cabeza a Seba, hijo de Bicri, y la lanzaron a Joab. Y éste tocó la corneta y se retiraron de la ciudad, cada uno a su tienda, y Joab regresó al rey en Jerusalén.
২২তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷
23 Joab era el general de todo el ejército de Israel, y Benaía, hijo de Joiada, era comandante de los cereteos y los peleteos.
২৩সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷
24 Adoram estaba a cargo de los tributos, y Josafat, hijo de Ahilud, era el cronista.
২৪অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস লিখক আছিল৷
25 Seva era el escriba, y Sadoc y Abiatar, los sacerdotes.
২৫চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।
26 Ira, el jaireo, era un ministro principal de David.
২৬আৰু যায়ীৰীয়া ঈৰাও দায়ূদৰ মূখ্য-মন্ত্ৰী আছিল।

< 2 Samuel 20 >