< Числа 10 >

1 И рече Господь к Моисею, глаголя:
পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
2 сотвори себе две трубы сребряны: кованы сотвориши я, и будут тебе на созвание сонма и возставляти полки:
“তুমি ৰূপৰ দুটা তূৰী সাজা। সেই ৰূপক পিতাই গঢ়াবা। লোকসকলক মাতিবলৈ আৰু ছাউনিবোৰ উঠি যাবৰ বাবে তুমি তাক ব্যৱহাৰ কৰিবা।
3 и да вострубиши ими, и да соберется к тебе весь сонм пред двери скинии свидения
সেই দুটা তূৰী বজালে, গোটেই লোকসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব।
4 аще же единою трубою вострубят, да приидут к тебе вси князи и тысященачалники Израилтестии:
কিন্তু এটা তূৰী বজালে, অধ্যক্ষসকল ইস্ৰায়েলৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব।
5 и вострубите в знамение, и воздвигнутся полцы ополчающиися на востоки:
আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱফালে থকা ছাউনিবোৰ উঠি যাব।
6 и вострубите в знамение второе, и воздвигнутся полцы ополчающиися от юга: и вострубите в знамение третие, и да воздвигнутся полцы ополчающиися от моря: и вострубите в знамение четвертое, и воздвигнутся полцы ополчающиися от севера: знамением да вострубят в воздвижение их.
আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব।
7 И егда соберете сонм, вострубите, не в знамение.
লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা।
8 И сынове Аарони жерцы да вострубят трубами: и да будет вам законно вечно в роды вашя.
হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।
9 Аще же изыдете на брань в земли вашей к супостатом супротивящымся вам, и вострубите и назнаменуйте трубами, и воспомянетеся пред Господем и избавитеся от враг ваших.
আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।
10 И во днех веселия вашего и в праздницех ваших и в новомесячиих ваших вострубите трубами на всесожжения и на жертвы спасений ваших, и будет вам воспоминание пред Богом вашим: Аз Господь Бог ваш.
১০আৰু আমোদৰ দিনতো, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম-বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ কাষত তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
11 И бысть во второе лето, во вторый месяц, в двадесятый месяца, вознесеся облак от скинии свидения,
১১পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল।
12 и воздвигошася сынове Израилевы со имениями своими от пустыни Синайския, и ста облак в пустыни Фарани.
১২তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
13 И воздвигошася первии по гласу Господню рукою Моисеовою:
১৩মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে।
14 и воздвигоша знамя полка сынов Иудиных первии с силою своею: и над силою их Наассон сын Аминадавль:
১৪প্ৰথমে যিহূদাৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল।
15 и над силою племене сынов Иссахаровых Нафанаил сын Согаров:
১৫আৰু চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰ ফৈদৰ সেনাপতি আছিল।
16 и над силою племене сынов Завулоних Елиав сын Хелонь.
১৬আৰু হেলোনৰ পুত্ৰ ইলীয়াব জবূলূন ফৈদৰ সেনাপতি আছিল।
17 И сложиша скинию, и воздвигоша сынове Гирсони и сынове Мерарины, носящии скинию.
১৭পাছে আবাস ভঙা হ’ল, আৰু গেৰ্চোনৰ সন্তান সকলে আৰু মৰাৰীৰ সন্তান সকলে সেই আবাস ভাৰ বৈ প্ৰস্থান কৰিলে।
18 И воздвигоша знамя полка Рувимля с силою своею: и над силою их Елисур сын Седиуров:
১৮তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল।
19 и над силою племене сынов Симеоних Саламиил сын Сурисадаев:
১৯আৰু চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োন ফৈদৰ সেনাপতি আছিল।
20 и над силою племене сынов Гадовых Елисаф сын Рагуилев:
২০আৰু দুৱেলৰ পুত্ৰ ইলিয়াচফ গাদ ফৈদৰ সেনাপতি আছিল।
21 и воздвигошася сынове Каафовы, воздвизающии святая: и поставиша скинию, дондеже приидоша.
২১পাছে পবিত্ৰ স্থানৰ বস্তু ভাৰ বওঁতা কহাতীয়া লোকসকলে প্ৰস্থান কৰিলে। আৰু তেওঁলোকে গৈ নৌ পাওঁতেই, আন লোকসকলে আবাস স্থাপন কৰিলে।
22 И воздвигоша знамя полка Ефремля с силою своею: и над силою их Елисама сын Емиудов:
২২পাছে ইফ্ৰয়িমৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে; আৰু অম্মীহূদৰ পুত্ৰ ইলীচামা তেওঁলোকৰ সেনাপতি আছিল।
23 и над силою племене сынов Манассииных Гамалиил сын Фадассуров:
২৩আৰু পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচি ফৈদৰ সেনাপতি আছিল।
24 и над силою племене сынов Вениаминих Авидан сын Гадеонин.
২৪আৰু গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীন ফৈদৰ সেনাপতি আছিল।
25 И воздвигоша знамя полка сынов Дановых, последнии всех полков с силою своею: и над силою их Ахиезер сын Амисадаев:
২৫পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল।
26 и над силою племене сынов Асировых Фагаиил сын Ехрань:
২৬আৰু আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰ ফৈদৰ সেনাপতি আছিল।
27 и над силою племене сынов Неффалимлих Ахирей сын Енань.
২৭আৰু ঐননৰ পুত্ৰ অহীৰা নপ্তালী ফৈদৰ সেনাপতি আছিল।
28 Сии полцы сынов Израилевых, и воздвигошася с силою своею.
২৮প্ৰস্থান কৰা সময়ত ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ সৈন্যদল অনুসাৰে এইদৰে প্ৰস্থান কৰিলে।
29 И рече Моисей Иоваву сыну Рагуилеву Мадианитину, тестю Моисеову: воздвизаемся мы на место, о немже Господь рече: сие дам вам: пойди с нами, и сотворим тебе добро, яко Господь добрая глагола о Израили.
২৯পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”
30 И отвеща к нему: не пойду, но в землю мою и в род мой иду.
৩০কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম।”
31 И рече: не остави нас, понеже был еси с нами в пустыни, и будеши в нас старейшина:
৩১মোচিয়ে আকৌ ক’লে, “মিনতি কৰিছোঁ, তুমি আমাক নেৰিবা; কিয়নো মৰুভুমিত মাজত কোন ঠাইত আমাৰ ছাউনি স্থাপন কৰিব লগা হ’ব, তাক তুমি জানা। এই কাৰণে তুমি আমাৰ চকুস্বৰূপ হ’বা।
32 и будет аще пойдеши с нами, и будут благая оная, елика благосотворит Господь нам, благосотворим и тебе.
৩২আৰু যদি তুমি আমাৰ লগত যোৱা, তেনেহলে, যিহোৱাই আমাৰ যি মঙ্গল কৰিব, আমি তোমাকো সেই মঙ্গল ভোগ কৰাম।”
33 И отидоша от горы Господни в путь трех дний: и кивот завета Господня предидяше пред ними в путь трех дний, соглядати им стана.
৩৩পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু যিহোৱাৰ নিয়ম চন্দুক তেওঁলোকৰ কাৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গ’ল।
34 И бысть егда воздвизаху кивот, и рече Моисей: востани, Господи, и да разсыплются врази Твои, и да бежат вси ненавидящии Тебе.
৩৪আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল।
35 И в поставлении (кивота) рече: возвращай, Господи, тысящы тем во Израили.
৩৫আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।”
36 И облак Господнь бысть осеняющь над ними в день, егда воздвизахуся из полка.
৩৬আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, “হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।”

< Числа 10 >