< 1 Crónicas 19 >
1 Después de esto, murió Nahas, rey de los hijos de Amón, y su hijo reinó en su lugar.
১অম্মোনৰ লোকসকলৰ ৰজা নাহচৰ মৃত্যুৰ পাছত, তেওঁৰ পুত্র তেওঁৰ পদত ৰজা হ’ল।
2 David dijo: “Mostraré bondad con Hanún, hijo de Nahas, porque su padre mostró bondad conmigo”. Entonces David envió mensajeros para consolarle respecto a su padre. Los servidores de David fueron a la tierra de los hijos de Amón a Hanún para consolarlo.
২দায়ুদে ক’লে, “নাহচৰ পুত্র হানুনে মোৰ প্রতি দয়া দেখুৱাইছিল, সেয়ে মইও তেওঁলৈ দয়া কৰিম।” সেই বাবে দায়ূদে তেওঁৰ পিতৃক সান্তনা দিবলৈ বাৰ্তাবহক সকলক পঠালে। দায়ূদৰ দাসবোৰ অম্মোনৰ দেশত সোমাই হানূনক শান্তনা দিবলৈ তেওঁৰ ওচৰলৈ গ’ল।
3 Pero los príncipes de los hijos de Amón dijeron a Hanún: “¿Acaso crees que David honra a tu padre, pues te ha enviado consoladores? ¿No han venido a ti sus siervos para buscar, derrocar y espiar la tierra?”
৩কিন্তু অম্মোনৰ প্রধান লোকসকলে হানুনক ক’লে, “দায়ুদে আপোনাক সান্তনা দিবলৈ মানুহ পঠিওৱাৰ বাবে, আপুনি ভাবিছেনে আপোনাৰ পিতৃক সচাঁকৈয়ে সন্মান কৰে?” আপোনাৰ দেশ ধ্বংস কৰিবলৈ তেওঁৰ দাসবোৰে অনুসন্ধান কৰি দেশৰ বুজ-বিচাৰ লবলৈ ইয়ালৈ আহিছে।
4 Entonces Hanún tomó a los siervos de David, los afeitó y les cortó los vestidos por la mitad a la altura de las nalgas, y los despidió.
৪সেয়ে হানুনে দায়ূদৰ দাস সকলক ধৰি তেওঁলোকৰ ডাঢ়ি খুৰালে, তেওঁলোকৰ পিন্ধা কাপোৰ ককালৰ পৰা তপিনালৈকে কাটি তেওঁলোকক যাবলৈ দিলে।
5 Luego, algunas personas fueron a contarle a David cómo habían sido tratados los hombres. Él envió a recibirlos, pues los hombres estaban muy humillados. El rey les dijo: “Quédense en Jericó hasta que les crezca la barba, y luego vuelvan”.
৫যেতিয়া তেওঁলোকে দায়ূদক এই সকলো কথা ব্যাখ্যা কৰিলে, তেতিয়া তেওঁলোকে লাজ পোৱা বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ লগত মানুহ পঠালে, আৰু ৰজাই তেওঁলোকক আজ্ঞা দিলে, “তোমালোকৰ ডাঢ়ি নাবাঢ়ে মানে তোমালোক যিৰীহোত থাকা, তাৰ পাছত ওভটি আহিবা।
6 Cuando los hijos de Amón vieron que se habían hecho odiosos para David, Hanún y los hijos de Amón enviaron mil talentos de plata para contratar carros y jinetes de Mesopotamia, de Aram-maacá y de Zoba.
৬যেতিয়া অম্মোনৰ লোকসকলে দেখিলে যে, দায়ূদৰ বাবে তেওঁলোক ঘিণলগীয়া হ’ল, হানুন আৰু অম্মোনৰ লোকসকলে অৰাম-নহৰয়িম, মাখা, আৰু চোবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে এক হাজাৰ কিক্কৰ ৰূপ পঠালে।
7 Y contrataron para sí treinta y dos mil carros, y al rey de Maaca con su gente, que vino y acampó cerca de Medeba. Los hijos de Amón se reunieron desde sus ciudades y vinieron a la batalla.
৭তেওঁলোকে বত্ৰিশ হাজাৰ ৰথ, আৰু মাখাৰ ৰজা আৰু তেওঁৰ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত ছাউনি পাতিলে। অম্মোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল।
8 Cuando David se enteró, envió a Joab con todo el ejército de valientes.
৮যেতিয়া দায়ূদে এই কথা শুনিলে, তেওঁ যোৱাবক আৰু সকলো সৈন্যসকলক তেওঁলোকক সাক্ষাৎ কৰিবলৈ পঠালে।
9 Los hijos de Amón salieron y prepararon la batalla a la puerta de la ciudad, y los reyes que habían venido estaban solos en el campo.
