< Левит 25 >
1 И рече Господь к Моисею на горе Синайстей, глаголя:
১পাছত যিহোৱাই চীনয় পৰ্ব্বতত মোচিক ক’লে,
2 глаголи сыном Израилевым и речеши к ним: егда внидете в землю, юже Аз даю вам, и почиет земля, юже Аз даю вам, субботы Господу.
২“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, মই তোমালোকক যি দেশ দিম, তোমালোকে সেই দেশত সোমালে, যিহোৱাৰ উদ্দেশ্যে ভুমিয়ে বিশ্ৰাম ভোগ কৰিব।
3 Шесть лет да сееши ниву твою, и шесть лет да режеши виноград твой и собереши плод его:
৩তুমি ছবছৰ নিজ পথাৰত গুটি ববা, আৰু ছবছৰ নিজ বাৰীৰ দ্ৰাক্ষালতাবোৰ পৰিষ্কাৰ কৰিবা, আৰু তাৰ গুটি চপাবা।
4 в седмое же лето суббота, покой да будет земли, суббота Господня: нивы твоея сеяти и винограда твоего резати не будеши,
৪কিন্তু সপ্তম বছৰ যিহোৱাৰ উদ্দেশ্যে ভুমিৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-কাল হ’ব; সেই বছৰত তুমি নিজ পথাৰত গুটি নব’বা, আৰু দ্ৰাক্ষালতা পৰিষ্কাৰ নকৰিবা।
5 и сама собою произрастающая нивы твоея да не пожнеши, и винограда отлучения твоего да не собереши: лето покоя будет земли.
৫তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা, আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা; সেয়ে ভুমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ’ব।
6 И будут субботы земли яди тебе, и рабу твоему и рабыни твоей, и наемнику твоему и обиталнику прилежащему к тебе,
৬তাতে, বিশ্ৰাম-বছৰত হোৱা ভুমি শস্য তোমালোকলৈ আহাৰ হ’ব; অৰ্থাৎ তোমাৰ পথাৰত উৎপন্ন হোৱা সকলো শস্য তোমাৰ আৰু তোমাৰ দাস, বেটী আৰু তোমাৰ লগত থকা বেচ খোৱা দাস আৰু বিদেশীৰ বাবে যুগুত কৰিব পাৰিবা।
7 и скотом твоим и зверем сущым на земли твоей да будет всяк плод его в снедь.
৭আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ’ব।
8 И исчислиши себе седмь лет покоя, седмь лет седмижды: и будут тебе седмь седмин лет, четыредесять девять лет.
৮তুমি নিজৰ কাৰণে সাত বিশ্ৰাম-বছৰ, সাত গুণ সাত বছৰ লেখ কৰিবা; তাতে সাত বিশ্ৰাম-বছৰৰ কাল ঊনপঞ্চাশ বছৰ হ’ব।
9 И возвестите трубным гласом во всей земли вашей месяца седмаго в десятый день месяца: в день очищения возвестите трубою во всей земли вашей.
৯তেতিয়া সপ্তম মাহৰ দশম দিনা দেশৰ সকলো ফালে বৰ মাতৰ শিঙা বজাবা; প্ৰায়শ্চিত্তৰ দিনা তোমালোকৰ দেশৰ সকলো ফালে শিঙা বজাবা।
10 И освятите лето, пятьдесятое лето, и разгласите оставление на земли всем живущым на ней: лето оставления знамение сие будет вам: и да отидет кийждо вас в притяжание свое, и кийждо во отечество свое отидете.
১০তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা।
11 Оставления знамение сие будет вам, лето пятьдесятое, лето будет вам: ни сеяти, ниже жати будете, еже само произникнет на ней, и да не объемлеши освященных (Богу) ея:
১১সেই পঞ্চাশ বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব; সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যও নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা।
12 яко оставления знамение есть, свято да будет вам: от нив ядите плоды ея:
১২কিয়নো সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰ; সেয়ে তোমালোকলৈ পবিত্ৰ হ’ব। তোমালোকে সেই বছৰত নিজে উৎপন্ন হোৱা শস্য পথাৰৰ পৰা আনি খাবা।
13 и в лето оставления знамения сего да возвратится кийждо в притяжание свое.
