< Псалтирь 25 >
1 К Тебе, Господи, воздвигох душу мою, Боже мой, на Тя уповах, да не постыжуся во век, ниже да посмеютмися врази мои:
১হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ!
2 ибо вси терпящии Тя не постыдятся.
২হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
3 Да постыдятся беззаконнующии вотще.
৩তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা; কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব।
4 Пути Твоя, Господи, скажи ми и стезям Твоим научи мя.
৪হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
5 Настави мя на истину Твою и научи мя: яко Ты еси Бог спас мой, и Тебе терпех весь день.
৫তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
6 Помяни щедроты Твоя, Господи, и милости Твоя, яко от века суть.
৬হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা, কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
7 Грех юности моея и неведения моего не помяни: по милости Твоей помяни мя Ты, ради благости Твоея, Господи.
৭মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
8 Благ и прав Господь, сего ради законоположит согрешающым на пути.
৮যিহোৱা মঙ্গলময় আৰু সৎ; সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
9 Наставит кроткия на суд, научит кроткия путем Своим.
৯তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
10 Вси путие Господни милость и истина, взыскающым завета Его и свидения Его.
১০যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
11 Ради имене Твоего, Господи, и очести грех мой, мног бо есть.
১১হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।
12 Кто есть человек бояйся Господа? Законоположит ему на пути, егоже изволи.
১২কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে? তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব।
13 Душа его во благих водворится, и семя его наследит землю.
১৩তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব; তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।
14 Держава Господь боящихся Его, и завет Его явит им.
১৪যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
15 Очи мои выну ко Господу, яко Той исторгнет от сети нозе мои.
১৫মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ; কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব।
16 Призри на мя и помилуй мя, яко единород и нищь есмь аз.
১৬মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।
17 Скорби сердца моего умножишася, от нужд моих изведи мя.
১৭মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা; মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা।
18 Виждь смирение мое и труд мой, и остави вся грехи моя.
১৮মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা, মোৰ সকলো পাপ ক্ষমা কৰা।
19 Виждь враги моя, яко умножишася, и ненавидением неправедным возненавидеша мя.
১৯মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক; তেওঁলোকে কিমান ভীষণ ঘৃণাৰে মোক ঘিণ কৰে।
20 Сохрани душу мою и избави мя, да не постыжуся, яко уповах на Тя.
২০মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা; মোক লাজত পৰিবলৈ নিদিবা, কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।
21 Незлобивии и правии прилепляхуся мне, яко потерпех Тя, Господи.
২১মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক; কাৰণ মই তোমালৈকো অপেক্ষা কৰিছোঁ।
22 Избави, Боже, Израиля от всех скорбей его.
২২হে ঈশ্বৰ, ইস্ৰায়েলক তেওঁলোকৰ সকলো দুখ-কষ্টৰ পৰা মুক্ত কৰা।