< 4 Mojzes 5 >
1 Gospod je spregovoril Mojzesu, rekoč:
১তাৰ পাছত যিহোৱাই মোচিক কলে,
2 »Zapovej Izraelovim otrokom, da naj iz tabora odstranijo vsakega gobavca in vsakega, ki ima izliv in vsakogar, ki je omadeževan z mrtvim.
২“তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।
3 Tako moškega in žensko boste poslali ven. Zunaj tabora jih boste poslali, da ne omadežujejo svojih taborov, v sredi katerih prebivam.«
৩তোমালোকে পুৰুষহে হওঁক বা স্ত্ৰীয়ে হওঁক, দুয়োকো ছাউনিৰ পৰা বাহিৰ কৰিব লাগিব। তেওঁলোকে যেন কোনো প্রকাৰে ছাউনিবোৰ অশুচি নকৰে সেই বাবে তেওঁলোকক বাহিৰ কৰা, কিয়নো মই তাত বাস কৰোঁ।”
4 Izraelovi otroci so tako storili in jih poslali ven, zunaj tabora. Kakor je Gospod spregovoril Mojzesu, tako so Izraelovi otroci storili.
৪তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে তাকে কৰিলে, আৰু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰেই কাৰ্য কৰি ছাউনিৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে।
5 Gospod je spregovoril Mojzesu, rekoč:
৫যিহোৱাই মোচিক পুনৰায় ক’লে,
6 »Govori Izraelovim otrokom: ›Kadar bosta moški ali ženska zagrešila kakršenkoli greh, ki ga ljudje zagrešijo, da storita prestopek zoper Gospoda in da je oseba kriva,
৬“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওঁক বা স্ত্ৰীয়েই হওঁক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহোৱাৰ অহিতে অপৰাধ কৰে, সেই জন ব্যক্তি দোষী হয়।
7 potem bosta priznala svoj greh, ki sta ga storila. In svoj prestopek bo poplačal z glavnico in ji dodal peti del od tega in to bo dal tistemu, zoper katerega je kršil.
৭তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।
8 Toda če človek nima nobenega sorodnika, da mu povrne prestopek, naj prestopek poplača Gospodu, celo duhovniku, poleg ovna sprave, s čimer bo zanj opravljena sprava.
৮আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ’ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব।
9 Vsaka daritev vseh svetih stvari Izraelovih otrok, ki jih prinesejo duhovniku, bo njegova.
৯আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ’ব।
10 Vse človekove posvečene stvari bodo njegove; karkoli katerikoli človek daje duhovniku, to bo njegovo.‹«
১০প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰেই হ’ব।”
11 Gospod je spregovoril Mojzesu, rekoč:
১১যিহোৱাই মোচিক আকৌ কলে,
12 »Govorite Izraelovim otrokom in jim recite: ›Če žena kateregakoli moškega zaide proč in zoper njega zagreši prestopek
১২“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে;
13 in moški z njo meseno leži in je to skrito pred očmi njenega soproga in je zadržano zaprto in je ona omadeževana in tam ni nobene priče zoper njo niti ona ni zasačena,
১৩অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই,
14 in pride nanj duh ljubosumnosti in je ljubosumen na svojo ženo in je ona omadeževana, ali če pride nanj duh ljubosumnosti in je ljubosumen na svojo ženo, pa ona ni omadeževana,
১৪আৰু নিজ পত্নী অশুচি হ’লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে।
15 potem bo moški svojo ženo privedel k duhovniku in zanjo prinesel dar, desetino škafa ječmenove moke. Na to ne bo izlil olja niti nanj ne bo položil kadila, kajti to je daritev ljubosumnosti, daritev spominjanja, da bi v spomin privedla krivičnost.
১৫তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য।
16 Duhovnik jo bo privedel bliže in jo postavil pred Gospoda.
১৬তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব।
17 Duhovnik bo vzel sveto vodo v lončeni posodi in od prahu, ki je na tleh šotorskega svetišča, bo duhovnik vzel in to dal v vodo.
১৭আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব।
18 Duhovnik bo žensko postavil pred Gospoda in odkril glavo ženske in v njene roke dal daritev spominjanja, kar je daritev ljubosumja. Duhovnik bo imel v svoji roki grenko vodo, ki povzroča prekletstvo,
১৮পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব।
19 in duhovnik ji bo s prisego naročil ter ženski rekel: ›Če s teboj ni ležal noben moški in če nisi zašla v nečistost z drugim namesto svojega soproga, bodi čista pred to grenko vodo, ki povzroča prekletstvo.
১৯আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক’ব লাগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।
20 Toda če si zašla k drugemu namesto svojega soproga in če si omadeževana in je poleg tvojega soproga s teboj ležal nek moški,
২০কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হ’লা, আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে,’
21 potem bo duhovnik žensko zaprisegel s prisego prekletstva in duhovnik bo ženski rekel: › Gospod naj te naredi za prekletstvo in prisego med tvojim ljudstvom, ko Gospod tvojemu stegnu stori, da zgnije in tvoj trebuh oteče,
২১এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, ‘তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব;
22 in ta voda, ki povzroča prekletstvo, bo šla v tvojo notranjost, da tvojemu trebuhu povzroči, da oteče in tvojemu stegnu, da zgnije.‹ In ženska naj reče: ›Amen, amen.‹
২২আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’
23 Duhovnik bo ta prekletstva zapisal v knjigo in jih spral z grenko vodo.
২৩পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব।
24 Žensko bo primoral, da pije grenko vodo, ki povzroča prekletstvo in voda, ki povzroča prekletstvo, bo vstopila vanjo in postala grenka.
২৪তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ’ব।
25 Potem bo duhovnik vzel daritev ljubosumnosti iz roke ženske in daritev bo majal pred Gospodom in jo daroval na oltarju.
২৫পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব।
26 Duhovnik bo vzel prgišče daritve, torej njen spomin in to sežgal na oltarju in potem bo ženski povzročil, da spije vodo.
২৬আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব।
27 Ko jo je primoral piti vodo, potem se bo zgodilo, da če je omadeževana in je storila prestopek zoper svojega soproga, da bo voda, ki povzroča prekletstvo, vstopila vanjo in postala grenka in njen trebuh bo otekel in njeno stegno bo zgnilo, in ženska bo prekletstvo med svojim ljudstvom.
২৭আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোকসকলৰ মাজত শাওৰ বিষয় হ’ব।
28 Če pa ženska ni omadeževana, temveč je čista, potem naj bo prosta in bo spočela seme.
২৮কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।
29 To je postava ljubosumnosti, ko žena zaide k drugemu namesto svojega soproga in je omadeževana
২৯এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি।
30 ali kadar pride nadenj duh ljubosumnosti in je ljubosumen na svojo ženo in bo ženo postavil pred Gospoda in bo duhovnik nad njo izvršil vso to postavo.
৩০যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব।
31 Potem bo mož brez krivde pred krivičnostjo, ta ženska pa bo nosila svojo krivičnost.‹«
৩১তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ’ব, আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব’।”