১৩সেই বৰ্ষপূৰ্তি উৎসৱৰ বছৰত তোমালোকে সকলোকে নিজ নিজ উত্তৰাধিকাৰবোৰ ঘূৰাই দিবা।
14 Аще же отдаси куплею ближнему твоему, или аще притяжеши от ближняго твоего, да не оскорбляет человек ближняго:
১৪যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা, বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা।
15 по числу лет по знамении, да притяжеши от ближняго, по числу лет плодов да продастся тебе.
১৫তুমি বৰ্ষপূৰ্তি উৎসৱৰ পাছত হোৱা বছৰৰ লেখ অনুসাৰে লোকৰ পৰা মাটি কিনিবা, আৰু শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক বেচিব।
16 Якоже аще более лет, умножит притяжание его, и якоже аще мнее лет, уменшит притяжание его: яко число плодов его, тако да продаст тебе.
১৬বৰ্ষপূৰ্তি উৎসৱলৈ বেছি বছৰ থাকিলে বেছি দাম কৰিবা আৰু কম বছৰ থাকিলে কম দাম কৰিবা; কিয়নো নতুন গৰাকীৰ ভুমিত শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক মাটি বেচে।
17 Да не оскорбит человек ближняго, и да убоишися Господа Бога твоего: Аз Господь Бог ваш.
১৭আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
18 И сотворите вся оправдания Моя и вся суды Моя, сохраните же и сотворите я, и вселитеся на земли уповающе.
১৮এই কাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা, আৰু মোৰ শাসন প্ৰণালী পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা; তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা।
19 И даст земля плоды своя, и снесте в сытость, и вселитеся на ней уповающе.
১৯আৰু ভুমিয়ে নিজ শস্য উৎপন্ন কৰিব; তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা; আৰু দেশত নিৰ্ভয়ে থাকিবা।
20 Аще же речете: что ясти будем в седмое лето сие, аще не сеем, ни собираем плодов своих,
২০কিন্তু তোমালোকে ক’ব পাৰা যে, “পথাৰ নবলে, আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম?”
21 и послю благословение Мое вам в лето шестое, и сотворит плоды своя на три лета:
২১তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্ব্বাদ আহিবলৈ আদেশ কৰিম, তাতে ভুমিয়ে সেই বছৰত তিনি বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব।
22 и посеете в лето осмое, и снесте от плодов ветхих даже до лета девятаго: дондеже приспеют плоды ея, снесте ветхая ветхих.
২২পাছত অষ্টম বছৰত তোমালোকে গুটি ববা, কিন্তু তেতিয়াও পুৰণি শস্য খাবা; নৱম বছৰৰ শস্য নহয় মানে তোমালোকে পুৰণি শস্য খাই থাকিবা।
23 И земля да не продастся во утверждение: Моя бо есть земля, яко пришелцы и приселницы вы есте предо Мною:
২৩আৰু মাটি চিৰকালৰ কাৰণে আনক বেচা নহব; কিয়নো সেই মাটি মোৰ, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্রবাসী আছা।
24 и по всей земли одержания вашего, искуп дадите земли.
২৪আৰু তোমালোকে তোমালোকৰ উত্তৰাধীকাৰ সকলো দেশত মাটি মোকলাবলৈ ক্ষমতা দিবা।
25 Аще же нищетствует брат твой, иже с тобою, и продаст от одержания своего, да приидет ужик ближний ему и искупит продание брата своего.
