< Числа 22 >
1 И воздвигшеся сынове Израилтестии, ополчишася на запады Моава у Иордана ко Иерихону.
১যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইস্ৰায়েলৰ সন্তান সকলে যাত্রা কৰি আছিল।
2 И видев Валак сын Сепфоров вся, елика сотвори Израиль Аморрею,
২তেতিয়া আটাই ইস্ৰায়েলে ইমোৰীয়াসকললৈ কৰা আটাইকে চিপ্পোৰৰ পুত্ৰ বালাকে দেখি আছিল।
3 и убояся Моав людий зело, яко мнози бяху, и оскорбе Моав от лица сынов Израилевых,
৩আৰু মোৱাবে লোকসকলৰ কাৰণে অতিশয় ভয়ত আছিল, কিয়নো তেওঁলোক অধিক আছিল; আৰু মোৱাব ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে অতিশয় ব্যাকুল হ’ল।
4 и рече Моав старейшинам Мадиамлим: ныне потребит сонм сей всех, иже окрест нас, якоже потребляет телец злак на поли. И Валак, сын Сепфоров, бяше царь Моавль в то время,
৪মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।
5 и посла послы к Валааму, сыну Веорову, во Фафуру яже есть у реки земли сынов людий его, призвати его, глаголя: се, людие изыдоша из Египта, и се, покрыша лице земли, и сии седят при одержании моем:
৫তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে।
6 и ныне прииди, проклени мне люди сия, понеже крепльшии суть паче нас, аше возможем сих избити, и изжену их из земли: яко вем, ихже аще благословиши ты, благословени суть, и ихже аще прокленеши ты, прокляти.
৬মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক শাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ’ব। কিয়নো মই জানো, আপুনি যিজনক আশীৰ্ব্বাদ কৰে, তেওঁ আশীৰ্ব্বাদ পায়, আৰু যিজনক শাও দিয়ে, তেওঁ শাও পায়।”
7 И идоша старейшины Моавли и старейшины Мадиамли, и волхвования в руках их: и приидоша к Валааму и глаголаша ему словеса Валакова.
৭পাছে মোৱাবৰ বৃদ্ধসকলে আৰু মিদিয়নৰ বৃদ্ধসকলে মঙ্গল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে। আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক’লে।
8 И рече к ним: препочийте зде нощь (сию), и отвещаю вам деяния, яже аще возглаголет Господь ко мне. И пребыша князи Моавли у Валаама.
৮তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।
9 И прииде Бог к Валааму и рече ему: что человецы сии у тебе?
৯ঈশ্বৰে বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ লগত থকা এই লোকসকল কোন?”
10 И рече Валаам к Богу: Валак сын Сепфоров, царь Моавль, посла их ко мне, глаголя:
১০বিলিয়মে ঈশ্বৰক উত্তৰ দি ক’লে, “মোৱাবৰ ৰজা চিপ্পোৰৰ পুত্ৰ বালাকে মোৰ ওচৰলৈ তেওঁলোকক কৈ পঠিয়াইছে। তেওঁ কৈছে,
11 се, людие изыдоша из Египта и покрыша лице земли, и сии седят при одержании моем: и ныне прииди, проклени ми их, негли возмогу избити их и изгнати я от земли.
১১‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”
12 И рече Бог к Валааму: да не идеши с ними, ниже да кленеши людий: суть бо благословени.
১২তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক।”
13 И востав Валаам заутра, рече князем Валаковым: возвратитеся к господину своему: не попущает ми Бог ити с вами.
১৩পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
14 И воставше князи Моавли приидоша к Валаку и рекоша ему: не хощет Валаам приити с нами.
১৪তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
15 И приложи Валак еще послати князи множайшии и честнейшии сих.
১৫বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে।
16 И приидоша к Валааму и глаголаша ему: сия глаголет Валак, сын Сепфоров: молю тя, не обленися приити ко мне:
১৬তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
17 честне бо тя почту, и вся, елика аще речеши ми, сотворю тебе: и прииди, и проклени ми люди сия.
১৭কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
18 И отвеща Валаам и рече князем Валаковым: аще ми даст Валак полну храмину свою злата и сребра, не могу преступити слова Господа Бога, еже сотворити то мало или велико в разуме моем:
১৮তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
19 и ныне потерпите зде и вы нощь сию, и увем, что приложит Господь глаголати ко мне.
১৯এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”
20 И прииде Бог к Валааму нощию и рече ему: аще звати тя приидоша человецы сии, востав иди вслед их, но слово, еже аше реку тебе, то да сотвориши.
২০পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
21 И востав Валаам заутра, оседла осля свое и иде со князи Моавли.
