< Ezekiel 42 >
1 Potem me je odvedel naprej na skrajni dvor, ob poti proti severu in me privedel v sobo, ki je bila nasproti ločenemu kraju in ki je bila pred zgradbo proti severu.
১তাৰ পাছত সেই মানুহে মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নিলে।
2 Pred dolžino stotih komolcev so bila severna vrata in širina je bila petdeset komolcev.
২আৰু এশ হাত দীঘল ঠাইৰ আগত উপস্থিত কৰোৱালে; দুৱাৰ উত্তৰ ফালে আছিল; প্ৰস্থ পঞ্চাশ হাত।
3 Nasproti dvajsetim komolcem, ki so bili za notranji dvor in nasproti tlaku, ki je bil za skrajni dvor, je bila galerija nasproti galeriji, v treh nadstropjih.
৩সেই কোঁঠালিবোৰ ভিতৰ চোতালখনৰ বিশ হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলত পাৰি দিয়া ঠাইৰ সন্মুখত আছিল; তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মূখা-সন্মূখিকৈ আছিল।
4 Pred sobami je bil hodnik desetih komolcev širine znotraj, pot enega komolca; in njihova vrata proti severu.
৪আৰু ভিতৰ ফালে কোঁঠালিবোৰৰ আগত দহ হাত বহল আৰু এশ হাত দীঘল এটা অহা-যোৱা কৰা বাট আছিল; আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল।
5 Torej zgornje sobe so bile krajše, kajti galerije so bile višje kakor te, kakor spodnje in kakor tiste, ki so bile v sredini zgradbe.
৫ওপৰৰ কোঁঠালিবোৰ ঠেক; কিয়নো ঘৰটোত ঠেক বাৰাণ্ডা কেইটাই তলৰ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠাই লৈছিল।
6 Kajti bile so v treh nadstropjih, toda niso imele stebrov kakor stebri dvora, zato je bila zgradba ožja, bolj kakor nižje in srednje od tal.
৬কাৰণ সেইবোৰ তিনিও খাপত আছিল, আৰু বাহিৰ চোতালখনৰ কোঁঠালিবোৰৰ স্তম্ভৰ দৰে সেইবোৰৰ স্তম্ভ নাছিল; এই হেতুকে ওপৰৰ কোঁঠালিবোৰ মাটিত থকা তলৰ কোঁঠালিতকৈ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠেক আছিল।
7 Zid, ki je bil zunaj, nasproti sobam, proti skrajnemu dvoru, na sprednjem delu sob, njegova dolžina je bila petdeset komolcev.
৭আৰু বাহিৰত, বাহিৰ চোতাললখনৰ ফালে কোঁঠালিবোৰৰ কাষত আৰু কোঁঠালিবোৰৰ সন্মুখত যি গড় আছিল, সেয়ে পঞ্চাশ হাত দীঘল।
8 Kajti dolžina sob, ki so bile na skrajnem dvoru, je bila petdeset komolcev, in glej, pred templjem je bilo sto komolcev.
৮কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য পঞ্চাশ হাত; কিন্তু মন্দিৰৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য এশ হাত।
9 Izpod teh sob je bil vhod na vzhodni strani, kakor gre nekdo vanje od skrajnega dvora.
৯বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঁঠালিত সোমাবলৈ গ’লে, সেইবোৰৰ ঠাইতকৈ চাপৰত, পূৱফালে সোমোৱা বাট পোৱা যায়।
10 Sobe so bile v debelini zidu dvora proti vzhodu, nasproti ločenemu kraju in nasproti zgradbi.
১০চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল।
11 Pot pred njimi je bila podobna videzu sob, ki so bile proti severu, tako dolga kakor one in tako široka kakor one, in vsi njihovi izhodi so bili tako glede na njihove oblike kakor glede na njihova vrata.
১১এইবোৰৰ আগত যি এটা বাট আছিল, সেই বাট উত্তৰফালে থকা কোঁঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়; এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ দৰে আৰু সেই ধৰণেই।
12 Glede na vrata sob, ki so bila proti jugu, so bila vrata na začetku poti, celó na poti neposredno pred zidom proti vzhodu, kakor nekdo vstopa vanje.
১২বাটৰ মুৰত, দক্ষিণফালে থকা কোঁঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল; সেই কোঁঠালিবোৰত সোমাবলৈ গ’লে, পূৱফালে ঠিক গড়ৰ সন্মুখত সেই দুৱাৰ পোৱা যায়।
13 Potem mi je rekel: »Severne sobe in južne sobe, ki so pred ločenim krajem, te so svete sobe, kjer bodo duhovniki, ki pristopajo h Gospodu, jedli najsvetejše stvari. Tam bodo polagali najsvetejše stvari in jedilno daritev in daritev za greh in daritev za prestopke; kajti kraj je svet.
১৩তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।
14 Ko duhovniki vstopijo vanj, potem ne bodo šli ven iz svetega kraja na skrajni dvor, temveč bodo tam odložili oblačila, v katerih so služili, kajti ta so sveta in nadeli si bodo druga oblačila in pristopili bodo k tistim stvarem, ki so za ljudstvo.«
১৪যেতিয়া পুৰোহিতসকল পবিত্ৰ স্থানত সোমায়, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁলোকে আন বস্ত্ৰ পিন্ধি লোকসকলৰ ঠাইলৈ যায়।”
15 Torej ko je končal merjenje notranje hiše, me je privedel naprej proti velikim vratom, katerih pročelje je proti vzhodu in ga izmeril naokrog.
১৫পাছত তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।
16 Izmeril je vzhodno stran z merilno trstiko, petsto trstik, z merilno trstiko naokrog.
১৬তেওঁ পূৱফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
17 Izmeril je severno stran, petsto trstik, z merilno trstiko naokrog.
১৭তেওঁ ঘূৰি উত্তৰফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
18 Izmeril je južno stran, petsto trstik, z merilno trstiko.
১৮তেওঁ দক্ষিণফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
19 Obrnil se je k zahodni strani in izmeril petsto trstik z merilno trstiko.
১৯আৰু তেওঁ পশ্চিফাললৈ ঘূৰি সেই ফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
20 Izmeril jo je ob štirih straneh. Naokrog je imela obzidje, petsto trstik dolgo in petsto široko, da bi naredil oddvojitev med svetiščem in oskrunjenim krajem.
২০তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।