২৫তোমাৰ ইস্রায়েলী লগৰ যদি দুখীয়া হৈ তেওঁৰ উত্তৰাধিকাৰৰ মাটি তোমাক কিছু বেচে, তেন্তে তাক মোকলাব পৰা তেওঁৰ ওচৰ সম্বন্ধীয়াই আহি, নিজ ভায়েকে বেচা সেই মাটি মোকলাই দিব।
26 Аще же не будет кому ужика, и возможет рука его обрести доволен искуп его,
২৬আৰু যাৰ মুকলি কৰোঁতা গৰাকী নাই, কিন্তু তেওঁ চহকী হোৱাত, তেওঁৰ যদি নিজে মুকলি কৰিবা পৰা সমৰ্থ হয়,
27 и исчислит лета продания его, и воздаст еже излише имать, человеку емуже продано бе оное, и возвратится во одержание свое.
২৭তেন্তে তেওঁ তাক বেচা বছৰ লেখ কৰি, বাকী থকা ধন বেচাজনক ওলোটাই দিব; তেতিয়া তেওঁ পুনৰায় তেওঁৰ নিজৰ উত্তৰাধীকাৰ পাব।
28 Аще же не обрящет рука его доволное, еже отдати ему, да будет проданое купившему е даже до шестаго лета оставления, и изыдет во оставление, и возвратится во одержание свое.
২৮কিন্তু যদি তেওঁ তাক ওলোটাই লবলৈ অসমৰ্থ হয়, তেন্তে সেই বেচা মাটি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনা জনৰ হাতত থাকিব, পাছত বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেয়ে মুকলি হ’ব, তেতিয়া তেওঁৰ সেই উত্তৰাধীকাৰ তেওঁ পুনৰায় পাব।
29 Аще же кто продаст дом обитаемый во граде огражденнем, и будет искупление его, дондеже исполнится: лето дний будет искупление его.
২৯আৰু যদি গড়েৰে আবৃত থকা নগৰৰ ভিতৰত বাস কৰা ঘৰ কোনোৱে বেচে, তেন্তে তেওঁ বেচাৰ পাছত সম্পূৰ্ণ এবছৰৰ ভিতৰত তাক মুকলি কৰিব পাৰিব; গোটেই বছৰৰ ভিতৰত তাক মুকলি কৰিবলৈ তেওঁৰ ক্ষমতা থাকিব।
30 Аще же не искупит, дондеже скончается лето все, да укрепится дом сущий во граде имущем ограждение в твердость купившему его, в роды его, и не возвратится во оставление.
৩০কিন্তু যদি পুৰা এবছৰৰ ভিতৰত তাক মুকলি কৰা নহয়, তেন্তে গড়েৰে আবৃত থকা নগৰৰ সেই ঘৰ পুৰুষানুক্ৰমে চিৰকাললৈ কিনা জনৰ অধিকাৰ হ’ব; সেইয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰতো মুকলি নহ’ব।
31 Домы же иже на селех, имже несть окрест их ограждения, к селу земли да приложатся: искупуемы всегда да будут, и во оставление да возвратятся.
৩১কিন্তু গড়েৰে আবৃত নোহোৱা গাঁৱত থকা যিবোৰ ঘৰ, সেইবোৰ নগৰৰ বাহিৰৰ মাটিৰ লগত লেখ কৰা হব; সেইবোৰ ঘৰক মোকলাব পাৰে, আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেইবোৰ মুকলি হৈ যাব।
32 И гради левитстии, домы градов одержания их, искупуемы да будут всегда левитом.
৩২তথাপি লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা নগৰৰ ঘৰবোৰ লেবীয়াসকলে যি কোনো সময়ত মুকলি কৰিব পাৰিব।
33 И иже аще искупит от левит: и изыдет продание домов града одержания их во оставление, яко домы градов левитских одержание их, посреде сынов Израилевых.
৩৩যদি লেবীয়াসকলৰ মাজৰ কোনো এজনে তাক মুকলি নকৰে, তেন্তে লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা সেই বেচা ঘৰ বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব, কিয়নো লেবীয়াসকলৰ নগৰৰ ঘৰবোৰ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা তেওঁলোকৰ উত্তৰাধীকাৰ।
34 И села отделеная градом их да не продадутся, яко одержание вечное сие их есть.
