< Deuteronomio 8 >
1 Ten cuidado de seguir todos los mandamientos que te doy hoy para que vivas y tengas muchos descendientes, y para que vayas y te apoderes del país que el Señor prometió darles a tus antepasados.
১আজি মই আপোনালোকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা আপোনালোকে মানি চলিব যাতে আপোনালোক জীয়াই থাকি সংখ্যাত বৃদ্ধি পায় আৰু যিহোৱাই আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰে।
2 Recuerda cómo durante estos cuarenta años el Señor tu Dios te ha llevado por todo el desierto, humillándote y poniéndote a prueba para saber en qué estabas pensando realmente y si ibas a cumplir sus mandamientos o no.
২আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
3 Te humilló y, cuando tuviste hambre, te dio a comer maná, que nadie, ni siquiera tú y tus antepasados, habían tenido antes. Esto fue para dejarte claro que los seres humanos no viven sólo de comer pan, sino de toda palabra que sale de la boca del Señor.
৩ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
4 Durante estos cuarenta años tu ropa no se desgastó y tus pies no se hincharon.
৪এই চল্লিশ বছৰত, আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল।
5 Así que debes darte cuenta de que así como un padre disciplina a su hijo, el Señor tu Dios te disciplina a ti.
৫এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব।
6 Por eso debes guardar los mandamientos del Señor tu Dios, siguiendo sus caminos y respetándolo.
৬আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব।
7 Porque el Señor tu Dios te lleva a un buen país. Es una tierra de arroyos, estanques y manantiales que fluyen por los valles y bajan por las colinas;
৭কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ।
8 Es una tierra que produce trigo, cebada, vides, higueras, granadas, aceite de oliva y miel.
৮সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।
9 Es una tierra en la que no se agotan los alimentos, en la que se tiene todo lo necesario; una tierra cuyas rocas contienen mineral de hierro y cuyas colinas pueden ser explotadas para obtener cobre.
৯সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই আপোনালোকে পাব। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব।
10 Cuando comas y te sacies, dale las gracias al Señor tu Dios por la buena tierra que te ha dado.
১০আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।
11 Asegúrate de no olvidar al Señor tu Dios desobedeciendo sus mandamientos y reglas que te doy hoy.
১১আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব।
12 Porque cuando comas y te sacies, cuando construyas casas hermosas para vivir,
১২অন্যথা, এনেকুৱা নহওঁক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ’ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব।
13 y cuando tus rebaños y manadas crezcan, y tu plata y oro se acumulen, y todas tus posesiones aumenten,
১৩যেতিয়া আপোনালোকৰ গৰু-ছাগলী, মেৰ-ছাগ জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব,
14 entonces te enorgullecerás y te olvidarás del Señor tu Dios que te sacó de Egipto, de la prisión, de la casa de la esclavitud.
১৪তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব।
15 Él te guió a través del inmenso y aterrador desierto con sus venenosas serpientes y escorpiones, una tierra seca y sin agua. Te trajo agua de una roca de pedernal.
১৫তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোঁৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল।
16 Te alimentó en el desierto con maná que tus antepasados nunca habían conocido, humillándote y poniéndote a prueba, para que al final te fuera bien en el futuro.
১৬তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।
17 Puede que llegues a pensar: “Me hice rico con todo mi trabajo”.
১৭আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”
18 Pero recuerda que es el Señor su Dios quien les da la capacidad de haceros ricos, para cumplir su acuerdo que prometió a sus antepasados y que aún hoy existe.
১৮কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
19 Si alguna vez te olvidasdel Señor tu Dios, y vas tras otros dioses, adorándolos e inclinándote ante ellos, les aseguro ahora mismo que morirán definitivamente.
১৯আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
20 De la misma manera que el Señor destruyó las naciones mientras avanzabas, también morirás si no obedeces al Señor tu Dios.
২০আপোনালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’ব।