< Jueces 14 >
1 Sansón bajó a Timna y vio en Timna a una mujer de las hijas de los filisteos.
১পাছত চিমচোনে তিম্নালৈ নামি গ’ল আৰু সেই ঠাইত পলেষ্টীয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখা পালে।
2 Subió y se lo contó a su padre y a su madre, diciendo: “He visto una mujer en Timna de las hijas de los filisteos. Consíguemela, pues, como esposa”.
২আৰু উলটি আহি নিজৰ মাক-বাপেকক ক’লে, “মই তিম্নাত পলেষ্টীয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখিলোঁ; তোমালোকে তেওঁক আনি মোৰে সৈতে বিয়া কৰাই মোৰ পত্নী হ’বলৈ দিয়া।”
3 Entonces su padre y su madre le dijeron: “¿No hay ninguna mujer entre las hijas de tus hermanos, o entre todo mi pueblo, para que vayas a tomar esposa de los filisteos incircuncisos?” Sansón dijo a su padre: “Tráemela, pues me agrada”.
৩তেতিয়া তেওঁৰ বাপেক-মাকে তেওঁক ক’লে, “তোমাৰ ভাইসকলৰ মাজত আৰু মোৰ স্ব-জাতীয় লোকসকলৰ মাজত জানো ছোৱালী নাই যে, তুমি সেই অচুন্নৎ পলেষ্টীয়াসকলৰ ছোৱালী আনিবলৈ যাব খুজিছা।” চিমচোনে তেওঁৰ বাপেকক ক’লে, “তুমি মোৰ কাৰণে তেওঁকেই আনিবলৈ দিয়া; কিয়নো যেতিয়া মই তেওঁক চালোঁ, তেতিয়া তেৱেঁই মোক সন্তোষ দিলে।”
4 Pero su padre y su madre no sabían que era de Yahvé, porque buscaba una ocasión contra los filisteos. En aquel tiempo los filisteos gobernaban sobre Israel.
৪কিন্তু তেওঁৰ মাক বাপেকে নাজানিলে, যে সেয়ে যিহোৱাৰ পৰা হৈছে; কাৰণ তেওঁ পলেষ্টীয়াসকলৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল। সেই কালত ফিলিস্তীয়াসকলে ইস্ৰায়েলক শাসন কৰিছিল।
5 Entonces Sansón bajó a Timná con su padre y su madre, y llegó a las viñas de Timná; y he aquí que un león joven rugió contra él.
৫পাছত চিমচোন আৰু তেওঁৰ বাপেক-মাক তিম্নালৈ নামি গৈ তিম্নাত থকা দ্ৰাক্ষাবাৰী পোৱাত, এটা ডেকা সিংহই চিমচোনৰ বিৰুদ্ধে গৰ্জ্জন কৰি খেদি আহিল।
6 El Espíritu de Yahvé vino poderosamente sobre él, y lo desgarró como se hubiera desgarrado un cabrito con sus propias manos, pero no dijo a su padre ni a su madre lo que había hecho.
৬তেতিয়া যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল, তেওঁৰ হাতত একো নথকাটো, ছাগলী পোৱালি ছিৰা নিচিনাকৈ তেওঁ সেই সিংহক ছিৰি পেলালে; কিন্তু তেওঁ কি কৰিলে সেই বিষয়ে নিজৰ মাক-বাপেকক নক’লে।
7 Bajó y habló con la mujer, y ella se mostró complaciente con Sansón.
৭পাছত চিমচোনে গৈ সেই ছোৱালীৰ লগত কথা বতৰা হ’ল আৰু যেতিয়া তেওঁ সেই ছোৱালী জনীক চালে তেওঁক চাই সন্তুষ্ট হ’ল।
8 Al cabo de un rato volvió para llevársela, y se acercó a ver el cadáver del león; y he aquí que en el cuerpo del león había un enjambre de abejas y miel.
৮কিছু কালৰ পাছত, তেওঁ যেতিয়া সেই ছোৱালীক বিয়া কৰাই আনিবলৈ পুনৰাই সেই ঠাইলৈ গৈছিল, তেতিয়া সেই সিংহৰ শৱ চাবলৈ বাট এৰি গৈ দেখিলে যে, সিংহৰ শৱৰ ভিতৰত এজাক মৌ-মাখি আৰু মৌ আছে;
9 Lo tomó en sus manos y siguió adelante, comiendo a su paso. Se acercó a su padre y a su madre y les dio, y ellos comieron, pero no les dijo que había sacado la miel del cuerpo del león.
৯তেতিয়া তেওঁ তাক আনি হাতত লৈ খাই খাই গ’ল আৰু বাপেক মাকৰ ওচৰ পাই তেওঁলোককো কিছু দিয়াত, তেওঁলোকেও খালে। কিন্তু তেওঁ যে সেই মৌ সিংহৰ শৱৰ পৰা আনিলে, সেই বিষয়ে তেওঁ তেওঁলোকক নক’লে।
10 Su padre bajó a la mujer, y Sansón hizo allí un banquete, pues los jóvenes solían hacerlo.
১০পাছত তেওঁৰ বাপেক সেই ছোৱালীৰ ওচৰলৈ যোৱাত, চিমচোনে সেই ঠাইতে ভোজ যুগুত কৰিলে; কিয়নো ডেকা লোক সকলৰ তেনে ধৰণৰ নিয়ম আছিল।
11 Cuando lo vieron, trajeron a treinta compañeros para que estuvieran con él.
১১পাছত তেওঁক দেখি ফীলিস্টীয়াসকলে তেওঁৰ ওচৰত থাকিবলৈ ত্ৰিশ জন সখিয়েক আনিলে।
12 Sansón les dijo: “Déjenme decirles ahora un acertijo. Si podéis decirme la respuesta dentro de los siete días de la fiesta, y la averiguáis, entonces os daré treinta vestidos de lino y treinta mudas de ropa;
১২পাছত চিমচোনে তেওঁলোকক ক’লে, “মই তোমালোকক এটি সাঁথৰ কওঁ, তোমালোকে উৎসৱৰ এই সাত দিনৰ ভিতৰতে যদি মোক তাৰ অৰ্থ ঠিক ৰূপে বুজাই ক’ব পাৰা, তেন্তে মই তোমালোকক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিম।
13 pero si no podéis decirme la respuesta, entonces me daréis treinta vestidos de lino y treinta mudas de ropa.” Le dijeron: “Dinos tu acertijo, para que lo escuchemos”.