৩৪কিন্তু তেওঁলোকৰ নগৰৰ চাৰিওফালে থকা চৰণীয়া পথাৰ বেচা নহ’ব; কিয়নো সেয়ে তেওঁলোকৰ চিৰকলীয়া উত্তৰাধীকাৰ।
35 Аще же нищетствует брат твой, иже с тобою, и изнеможет руками у тебе, заступи его яко пришелца и приселника, да поживет брат твой с тобою:
৩৫আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;
36 да не возмеши от него лихвы, ниже более (данаго), и убоишися Бога твоего: Аз Господь: и поживет брат твой с тобою.
৩৬তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে।
37 Сребра твоего да не даси ему в лихву, и ради прибытка не даси ему пищей твоих.
৩৭তুমি সুতলৈ তাক ধন নিদিবা, বা বাঢ়িলৈ তাক অন্ন নিদিবা।
38 Аз Господь Бог ваш, изведый вы из земли Египетския, еже дати вам землю Ханаанску, яко быти Мне Богу вашему.
৩৮যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক কনান দেশ দিবৰ কাৰণে, তোমালোকৰ ঈশ্বৰ হবলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই।
39 Аще же оубожает брат твой у тебе, и продастся тебе, да не поработает тебе работы рабския:
৩৯আৰু তোমাৰ ভাই যদি তোমাৰ গুৰিত দুখীয়া হৈ, নিজকে নিজে বেচে, তেন্তে তুমি তেওঁক বন্দীৰ নিচিনাকৈ কাম নকৰাবা।
40 аки наемник или пришлец да будет тебе, даже до лета оставления делати будет у тебе,
৪০তেওঁ বেচ খোৱা চাকৰ আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত থাকিব আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে তোমাক খাতি দিব।
41 и да изыдет от тебе, и дети его с ним в лето оставления, и да отидет в род свой, и во одержание отчее свое возвратится,
৪১তাৰ পাছত তেওঁ নিজ সন্তান সকলৰে সৈতে মুকলি হৈ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাব।
42 понеже раби Мои суть сии, ихже изведох из земли Египетския, да не продастся проданием рабиим:
৪২কিয়নো তেওঁলোক, মই মিচৰ দেশৰ পৰা উলিয়াই অনা মোৰ দাস; তেওঁলোকক বন্দীস্বৰূপে বেচা নহ’ব।
43 да не отяготиши его трудом, и убоишися Господа Бога твоего.
৪৩তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা।
44 И раб и рабыня, иже ще будут у тебе от язык, иже окрест тебе суть, от тех да притяжете раба и рабыню.
৪৪তোমাৰ বন্দী আৰু বেটী, তুমি তোমালোকৰ চাৰিওফালে থকা জাতি সমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা।
45 И от сынов приселничих, иже суть в вас, от сих притяжете, и от сродников их, елицы аще будут в земли вашей, да будут вам во одержание,
৪৫আৰু তোমালোকৰ মাজত প্ৰবাস কৰা আন জাতিৰ সন্তান সকলৰ আৰু তোমালোকৰ দেশত তেওঁলোকৰ পৰা জন্মা তেওঁলোকৰ যি যি গোষ্ঠী তোমালোকৰ লগত বাস কৰিছে, তেওঁলোকৰ পৰাও কিনিবা আৰু তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ থাকিব।
46 и да разделите я детем вашым по вас, и да будут вам во одержание во век: братии же вашея, сынов Израилевых, кийждо брата своего да не отяготит его в трудех.