২১বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত প্ৰস্থান কৰিলে।
22 И разгневася яростию Бог, яко иде сей: и воста Ангел Божий препяти ему на пути. Сей же седяше на осляти своем и два раба его с ним.
২২পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল।
23 И узрев осел Ангела Божия супротив стояща на пути, и мечь извлечен в руце его, и совратися осел с пути и идяше на поле: и бияше (Валаам) осля жезлом своим, еже направити е на путь:
২৩তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।
24 и ста Ангел Божий на броздах виноградных: ограждение отсюду, и ограждение отюнуду:
২৪তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল।
25 и узрев осел Ангела Божия, приложися ко ограде и прижме ногу Валааму ко ограде, и приложи еще бити его:
২৫গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
26 и приложи Ангел Божии, и шед свята в месте узком, в немже не бяше уклонитися ни на десно, ни на лево:
২৬যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
27 и видя осля Ангела Божия, паде под Валаамом: и разгневася Валаам, и бияше осля жезлом.
২৭তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।
28 И отверзе Бог уста осляти, и рече Валааму: что сотворих тебе, яко се, в третие биеши мя?
২৮তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, “মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?”
29 И рече Валаам осляти: яко поругалося ми еси: и аще бых мечь имел в руку моею, пробол бых тя.
২৯বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।”
30 И рече осля Валааму: не аз ли ослица твоя, на нейже ты ездиши от юности своея до днешняго дне? Еда презорством презревши сотворих тебе сие? Он же рече: ни.
৩০গাধজনীয়ে বিলিয়মক ক’লে, “যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ? মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ?” বিলিয়মে ক’লে, “নাই কৰা।”
31 Отверзе же Бог очи Валааму, и узре Ангела Божия противостояща на пути, и мечь извлечен в руце его: и приклонився поклонися ему лицем своим.
৩১তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল।
32 И рече ему Ангел Божий: почто биеши осля твое сие в третие? И се, Аз приидох на препятие твое, яко неприятен путь твой предо Мною: и видя мя ослица, совратися от Мене се третие:
৩২তেতিয়া যিহোৱাৰ দূতে তেওঁক ক’লে, “তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধকাৰী হৈ ওলাইছোঁ, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা।
33 и аще бы не уклонилася от Мене, ныне тя убо убил бых, сию же сохранил бых.
৩৩আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মূখৰ পৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোঁহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোঁহেঁতেন।”
34 И рече Валаам ко Ангелу Господню: согреших, не ведех бо, яко Ты мне противостоял еси на пути: и ныне аще Тебе не угодно, возвращуся.
৩৪বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।”
35 И рече Ангел Божий к Валааму: иди ты с человеки: обаче слово, еже аще реку тебе, сие сохрани глаголати. И иде Валаам со князи Валаковы.
৩৫তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোকসকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলেৰে সৈতে গ’ল।
36 И услышав Валак, яко приходит Валаам, изыде во сретение ему во град Моавль, иже есть в пределех Арноних, иже есть на краи пределов.
৩৬পাছে বিলিয়ম অহাৰ বাতৰি শুনি, বালাকে তেওঁক আগবঢ়াই নিবলৈ দেশৰ সীমাৰ দাঁতিত অৰ্ণোনৰ সীমাত থকা মোৱাবৰ নগৰলৈ গ’ল।
37 И рече Валак к Валааму: не послах ли к тебе звати тя? Почто не пришел еси ко мне? Или не возмогу почтити тебе?
৩৭পাছত বালাকে বিলিয়মক ক’লে, “মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলো? আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাক সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ?”
38 И рече Валаам к Валаку: се, прихожду к тебе ныне: мощен ли буду глаголати что? Слово, еже аще вложить Бог во уста моя, сие реку.
৩৮তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
39 И иде Валаам с Валаком, и внидоша во Грады Селныя.
৩৯বিলিয়মে বালাকৰ লগত আহি কিৰিয়ৎ-হুচোৎ পালেহি।
40 И закла Валак телцы и овцы, и посла Валааму и князем иже с ним.
৪০আৰু বালাকে গৰু আৰু মেৰ বলিদান কৰি, বিলিয়ম আৰু তেওঁৰ লগৰ অধ্যক্ষসকললৈ মাংস পঠিয়ালে।
41 И бысть заутра, и взяв Валак Валаама, возведе его на столп Ваалов, и показа ему оттуду часть некую людий.
৪১পাছত ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ পবিত্র ঠাইবোৰলৈ লৈ গ’ল। তাৰ পৰা তেওঁ ইশ্রায়েলীয়া সকলৰ মাথোন এফালহে দেখা পালে।