< Псалтирь 74 >
1 Вскую, Боже, отринул еси до конца? Разгневася ярость Твоя на овцы пажити Твоея?
১হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা? তোমাৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?
2 Помяни сонм Твой, егоже стяжал еси исперва, избавил еси жезлом достояния Твоего, гора Сион сия, в нейже вселился еси.
২তুমি পূৰ্বতে মুক্ত কৰা লোকসকলৰ উদ্দেশ্যে তোমাৰ অধিকাৰৰ ফৈদ হ’বলৈ ক্রয় কৰা; আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।
3 Воздвигни руце Твои на гордыни их в конец, елика лукавнова враг во святем Твоем.
৩তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।
4 И восхвалишася ненавидящии Тя посреде праздника Твоего: положиша знамения своя знамения, и не познаша.
৪তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে; তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে।
5 Яко во исходе превыше: яко в дубраве древяне секирами разсекоша
৫ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।
6 двери его вкупе, сечивом и оскордом разрушиша и.
৬তেওঁলোকে নক্সা কটা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে; কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
7 Возжгоша огнем святило Твое: на земли оскверниша жилище имене Твоего.
৭তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
8 Реша в сердцы своем южики их вкупе: приидите, и отставим вся праздники Божия от земли.
৮তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।
9 Знамения их не видехом: несть ктому пророка, и нас не познает ктому.
৯আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
10 Доколе, Боже, поносит враг? Раздражит противный имя Твое до конца?
১০হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?
11 Вскую отвращаеши руку Твою и десницу Твою от среды недра Твоего в конец?
১১তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।
12 Бог же, Царь наш, прежде века содела спасение посреде земли.
১২তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
13 Ты утвердил еси силою Твоею море: Ты стерл еси главы змиев в воде:
১৩তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।
14 Ты сокрушил еси главу змиеву, дал еси того брашно людем Ефиопским.
১৪তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক আহাৰৰ বাবে দিছিলা।
15 Ты расторгл еси источники и потоки: Ты изсушил еси реки ифамския.
১৫তুমিয়েই পৰিত্যক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা; সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।
16 Твой есть день, и Твоя есть нощь: Ты совершил еси зарю и солнце.
১৬দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
17 Ты сотворил еси вся пределы земли: жатву и весну Ты создал еси я.
১৭তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা; তুমিয়েই শীত আৰু গ্রীষ্ম কাল স্রজিলা।
18 Помяни сия: враг поноси Господеви, и людие безумнии раздражиша имя Твое.
১৮হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।
19 Не предаждь зверем душу исповедающуюся Тебе: душ убогих Твоих не забуди до конца.
১৯তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।
20 Призри на завет Твой: яко исполнишася помраченнии земли домов беззаконий.
২০তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা; কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰীবিলাকৰ বাসস্থানৰে ভৰি পৰিছে।
21 Да не возвратится смиренный посрамлен: нищь и убог восхвалита имя Твое.
২১উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক; দুখী-অভাবী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।
22 Востани, Боже, суди прю Твою: помяни поношение Твое, еже от безумнаго весь день.
২২হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
23 Не забуди гласа молитвенник Твоих: гордыня ненавидящих Тя взыде выну.
২৩তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।