< Salmos 15 >
1 Yahvé, ¿quién podrá morar en tu Tabernáculo? ¿Quién habitará en tu santo monte?
১হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
2 El que procede sin tacha y obra justicia y piensa verdad en su corazón,
২সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়;
3 cuya lengua no calumnia, que no hace mal a su semejante, ni infiere injuria a su prójimo;
৩যিসকলৰ জিভাই পৰচর্চ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
4 que tiene por despreciable al réprobo, y honra en cambio a los temerosos de Yahvé; que no vuelve atrás, aunque haya jurado en perjuicio propio;
৪যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
5 que no presta su dinero a usura, ni recibe sobornos contra el inocente. El que así vive no será conmovido jamás.
৫যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।