৪৬আৰু তোমালোকে নিজ নিজ ভাবী সন্তান সকলৰ উত্তৰাধিকাৰৰ বাবে দিব লগা ভাগ স্বৰূপে তেওঁলোকক দিব পাৰিবা, আৰু চিৰকাললৈকে তেওঁলোকক বন্দী কাম কৰিব পাৰিবা; কিন্তু নিজ ভাই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত হ’লে, তোমালোক কোনেও কাৰো ওপৰত কঠিন ব্যৱহাৰ নকৰিবা।
47 Аще же обрящет рука пришелца или приселника иже у тебе, и обнищав брат твой продастся к пришелцу или приселнику иже у тебе, или родившемуся от рода пришелча,
৪৭আৰু যদি তোমালোকৰ মাজত কোনো প্ৰবাসী বা বিদেশী লোক ধনী হয়, আৰু তাৰ ওচৰত থকা তোমাৰ ভাই দৰিদ্ৰ হৈ, সেই প্ৰবাসী বা বিদেশীৰ গুৰিত, বা বিদেশীৰ গোষ্ঠীত জন্মালোকৰ গুৰিত যদি তেওঁ নিজকে বেচে,
48 по продании ему, искуп да будет ему, един от братий его да искупит его:
৪৮তেন্তে বেচাৰ পাছত তাক মোকলাব পাৰে; তাৰ পৰিয়ালৰ মাজৰ কোনোৱে তেওঁক মোকলাব পাৰে;
49 брат отца его, или сын брата отца его, да искупит его, или от свойственных плоти племене его искупит его: аще же возможет рука его, искупит себе,
৪৯তেওঁৰ মোমায়েক, বা মোমায়েকৰ পুত্র, বা তাৰ গোষ্ঠীৰ মাজৰ তাৰ ওচৰ-সম্বন্ধীয়াই তেওঁক মুকলি কৰিব পাৰে; নাইবা তেওঁ যদি ধনী হয়, তেন্তে তেওঁ নিজে নিজকে মুকলি কৰিব পাৰে।
50 да сочтется с притяжавшим его, от лета в неже продася ему даже до лета оставления, и будет сребро продания его аки день наемника: от лета до лета да будет с ним.
৫০তেওঁক বেচা বছৰেৰে পৰা বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে, কিনা জনে সৈতে হিচাপ কৰি, বছৰৰ সংখ্যা অনুসাৰে মুক্তিৰ ধন দিব; বেচ-খোৱা দাসৰ নিৰিখেৰে, তেওঁ কিনাজনৰ লগত থাকিব।
51 Аще же кому множае лет будет, против тех отдаст искуп свой, от сребра продания своего.
৫১যদি অনেক বছৰ বাকী থাকে, তেন্তে সেই বছৰৰ সংখ্যা অনুসাৰে যিমান ধন দি তেওঁক কিনা হৈছিল, তেওঁ সেই ধনৰ পৰা নিজকে মুকলি কৰা ধন ওলোটাই দিব।
52 Аще же мало останется от лет до лета оставления, и да сочтет ему по летом его, и отдаст искуп его аки наемник:
৫২আৰু যদি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে অলপ বছৰহে বাকী থাকে, তেন্তে তেওঁক কিনাজনে সৈতে হিচাপ কৰি, নিজৰ খাটিব লগা বছৰৰ সংখ্যা অনুসাৰে, নিজকে মুকলি কৰা ধন ওলোটাই দিব।
53 от года до года да будет с ним: да не отяготиши его трудом пред тобою.
৫৩বছৰে বেচ-খোৱা দসৰ দৰে, তেওঁ তাৰে সৈতে থাকিব; তোমাৰ সাক্ষাতে তেওঁ তাৰ ওপৰত, কঠিন ব্যৱহাৰ নকৰিব।
54 Аше же не искупится по сим, да изыдет в лето оставления сам и дети его с ним:
৫৪আৰু যদি তেওঁ এইবোৰ উপায়েৰে মুক্ত হ’ব নোৱাৰে, তেন্তে নিজ সন্তান সকলৰে সৈতে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব।
55 яко Мои сынове Израилевы раби суть, отроцы Мои сии суть, ихже изведох из земли Египетския: Аз Господь Бог ваш.
৫৫কিয়নো ইস্ৰায়েলৰ সন্তান সকল মোৰেই দাস, তেওঁলোক মিচৰ দেশৰ পৰা মই উলিয়াই অনা মোৰ দাস; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।