< 3 Mojzes 24 >
1 Gospod je spregovoril Mojzesu, rekoč:
১পাছত যিহোৱাই মোচিক ক’লে,
2 »Zapovej Izraelovim otrokom, da ti prinesejo čistega olja iz stolčenih oliv za svetlobo, da bi svetilke nenehno gorele.
২“সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবৰ কাৰণে, খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্ম্মল তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া।
3 Zunaj zagrinjala pričevanja, v šotorskem svetišču skupnosti, bo Aron to nenehno ukazoval od večera do jutra pred Gospodom. To bo zakon na veke v vaših rodovih.
৩সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলি থকা নিয়ম-চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰত হাৰোণে যিহোৱাৰ আগত গধূলি আৰু ৰাতিপুৱা সদায় তাক যুগুত কৰি থ’ব লাগিব। এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।
4 Svetike bo nenehno oskrboval na čistem svečniku pred Gospodom.
৪পুৰোহিতে শুদ্ধ সোণৰ দীপাধাৰৰ ওপৰত যিহোৱাৰ সন্মুখত সেই প্ৰদীপবোৰ সদায় যুগুত কৰি জ্ৱলাই থ’বা।
5 Vzel boš fino moko in iz nje spekel dvanajst kolačev. Dve desetinki bosta v enem kolaču.
৫তুমি মিহি আটাগুৰি লৈ, বাৰটা পিঠা তন্দুৰত তাও দিবা; প্ৰত্যেক পিঠাত ঐফাৰ দহভাগৰ দুভাগ আটাগুৰি হ’ব।
6 Postavil jih boš v dve vrsti, šest v vrsto, na čisto mizo pred Gospodom.
৬তাৰ পাছত তুমি শাৰীত ছটাকৈ দুশাৰী কৰি যিহোৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা।
7 Nad vsako vrsto boš dal čisto kadilo, da bo ta lahko na kruhu za spomin, torej ognjena daritev Gospodu.
৭আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
8 Vsak šabat ga bo nenehno postavljal v vrsto pred Gospodom, vzetega od Izraelovih otrok z večno zavezo.
৮আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা সদায় সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হ’ব।
9 To bo Aronovo in od njegovih sinov in to bodo jedli na svetem prostoru, kajti to mu je najsvetejše od daritev Gospodu, narejenih z ognjem, z večnim zakonom.«
৯আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।”
10 Sin Izraelke, katere oče je bil Egipčan, je odšel ven med Izraelove otroke in ta sin izraelske ženske in mož iz Izraela sta se skupaj prepirala v taboru.
১০পাছত মাক ইস্ৰায়েলীয়া, কিন্তু বাপেক মিচৰীয়া, এনে এজন মানুহ ওলাই ইস্ৰায়েলৰ সন্তানসকলৰ মাজলৈ গ’ল; তাতে ছাউনিৰ মাজত সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রৰ সৈতে এটা ইস্ৰায়েলীয়া মানুহৰ দণ্ড লাগিল।
11 Sin Izraelke je izrekal bogokletje proti Gospodovemu imenu in preklinjal. Privedli so ga k Mojzesu. (In ime njegove matere je bilo Šelomíta, hči Dibríja, iz Danovega rodu.)
১১তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক।
12 Dali so ga pod stražo, da bi jim bil lahko pokazan Gospodov um.
১২লোকসকলে তেওঁক বন্ধ কৰি ৰাখি, যিহোৱাৰ মুখৰ পৰা ঠিক আদেশ পাবলৈ বাট চাই থাকিল।
13 Gospod je spregovoril Mojzesu, rekoč:
১৩তেতিয়া যিহোৱাই মোচিক ক’লে,
14 »Privedite tistega, ki je klel zunaj tabora, in naj vsi, ki so ga slišali, položijo roke na njegovo glavo in naj ga vsa skupnost kamna.
১৪“তুমি সেই শাও দিয়া জনক ছাউনিৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁক শাও দিয়া শুনিছিল, সেই সকলোৱে তেওঁৰ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে শিল দলিয়াই তেওঁক বধ কৰক।
15 Izraelovim otrokom boš govoril, rekoč: ›Kdorkoli preklinja svojega Boga, bo nosil svoj greh.
১৫আৰু তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব।
16 Kdor preklinja Gospodovo ime, bo zagotovo usmrčen in zagotovo ga bo vsa skupnost kamnala; tako tujca, kakor tistega, ki je rojen v deželi, ko preklinja Gospodovo ime, bo usmrčen.
১৬আৰু যি জনে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। গোটেই সমাজে তেওঁলৈ অৱশ্যে শিল দলিয়াব, যদিও তেওঁ বিদেশী বা ইস্রায়েলৰ বংশত জন্মাই হওঁক। যি কোনোৱে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
17 Kdor ubija kateregakoli človeka, bo zagotovo usmrčen.
১৭আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
18 Kdor ubije žival, bo to poplačal; žival za žival.
১৮আৰু যি জনে আন এজনৰ পশুক মাৰিব, তেওঁ তাৰ সলনি দিব; প্ৰাণৰ সলনি প্ৰাণ।
19 Če človek povzroči madež na svojem bližnjem; kakor je storil on, tako naj bo to storjeno njemu;
১৯আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব;
20 zlom za zlom, oko za oko, zob za zob. Kakor je on na človeku povzročil pomanjkljivost, tako naj bo njemu ponovno storjeno.
২০অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব।
21 Kdor ubije žival, bo to povrnil, kdor pa ubije človeka, bo usmrčen.
২১যি জনে পশু বধ কৰিব, তেওঁ তাৰ সলনি দিব আৰু যি জন লোকে বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।
22 Imeli boste eno vrsto postave, prav tako za tujca, kakor za nekoga iz svoje lastne dežele, kajti jaz sem Gospod, vaš Bog.‹«
২২তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
23 Mojzes je Izraelovim otrokom spregovoril, da naj tistega, ki je preklet, privedejo ven iz tabora in kamnajo s kamni. In Izraelovi otroci so storili tako, kakor je Gospod zapovedal Mojzesu.
২৩তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকললৈ এই আজ্ঞা প্ৰকাশ কৰাত, লোকসকলে সেই শাও দিয়াজনক ছাউনিৰ বাহিৰলৈ নি, শিল দলিয়াই তেওঁক বধ কৰিলে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰিলে।