< Псалтирь 11 >
1 В конец, псалом Давиду. На Господа уповах, како речете души моей: превитай по горам, яко птица?
১মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”
2 Яко се, грешницы налякоша лук, уготоваша стрелы в туле, состреляти во мраце правыя сердцем.
২কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে।
3 Зане яже ты совершил еси, они разрушиша: праведник же что сотвори?
৩যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?
4 Господь во храме святем Своем. Господь, на небеси престол Его: очи Его на нищаго призираете, вежди Его испытаете сыны человеческия.
৪কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।
5 Господь испытает праведнаго и нечестиваго: любяй же неправду ненавидит свою душу.
৫যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
6 Одождит на грешники сети: огнь и жупел, и дух бурен часть чаши их.
৬তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
7 Яко праведен Господь и правды возлюби: правоты виде лице Его.
৭যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।