< 2 Korintos 4 >

1 Sidaas daraaddeed sida lanoogu naxariistay, annagoo haysanna adeegiddan, qalbi jabi mayno;
এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ;
2 laakiin waxaannu diidnay waxyaalihii qarsoonaa oo ceebta ahaa, annagoo aan sirta ku soconaynin ama aan ereyga Ilaah qalloocinaynin, laakiin muujinta runta ayaannu niyada dadka oo dhan isugu bognaa Ilaah hortiisa.
কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
3 Laakiin injiilkayagu hadduu daboolan yahay, wuxuu ka daboolan yahay kuwa lumaya.
কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়;
4 Ilaaha wakhtigani wuu ka indho tiray maanka kuwa aan rumaysanaynin, inaan iftiinka injiilka ee ammaanta Masiix, kan ah u-ekaanta Ilaah, uu ifin iyaga. (aiōn g165)
ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে। (aiōn g165)
5 Waayo, annaga qudhayadu idinkuma wacdinno wax nagu saabsan, laakiin waxaannu idinku wacdinnaa wax ku saabsan Ciise Masiix oo Rabbiga ah, iyo annagoo ah addoommadiinna Ciise aawadiis.
কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।
6 Waayo, waa Ilaah kan yidhi, Iftiin ha ka ifo gudcur, kan qalbiyadeenna uga ifay inuu iftiinka aqoonta ammaanta Ilaah inaga siiyo Ciise Masiix wejigiisa.
যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
7 Laakiin khasnaddan ayaannu ku haysannaa weelal dhoobo ah in xoogga weynaantiisa ay ka ahaato xaggii Ilaah ee aanay xaggayaga ka ahaan.
শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;
8 Wax walba waa lanagu dhibay, laakiin lanama cidhiidhiyin, waannu qalbi walaacnay, laakiin ma aannu quusan,
আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;
9 waa lana silciyey, laakiin lanama dayrin, hoos baa lanoo tuuray, laakiin lanama baabbi'in.
তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
10 Mar walba jidhkaannu ku sidnaa dhimashada Ciise in haddana nolosha Ciise ay jidhkayaga ka muuqato.
১০আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়।
11 Waayo, annagoo nool waxaa weligayo lanoo bixiyaa dhimasho Ciise aawadiis, in haddana nolosha Ciise ka muuqato jidhkayaga dhimanaya.
১১কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ।
12 Sidaa daraaddeed annaga dhimashadu way naga dhex shaqaysaa, laakiin noloshu idinkay idinka dhex shaqaysaa.
১২এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে।
13 Waxaannu leennahay isku ruuxa ee rumaysadka, sida qoran, waan rumaystay, taas aawadeed ayaan u hadlay; annaguna waan rumaysannaa, taas aawadeedna waannu u hadallaa.
১৩কিন্তু যেনেকৈ লিখা আছে, বোলে “মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা ক’লোঁ”; তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ৷
14 Waannu garanaynaa in kan sara kiciyey Rabbi Ciise uu inala sara kicin doono Ciise, oo hortiisuu ina wada keeni doonaa idinka iyo annagaba.
১৪কাৰণ যি জনে প্ৰভু যীচুক তুলিলে তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো।
15 Waayo, wax waliba waa aawadiin, in nimcada kuwa badan ku badanu ay mahad u badiso xagga ammaanta Ilaah.
১৫কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
16 Sidaa daraaddeed qalbi jabi mayno, laakiin in kastoo ninkayaga dibadda ahu uu kharribmayo, weliba kayaga gudaha ahu maalin kastuu cusboonaanayaa.
১৬এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
17 Waayo, dhibtayada fudud ee wakhtiga yar ah ayaa aad iyo aad noogu sii yeesha culayska ammaanta ee weligiis ah. (aiōnios g166)
১৭আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। (aiōnios g166)
18 Ma fiirsanno waxyaalaha la arko, laakiin waxyaalaha aan la arkin, waayo, waxyaalaha la arko in dhawr ah ayay sii joogaan, laakiin waxyaalaha aan la arkini weligood bay sii joogaan. (aiōnios g166)
১৮এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। (aiōnios g166)

< 2 Korintos 4 >