< Числа 17 >
1 И рече Господь к Моисею, глаголя:
১যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
2 глаголи сыном Израилевым, и возми от них но единому жезлу, жезл от всех князей их, по домом отечества их, дванадесять жезлов, имя же коегождо напиши на жезле его,
২“তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।
3 и имя Аароне напиши на жезле Левиине: есть бо жезл един: по племени дому отечеств своих да дадят:
৩আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডালকৈ লাখুটি হ’ব।
4 и да положиши их в скинии свидения, прямо свидению, в нихже явлюся тебе ту:
৪আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা।
5 и будет человек, егоже аще изберу, жезл его прозябнет: и отиму от мене роптание сынов Израилевых, елика сии ропщут на вы.
৫পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।”
6 И глагола Моисей сыном Израилевым: и даша ему вси князи их по жезлу, князя единаго жезл, по княжению, по домом отечеств их, дванадесять жезлов: и жезл Ааронь посреде жезлов их.
৬পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল।
7 И положи Моисей жезлы пред Господем в скинии свидения.
৭তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত হ’ল।
8 И бысть на утрие, и вниде Моисей и Аарон в скинию свидения: и се, прозябе жезл Ааронь в дому Левиине, и израсти ветвь, и процветоша цвети, и израсти орехи:
৮আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে, যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল।
9 и изнесе Моисей вся жезлы от лица Господня ко всем сыном Израилевым: и видеша, и взя кийждо жезл свой.
৯তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তানসকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে।
10 И рече Господь к Моисею: отложи жезл Ааронь пред свидением в сохранение, в знамение сынов ослушливых: и да престанет роптание их от Мене, и не измрут.
১০পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা।
11 И сотвори Моисей и Аарон, якоже повеле Господь Моисею, тако сотвориша.
১১তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।
12 И рекоша сынове Израилевы к Моисею, глаголюще: се, потребихомся, погибохом, исчезохом:
১২পাছে ইস্ৰায়েলৰ সন্তান সকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ।
13 всяк прикасаяйся ко скинии свидения Господня умирает: даже до конца ли умирающе погибнем?
১৩যি কোনো লোক ওচৰ চাপে, যি কোনো লোক যিহোৱাৰ আবাসৰ ওচৰ চাপে, তেৱেঁই মৰা পৰে, আমি সকলোৱেই মৰা পৰিম নেকি?