< Izaija 19 >

1 Breme Egipta. Glej, Gospod jaha na naglem oblaku in prišel bo v Egipt in egiptovski maliki bodo drhteli ob njegovi prisotnosti in srce Egipta se bo stopilo v njegovi sredi.
মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মূৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
2 »Egipčane bom naravnal zoper Egipčane in bojevali se bodo vsak zoper svojega brata in vsak zoper svojega soseda, mesto zoper mesto in kraljestvo zoper kraljestvo.
“মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।
3 Egiptovski duh bo odpovedal v njihovi sredi in uničil bom njihov nasvet in iskali bodo k malikom in h krotilcem in k tistim, ki imajo osebne duhove in k čarovnikom.
মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।
4 Egipčane bom predal v roko krutega gospodarja in silovit kralj bo vladal nad njimi, « govori Gospod, Gospod nad bojevniki.
বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।”
5 Vode iz morja se bodo posušile in reke bodo zapuščene in posušene.
সমুদ্রৰ পানী শুকাই যাব, আৰু নদী শুকাই খালী যাব।
6 Reke bodo obrnili daleč proč in obrambni jarki bodo izpraznjeni ter posušeni. Trstje in rogoz bo ovenelo.
নদীবোৰ দুৰ্গন্ধযুক্ত হ’ব, আৰু মিচৰৰ নদীৰ পানী কমি শুকাই যাব; নল আৰু খাগড়ি নিৰ্জীব হ’ব।
7 Papirno trstje pri potokih, pri ustju potokov in vsaka posejana stvar ob potokih bo ovenela, bo odgnana in ne bo je več.
নীল নদীৰ ঘাট, আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ’ব, আৰু বতাহে উৰুৱাই লৈ যাব।
8 Tudi ribiči bodo žalovali in vsi tisti, ki mečejo trnek v potoke, bodo žalovali in tisti, ki razširjajo mreže nad vodami, bodo pešali.
মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুঃখ কৰিব।
9 Poleg tega bodo zbegani tisti, ki delajo s tankim lanom in tisti, ki tkejo mreže.
শণ সূতা ফনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ’ব।
10 Zlomljeni bodo v svojih namenih vsi, ki delajo zapornice in ribnike za ribe.
১০মিচৰীয়াৰ কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ’ব; আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব।
11 Zagotovo so princi Coana bedaki, nasvet modrih faraonovih svetovalcev je postal brutalen. Kako pravite faraonu: »Jaz sem sin modrega, sin starodavnih kraljev?«
১১চোৱনৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৰৌণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৰৌণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা?
12 Kje so tisti? Kje so tvoji modri možje? In naj ti sedaj povedo in naj vedo kaj je Gospod nad bojevniki namenil nad Egiptom.
১২তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত? তেওঁলোকে তোমালোকক কওক, আৰু মিচৰৰ বিষয়ে বাহিনীসকলৰ যিহোৱাই কি পৰিকল্পনা কৰিছে, সেই বিষয়ে তেওঁলোকে জানক।
13 Princi Coana so postali bedaki, princi Nofa so zavedeni, zapeljali so tudi Egipt, celó tiste, ki so opora njegovih rodov.
১৩চোৱনৰ ৰাজকুমাৰসকল মূৰ্খ হ’ল, নোফ নগৰৰ ৰাজকুমাৰ সকল প্ৰতাৰিত হ’ল; তেওঁলোকে মিচৰৰ জাতিবোৰৰ চুকৰ শিল স্বৰূপ, তেওঁলোকে মিচৰীয়াসকলক বিপথগামী কৰিলে।
14 Gospod je v njihovo sredo pomešal sprevrženega duha in Egiptu so storili, da se moti v vsakem svojem delu, kakor se pijan mož opoteka v svojem bruhanju.
১৪যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,
15 Niti tam ne bo nobenega dela za Egipt, ki bi ga glava ali rep, palmova veja ali ločje lahko opravili.
১৫মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগৰি তাত কোনো এজনে মিচৰৰ বাবে একো কৰিব নোৱাৰে।
16 Na tisti dan bo Egipt podoben ženski in bo prestrašen in bal se bo zaradi tresenja roke Gospoda nad bojevniki, ki jo trese nad njim.
১৬সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।
17 Judova dežela bo strahota Egiptu. Vsak, kdor jo omenja, bo v sebi prestrašen zaradi namena Gospoda nad bojevniki, ki ga je določil zoper njega.
১৭যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব।
18 Na tisti dan bo pet mest v egiptovski deželi govorilo kánaanski jezik in prisegalo pri Gospodu nad bojevniki; eno bo imenovano Mesto uničenja.
১৮সেই দিনা কনানীয়া ভাষা কোৱা আৰু বাহিনীসকলৰ যিহোৱালৈ শপত খোৱা পাঁচখন নগৰ হ’ব। এই পাচঁখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্রখ্যাত হ’ব।
19 Na tisti dan bo tam oltar Gospodu v sredi egiptovske dežele in steber Gospodu pri njegovi meji.
১৯সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।
20 Ta bo za znamenje in za pričevanje Gospodu nad bojevniki v egiptovski deželi, kajti klicali bodo h Gospodu zaradi zatiralcev in poslal jim bo rešitelja in mogočnega in ta jih bo osvobodil.
২০সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব।
21 Gospod bo znan Egiptu in Egipčani bodo na tisti dan poznali Gospoda in opravljali klavno daritev in darovanje. Da, prisegali bodo prisego h Gospodu in jo izvedli.
২১যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব।
22 Gospod bo udaril Egipt. Udaril ga bo in ozdravil in vrnili se bodo celó h Gospodu in izprošen bo od njih in jih bo ozdravil.
২২যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।
23 Na tisti dan bo tam glavna cesta iz Egipta v Asirijo in Asirec bo prišel v Egipt in Egipčan v Asirijo in Egipčani bodo služili z Asirci.
২৩সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে আৰাধনা কৰিব।
24 Na tisti dan bo Izrael tretji z Egiptom in Asirijo, celó blagoslov v sredi dežele,
২৪সেই দিনা মিচৰ আৰু অচূৰৰ সৈতে ইস্রায়েল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
25 ki ga bo Gospod nad bojevniki blagoslovil, rekoč: »Blagoslovljen bodi Egipt, moje ljudstvo in Asirija, delo mojih rok in Izrael, moja dediščina.«
২৫বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।”

< Izaija 19 >