< Jeremías 47 >

1 Palabra que dijo Yahvé al profeta Jeremías, acerca de los filisteos, antes que el Faraón derrotara a Gaza.
ফৰৌণে গাজাক প্ৰহাৰ কৰা আগতে, পলেষ্টীয়াসকলৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
2 Así dice Yahvé: “He aquí aguas que avanzan del Norte, como torrente que inunda; inundan el país y su amplitud, la ciudad y sus habitantes. Claman los hombres y dan alaridos todos los moradores del país,
“যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দিশৰ পৰা জল সমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোঁতা ধল পানী হৈ, দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু নিবাসীসকলক তল নিয়াব! তাতে লোকসকলে চিঞৰিব, আৰু দেশত বাস কৰা সকলোৱে হাহাকাৰ কৰিব।
3 al estrépito de los cascos de sus caballos, al estruendo de sus carros y al ruido de sus ruedas. Los padres no miran ya por sus hijos; les faltan las fuerzas,
শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত, ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত, পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তান সকললৈ ঘূৰি নাচাব।
4 pues llegó el día para destruir a todos los filisteos; para privar a Tiro y Sidón del postrer aliado. Porque Yahvé va a destruir a los filisteos, el residuo de la isla de Caftor.
কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা, প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব।
5 Sobre Gaza viene la calvicie, Ascalón, resto de los gigantes, es reducida a silencio. ¿Hasta cuándo te harás incisiones?
গাজাৰ মূৰ টকলা কৰা হ’ল, তেওঁলোকৰ উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ’ল; তুমি কিমান কাল তোমাৰ গা কাটকূট কৰিবা?
6 ¡Ay espada de Yahvé! ¿Cuándo descansarás? ¡Vuélvete a tu vaina, descansa y calla!
হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
7 ¿Mas cómo podrás descansar cuando Yahvé te ha dado orden? Es contra Ascalón y la costa del mar adonde Él la dirige.”
যিহোৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ষান্ত হ’ব পাৰা? তেওঁ অস্কিলোন আৰু সমুদ্ৰৰ দাঁতিৰ বিৰুদ্ধে তাক নিযুক্ত কৰিলে।”

< Jeremías 47 >