< Псалтирь 24 >

1 Господня земля, и исполнение ея, вселенная и вси живущии на ней.
পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
2 Той на морях основал ю есть и на реках уготовал ю есть.
কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
3 Кто взыдет на гору Господню? Или кто станет на месте святем Его?
যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?
4 Неповинен рукама и чист сердцем, иже не прият всуе душу свою и не клятся лестию искреннему своему:
কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।
5 сей приимет благословение от Господа и милостыню от Бога Спаса своего.
তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।
6 Сей род ищущих Господа, ищущих лице Бога Иаковля.
এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে; তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
7 Возмите врата князи ваша, и возмитеся врата вечная: и внидет Царь славы.
হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
8 Кто есть сей Царь славы? Господь крепок и силен, Господь силен в брани.
সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
9 Возмите врата князи ваша, и возмитеся врата вечная: и внидет Царь славы.
হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
10 Кто есть сей Царь славы? Господь сил, Той есть царь славы.
১০সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা)

< Псалтирь 24 >