< 1 Mojzes 3 >
1 Torej kača [pa] je bila bolj premetena kakor katerakoli izmed poljskih živali, ki jih je Gospod Bog naredil. In rekla je ženski: »Da, ali je Bog res rekel: ›Ne bosta jedla od vsakega vrtnega drevesa?‹«
১ঈশ্বৰ যিহোৱাই নিৰ্ম্মাণ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?”
2 In ženska je rekla kači: »Midva lahko jeva od sadja vrtnih dreves,
২নাৰীয়ে সৰ্পক ক’লে, “বাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ;
3 toda o sadu drevesa, ki je v sredi vrta, je Bog rekel: ›Ne bosta jedla od njega niti se ga ne bosta dotikala, da ne bi umrla.‹«
৩কিন্তু বাৰীৰ মাজত থকা গছ জোপাৰ ফলৰ বিষয়ে হ’লে আমাক ঈশ্বৰে ক’লে, ‘তোমালোকে তাক নাখাবাও, নুচুবাও; তাকে কৰিলে তোমালোকৰ মৃত্যু হ’ব’।”
4 Kača je ženski rekla: »Zagotovo ne bosta umrla,
৪তেতিয়া সৰ্পই নাৰীক ক’লে, “দৰাচলতে তোমালোকৰ মৃত্যু নহয়।
5 kajti Bog ve, da se bodo na dan, ko bosta od njega jedla, vajine oči potem odprle in bosta kakor bogovi, poznavajoč dobro in zlo.«
৫কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।”
6 In ko je ženska videla, da je bilo drevo dobro za jed in da je bilo prijetno očem in da si je drevesa želeti, da naredi nekoga modrega, je vzela od njegovega sadu in jedla ter dala tudi svojemu soprogu, [ki je bil] z njo, in on je jedel.
৬নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।
7 Oči so se obema odprle in spoznala sta, da sta bila naga. Skupaj sta sešila figove liste ter si naredila predpasnika.
৭তেতিয়া তেওঁলোক দুয়োজনৰ চকু মুকলি হ’ল। তেওঁলোক যে বিবস্ত্ৰ অৱস্থাত আছে, এই বিষয়ে বুজি পালে। সেয়ে তেওঁলোকে ডিমৰু গছৰ পাতবোৰ একেলগে জোৰা লগাই নিজৰ কাৰণে কপিং চিলাই ল’লে।
8 In zaslišala sta šum Gospoda Boga, ki je v svežini dneva hodil po vrtu, in Adam ter njegova žena sta se pred prisotnostjo Gospoda Boga skrila med vrtna drevesa.
৮পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ।
9 Gospod Bog je zaklical Adamu in mu rekel: »Kje si?«
৯ঈশ্বৰ যিহোৱাই মানুহক মাতি সুধিলে, “তুমি ক’ত আছা?”
10 Ta je rekel: »Zaslišal sem tvoj šum na vrtu in sem se zbal, ker sem bil nag, in sem se skril.«
১০মানুহে ক’লে, “মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে ভয় কৰি লুকাই আছোঁ।”
11 Rekel je: »Kdo ti je povedal, da si bil nag? Mar si jedel od drevesa, od katerega sem ti zapovedal, da ne bi smel jesti?«
১১ঈশ্বৰে ক’লে, “তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক’লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি?”
12 Mož je rekel: »Ženska, ki si mi jo dal, da je z menoj, ona mi je dala od drevesa in sem jedel.«
১২তেতিয়া মানুহে ক’লে, “যি স্ত্রী গৰাকীক আপুনি মোৰ সঙ্গীনী কৰি দিলে, তেঁৱেই মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ।”
13 Gospod Bog je rekel ženski: »Kaj je to, kar si storila?« Ženska je rekla: »Kača me je preslepila in sem jedla.«
১৩তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা?” নাৰীয়ে ক’লে, “সৰ্পই মোক ছলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালো।”
14 Gospod Bog je rekel kači: »Ker si to storila, si prekleta nad vso živino in nad vsako poljsko živaljo. Po svojem trebuhu boš šla in prah boš jedla vse dni svojega življenja.
১৪ঈশ্বৰ যিহোৱাই সৰ্পক ক’লে, “তোৰ এই কার্যৰ কাৰণে ভূমিৰ সকলো ঘৰচীয়া আৰু বনৰীয়া প্রাণীবোৰৰ মাজত কেৱল তোকে অভিশপ্ত কৰা হ’ল। তই পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধুলি খাবি।
15 Postavil bom sovraštvo med teboj in žensko in med tvoje seme in njeno seme; to ti zdrobi glavo, ti pa boš ranila njegovo peto.«
১৫মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”
16 Ženski je rekel: »Silno bom pomnožil tvojo bridkost in tvoje spočetje. V bridkosti boš rojevala otroke, in tvoje hrepenenje bo k tvojemu soprogu in on bo vladal nad teboj.«
১৬তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।”
17 Adamu pa je rekel: »Ker si prisluhnil glasu svoje žene in si jedel od drevesa, o katerem sem ti zapovedal, rekoč: ›Ne boš jedel od njega; ‹ prekleta so tla zaradi tebe, v bridkosti boš jedel od le-teh vse dni svojega življenja.
১৭তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা।
18 Tudi trnje in osat ti bodo obrodila; in poljsko zelišče boš jedel;
১৮ভূমিয়ে তোমালৈ কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন কৰিব আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা।
19 v potu svojega obraza boš jedel kruh, dokler se ne vrneš v tla, kajti od tam si bil vzet, kajti prah si in v prah se boš vrnil.«
১৯মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
20 Adam je svojo ženo imenoval Eva; ker je bila mati vseh živih.
২০পাছত মানুহে নিজৰ ভার্য্যাৰ নাম হৱা ৰাখিলে; কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ।
21 Adamu in njegovi ženi je Gospod Bog naredil plašča iz kož ter ju oblekel.
২১ঈশ্বৰ যিহোৱাই আদম আৰু তেওঁৰ ভাৰ্যাৰ কাৰণে ছালৰ বস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকক পিন্ধাই দিলে।
22 Gospod Bog je rekel: »Glej, človek je postal kakor eden izmed nas, da pozna dobro in zlo. In sedaj, da ne iztegne svoje roke in vzame tudi od drevesa življenja ter jé in živi na veke, «
২২তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।”
23 ga je Gospod Bog zato odposlal iz edenskega vrta, da orje tla, iz katerih je bil vzet.
২৩এইবুলি কৈ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা নির্ম্মাণ কৰা মানুহক মাটিত খেতি কৰিবৰ বাবে এদন বাৰীৰ পৰা বাহিৰ কৰি দিলে।
24 Tako je izgnal človeka in na vzhodu edenskega vrta namestil kerube in ognjen meč, ki obrača vsako pot, da varuje pot drevesa življenja.
২৪এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে।