< Книга пророка Наума 3 >
1 О, граде кровей, весь лживый, полн неправды! Не осяжется ловитва.
১পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে।
2 Глас бичей и глас труса колес, и коня текуща и колесницы шумящия,
২কিন্তু এতিয়া চাবুকৰ শব্দ, চকাৰ ঘৰ্ঘৰণিৰ শব্দ, জপিয়াই থকা ঘোঁৰা আৰু জপিওৱা ৰথৰ শব্দ শুনা যায়।
3 и конника едуща, и блистающа меча и блистающих оружий, и множества язвеных и тяжкаго падения, и не бяше конца языком ея: и изнемогут в телесех своих от множества блужения.
৩আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোক সমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়।
4 Блудница добра и приятна, началница волхвований, продающая языки во блужении своем и племена в чародеяниих своих.
৪এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।
5 Се, Аз на тя, глаголет Господь Бог Вседержитель, и открыю задняя твоя к лицу твоему, и покажу языком срамоту твою и царствам безчестие твое,
৫বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতি সমূহক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
6 и возвергу на тя огнушение по нечистотам твоим, и положу тя в притчу.
৬মই তোমাৰ ওপৰত মলিয়ন ঘিণলগীয়া বস্তু পেলাই তোমাক ঘৃণনীয় কৰিম; মই তোমাক মানুহে ঠৰ লাগি চাই থকা বস্তুৰ দৰে স্থাপন কৰিম।
7 И будет, всяк видяй тя снидет с тебе и речет: окаянная Ниневиа, кто постенет по ней? Откуду взыщу утешение ей?
৭তেতিয়া এনে ঘটিব, যে যি জনে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব আৰু ক’ব, ‘নীনবি বিনষ্ট হ’ল; কোনে তাইৰ কাৰণে বিলাপ কৰিব?’ মই ক’ৰ পৰা তোমাৰ কাৰণে শান্ত্বনা দিওঁতা লোক বিচাৰি আনিম?”
8 Уготовити часть, устроити струну, уготовити часть Аммону, живущая в реках, вода окрест ея, ейже начало море, и вода забрала ея:
৮হে নীনবি, তুমি জানো যি থিব্চ (নো-আমোন নগৰ) নীল নদীবোৰৰ মাজত সজা আছিলা, যাৰ চাৰিওফালে জল সমূহ আছিল, যাৰ কোঁঠ সাগৰ আৰু গড় সমুদ্ৰ, সেই থিব্চতকৈ তুমি জানো উত্তম?
9 и Ефиопиа крепость ея и Египет, и несть конца бегству твоему: и Фуд и Ливиане быша помощницы ея.
৯কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।
10 И сия в преселение пойдет пленница, и младенцы ея разбиют в началех всех путий ея, и о всех славных ея вергут жребия, и вси воеводы ея свяжутся путы.
১০তথাপি তাইক নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল।
11 И ты упиешися и будеши презрена, и ты сама себе взыщеши помощи от враг.
১১তুমিও মতলীয়া হ’বা; নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা; তুমি শত্ৰুৰ ভয়ত আশ্রয় লবলৈ এটা দুৰ্গ বিচাৰিবা।
12 Вся твердели твоя яко смоквичие стражу имущее: аще поколеблются, впадут во уста ядущаго.
১২তোমাৰ আটাই কোঁঠ আগতিয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ’ব; যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে।
13 Се, людие твои, яко жены в тебе: врагом твоим отворяема отворятся врата земли твоея, и пояст огнь вереи твоя.
১৩চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা; তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে; অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে।
14 Воду одержания восхити себе сама и утверди твердели твоя: влези в брение и поперися в плевах, утверди паче плинфа.
১৪অৱৰোধ কালৰ কাৰণে তুমি পানী তুলি থোৱা; তোমাৰ কোঁঠবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা; ইটাৰ ভাটাবোৰ মেৰামতি কৰা।
15 Тамо пояст тя огнь, потребит тя мечь, поядят тя аки прузи, и отягчаеши аки мшица.
১৫সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব আৰু তৰোৱালে তোমাক ছেদন কৰিব। ফৰিঙৰ দৰে তোমাক খাই পেলাব; তুমি ফৰিঙ আৰু কাকতী ফৰিঙৰ নিচিনা বহুসংখ্যক হোৱা।
16 Умножила еси купли твоя паче звезд небесных: мшицы устремишася и возлетеша.
১৬তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকসকলক অধিক কৰিলা; কিন্তু তেওঁলোক ফৰিংবোৰৰ নিচিনা: তেওঁলোকে দেশ লুন্ঠণ কৰি তাৰ পাছত উড়ি গুচি যাই।
17 Возскочи аки пруг смесник твой, аки акрида восходящая на ограду в день студеный: солнце взыде, и отлете, и не познася место ея: люте им!
১৭তোমাৰ ৰাজকুমাৰসকল কাকতী ফৰিঙৰ সংখ্যাবোৰৰ নিচিনা আৰু তোমাৰ সেনাপতিসকল এনে ফৰিঙৰ নিচিনা যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয় - কিন্তু যেতিয়া বেলি উদয় হয়, তেতিয়া তেওঁলোকে যি ঠাইলৈ উড়ি যায়, সেই ঠাইৰ বিষয়ে কোনেও নাজানে।
18 Воздремашася пастуси твои, царь Ассирийск успи сильныя твоя, воздвигошася людие твои на горы, и не бяше приемлющаго.
১৮হে অচূৰৰ ৰজা, তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰ টোপনিত আছে; তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে। তোমাৰ প্ৰজাবোৰ পৰ্ব্বতৰ ওপৰত গোট গোট হ’ল, কিন্তু তেওঁলোকক একেলগে গোট খোৱাবলৈ কোনো নাই।
19 Несть цельбы сокрушению твоему, разгореся язва твоя: вси слышащии весть твою восплещут руками о тебе: понеже на кого не найде злоба твоя всегда?
১৯তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?