১৩কিন্তু যদি মোক তাৰ অৰ্থ ক’ব নোৱাৰা, তেন্তে তোমালোকে মোক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিবা।” তেতিয়া সিহঁতে তেওঁক ক’লে, “তোমাৰ সাঁথৰ কোৱা, আমি তাক শুনো।”
14 Les dijo, “Del comensal salió la comida. De lo fuerte salió lo dulce”. En tres días no pudieron declarar el enigma.
১৪তেতিয়া তেওঁ তেওঁলোকক ক’লে, “খাওঁতাৰ পৰা খোৱা বস্তু আৰু বলৱানৰ পৰা মধু ওলাল।” তাতে সিহঁতে তিনদিনৰ ভিতৰত সেই সাঁথৰৰ অৰ্থ ক’ব নোৱাৰিলে।
15 Al séptimo día dijeron a la mujer de Sansón: “Incita a tu marido a que nos declare el enigma, no sea que te quememos a ti y a la casa de tu padre. ¿Nos has llamado para empobrecernos? ¿No es así?”
১৫পাছত সপ্তম দিন হ’লত, সিহঁতে চিমচোনৰ ঘৈনীয়েকক ক’লে, “যাতে তোমাৰ গিৰীয়েৰে সাঁথৰৰ অৰ্থ আমাক কয়, এই কাৰণে তুমি তেওঁক ফুচুলাবা, নহ’লে আমি তোমাক আৰু তোমাৰ পিতৃ বংশক জুইত পুৰিম; তোমালোকে আমাক দৰিদ্ৰ কৰিবৰ অৰ্থেহে নিমন্ত্ৰণ কৰিছিলা, এনে নহয় জানো?”
16 La mujer de Sansón lloró ante él y le dijo: “Sólo me odias y no me amas. Has contado un acertijo a los hijos de mi pueblo, y no me lo has contado a mí”. Él le dijo: “He aquí que no se lo he dicho a mi padre ni a mi madre, ¿por qué habría de decírtelo a ti?”.
১৬পাছত চিমচোনৰ ঘৈনীয়েকে গিৰীয়েকৰ গুৰিত কান্দি ক’লে, “তুমি মোক কেৱল ঘিণ কৰিছা, এফেৰিও মৰম নকৰা; মোৰ স্বজাতীয়সকলক এটি সাঁথৰ ক’লা, কিন্তু মোক তাৰ অৰ্থ বুজাই নক’লা।” তেতিয়া তেওঁ ক’লে, “চোৱা, মোৰ বোপাই আইকে এই বিষয়ে বুজাই কোৱা নাই, তেন্তে তোমাক বুজাই ক’মনে?”
17 Ella lloró delante de él los siete días que duró su fiesta; y al séptimo día se lo contó, porque ella lo presionó mucho; y ella contó el acertijo a los hijos de su pueblo.
১৭তথাপি তেওঁৰ ঘৈনীয়েকে উৎসৱৰ সাত দিনৰ শেষলৈকে তেওঁৰ গুৰিত কান্দি কান্দি থাকিল; পাছত মহিলাই তেওঁক বৰকৈ ধৰাত, তেওঁ সপ্তম দিনা তেওঁক বুজাই ক’লে; তেতিয়া তেওঁ সেই স্বজাতীয়সকলক সাঁথৰৰ অৰ্থ কৈ দিলে।
18 Los hombres de la ciudad le dijeron al séptimo día, antes de que se pusiera el sol: “¿Qué es más dulce que la miel? ¿Qué es más fuerte que un león?” Les dijo, “Si no hubieras arado con mi vaquilla, no habrías descubierto mi acertijo”.
১৮পাছত সপ্তম দিনা সূৰ্য মাৰ যোৱাৰ আগেয়ে সেই নগৰত থকা লোকসকলে তেওঁক ক’লে, “মৌতকৈ মিঠা কি? আৰু সিংহতকৈ বলৱান কোন?” তাতে চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোৰ চেঁউৰী গৰুৰে হাল নোবোৱা হ’লে, মোৰ সাঁথৰৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়।”
19 El Espíritu de Yahvé vino poderosamente sobre él, y bajó a Ascalón y golpeó a treinta hombres de ellos. Tomó su botín, y luego dio las mudas de ropa a los que declararon el enigma. Su ira ardió, y subió a la casa de su padre.
১৯পাছত যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলোনলৈ নামি গল আৰু সেই ঠাইৰ ত্ৰিশজন মানুহক বধ কৰি সিহঁতৰ কাপোৰ সোলোকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ সাঁথৰৰ অৰ্থ কোৱাবোৰক দিলে; আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ’ল।
20 Pero la mujer de Sansón fue entregada a su compañero, que había sido su amigo.
২০পাছত চিমচোনে নিজৰ প্রিয় মিত্ৰক তেওঁৰ পত্নীক দি দিলে।