৯অম্মোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে, আৰু যি সকল ৰজা নিজে আহিছিল, তেওঁলোক পথাৰত আছিল।
10 Cuando Joab vio que la batalla estaba preparada contra él por delante y por detrás, escogió a algunos de todos los hombres selectos de Israel y los puso en orden de batalla contra los sirios.
১০যেতিয়া যোৱাবে তেওঁৰ আগফালে আৰু পাছফালে, দুয়োফালে যুদ্ধৰ বাবে শাৰী পাতি থকা দেখিলে, তেতিয়া তেওঁ ইস্ৰায়েলৰ লোক সকলৰ মাজৰ পৰা পাৰ্গত যুদ্ধাৰু মনোনীত কৰিলে আৰু তেওঁলোকক অৰামীয়া সকলৰ বিৰুদ্ধে প্রস্তুত কৰিলে।
11 El resto del pueblo lo puso en manos de Abisai, su hermano, y se puso en orden de batalla contra los amonitas.
১১অৱশিষ্ট সৈন্যসকলক নিজৰ ভায়েক অবীচয়ৰ শাসনত দিলে আৰু তেওঁ অম্মোনৰ সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধৰ বাবে তেওঁলোকক শাৰী পাতিবলৈ দিলে।
12 Él dijo: “Si los sirios son demasiado fuertes para mí, tú me ayudarás; pero si los hijos de Amón son demasiado fuertes para ti, yo te ayudaré.
১২যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিচয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অম্মোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম।
13 Sé valiente, y seamos fuertes por nuestro pueblo y por las ciudades de nuestro Dios. Que Yahvé haga lo que le parece bien”.
১৩সাহিয়াল হোৱা, আমাৰ লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ কাৰণে আহাঁ আমি নিজকে সাহসী দেখুৱাওহঁক, কাৰণ যিহোৱাই তেওঁৰ উদ্দেশে যি ভাল, তাকেই কৰক।”
14 Entonces Joab y el pueblo que estaba con él se acercaron al frente de los sirios a la batalla, y huyeron ante él.
১৪সেয়ে যোৱাব আৰু তেওঁৰ সৈন্যৰ যোৱানসকলে অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই গ’ল, যি জনে ইস্রায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাই যাবলৈ বাধ্য কৰালে।
15 Cuando los hijos de Amón vieron que los sirios habían huido, huyeron igualmente ante Abisai, su hermano, y entraron en la ciudad. Entonces Joab llegó a Jerusalén.
১৫যেতিয়া অম্মোনৰ সৈন্যসকলে অৰামীয়াসকলক পলাই যোৱা দেখিলে, তেওঁলোকেও যোৱাবৰ ভায়েক অবীচয়ৰ আগৰ পৰা পলাই নগৰলৈ ঘূৰি গ’ল। তেতিয়া যোৱাব অম্মোনৰ লোকসকলৰ পৰা ঘূৰি আহিল আৰু যিৰূচালেমলৈ উভতি গ’ল।
16 Cuando los sirios vieron que habían sido derrotados por Israel, enviaron mensajeros y convocaron a los sirios que estaban al otro lado del río, con Shophach, el capitán del ejército de Hadadezer, al frente.
১৬যেতিয়া অৰামীয়াসকলে ইস্ৰায়েলৰ দ্ৱাৰাই পৰাজিত হোৱা দেখিলে, তেতিয়া তেওঁলোকক পুনৰ শক্তিশালী কৰিবলৈ ইফ্রাতীচ নদীৰ সিপাৰে হদদেজৰৰ সৈন্যৰ সেনাপতি চোফকৰ লগত পঠিয়ালে।
17 David recibió la noticia, así que reunió a todo Israel, pasó el Jordán, llegó hasta ellos y preparó la batalla contra ellos. Cuando David preparó la batalla contra los sirios, éstos lucharon con él.
১৭যেতিয়া দায়ুদে এই কথা ক’লে, তেওঁ সকলো ইস্ৰায়েল লোকসকলক একগোট কৰি, যৰ্দ্দন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্রস্তুত কৰিলে, আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে।
18 Los sirios huyeron ante Israel, y David mató de los sirios a siete mil cuadrillas y cuarenta mil hombres de a pie, y también mató a Shophach, el capitán del ejército.
১৮অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।
19 Cuando los servidores de Hadadézer vieron que habían sido derrotados por Israel, hicieron la paz con David y le sirvieron. Los sirios no quisieron ayudar más a los hijos de Amón.
১৯যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।