< От Матфея святое благовествование 1 >
1 Книга родства Иисуса Христа, Сына Давидова, Сына Авраамля.
১যীচু খ্রীষ্ট দায়ুদৰ বংশৰ আৰু দায়ুদ অব্ৰাহামৰ বংশৰ লোক। যীচু খ্ৰীষ্টৰ বংশৰ তালিকা এই: -
2 Авраам роди Исаака. Исаак же роди Иакова. Иаков же роди Иуду и братию его.
২অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল;
3 Иуда же роди Фареса и Зару от Фамары. Фарес же роди Есрома. Есром же роди Арама.
৩যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ ৰাম৷
4 Арам же роди Аминадава. Аминадав же роди Наассона. Наассон же роди Салмона.
৪ৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহচোন; নহচোনৰ পুত্ৰ চলমোন৷
5 Салмон же роди Вооза от Рахавы. Вооз же роди Овида от Руфы. Овид же роди Иессеа.
৫চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;
6 Иессей же роди Давида царя. Давид же царь роди Соломона от Уриины.
৬যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্যা।
7 Соломон же роди Ровоама. Ровоам же роди Авию. Авиа же роди Асу.
৭চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা;
8 Аса же роди Иосафата. Иосафат же роди Иорама. Иорам же роди Озию.
৮আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
9 Озиа же роди Иоафама. Иоафам же роди Ахаза. Ахаз же роди Езекию.
৯উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
10 Езекиа же роди Манассию. Манассиа же роди Амона. Амон же роди Иосию.
১০হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷
11 Иосиа же роди Иехонию и братию его, в преселение Вавилонское (в некиих греч.: Иосиа же роди Иоакима и братию его. Иоаким же роди Иехонию в преселение Вавилонское.).
১১যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্ৰায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাপে লৈ যোৱাৰ সময়ত এওঁলোক আছিল।
12 По преселении же Вавилонстем, Иехониа роди Салафииля. Салафииль же роди Зоровавеля.
১২বাবিল দেশলৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল;
13 Зоровавель же роди Авиуда. Авиуд же роди Елиакима. Елиаким же роди Азора.
১৩জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷
14 Азор же роди Садока. Садок же роди Ахима. Ахим же роди Елиуда.
১৪আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ;
15 Елиуд же роди Елеазара. Елеазар же роди Матфана. Матфан же роди Иакова.
১৫ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷
16 Иаков же роди Иосифа, мужа Мариина, из Неяже родися Иисус, глаголемый Христос.
১৬যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
17 Всех же родов от Авраама до Давида родове четыренадесяте: и от Давида до преселения Вавилонскаго родове четыренадесяте: и от преселения Вавилонскаго до Христа родове четыренадесяте.
১৭এইদৰে অব্ৰাহামৰ পৰা দায়ুদ লৈ মুঠ চৌদ্ধ পুৰুষ; দায়ুদৰ পৰা বাবিল দেশলৈ বন্দী কৰি নিয়া পর্যন্ত মুঠ চৌদ্ধ পুৰুষ; পুণৰ বাবিললৈ বন্দী কৰি নিয়াৰ পাছৰ পৰা খ্ৰীষ্টলৈ মুঠ চৌদ্ধ পুৰুষ।
18 Иисус Христово Рождество сице бе: обрученней бо бывши Матери Его Марии Иосифови, прежде даже не снитися има, обретеся имущи во чреве от Духа Свята.
১৮যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে।
19 Иосиф же муж Ея, праведен сый и не хотя Ея обличити, восхоте тай пустити Ю.
১৯তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।
20 Сия же ему помыслившу, се, Ангел Господень во сне явися ему, глаголя: Иосифе, сыне Давидов, не убойся прияти Мариам жены твоея: рождшеебося в Ней, от Духа есть Свята:
২০কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
21 родит же Сына, и наречеши имя Ему Иисус: Той бо спасет люди Своя от грех их.
২১তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”
22 Сие же все бысть, да сбудется реченное от Господа пророком, глаголющим:
২২এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:
23 се, Дева во чреве приимет и родит Сына, и нарекут имя Ему Еммануил, еже есть сказаемо: с нами Бог.
২৩“চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।
24 Востав же Иосиф от сна, сотвори якоже повеле ему Ангел Господень, и прият жену свою,
২৪পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
25 и не знаяше Ея, дондеже роди Сына Своего первенца, и нарече имя Ему Иисус.
২৫কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে।