< Книга Судей израилевых 15 >
1 И бысть по днех во дни жатвы пшеницы, и посети Сампсон жену свою, несый козлище от коз, и рече: да вниду к жене моей в ложницу. И не даде ему отец ея внити.
১কিছু দিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমচোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীৰে সৈতে সাক্ষাৎ হ’বৰ বাবে গৈ ক’লে, “মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালিলৈ যাওঁ”; কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে।
2 И рече отец ея, глаголя: рех, яко ненавидя возненавидел еси ю, и отдах ю единому от другов твоих: не се ли сестра ея меншая добрейши ея есть? Да будет тебе ныне вместо ея.
২আৰু তাইৰ বাপেকে ক’লে, “সঁচাকৈ তুমি তাইক ঘিণ কৰিলা বুলি ভাবি, মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ; তাইৰ সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়? মই নিবেদন কৰোঁ, তাইৰ সলনি তায়ে তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা।”
3 И рече ему Сампсон: чист есмь ныне от Филистимлян, яко сотворю аз с ними зло.
৩তেতিয়া চিমচোনে সিহঁতক ক’লে, “এইবাৰ মই পলেষ্টীয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে।”
4 И пойде Сампсон, и ят триста лисиц, и взя свещы, и связа ошиб ко ошибу, и устрои едину свещу между двема ошибома:
৪পাছত চিমচোনে গৈ তিনিশ শিয়াল ধৰি, নেজে নেজে জুঁটি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে।
5 и разжже огнь в свещах, и пусти я в нивы Филистимски: и запали нивы от гумен и даже до класов простых и до винограда и масличия.
৫পাছত সেই আৰিয়াত জুই লগাই পলেষ্টীয়াসকলৰ থিয় হৈ থকা পকা ধাননিৰ মাজত এৰি দিলে; তাতে বন্ধা মুঠি আৰু নোদোৱা থিয় হৈ থকা ধান আৰু জিত গছৰ বাৰীবোৰ পুৰি পেলালে।
6 И рекоша иноплеменницы: кто сотвори сия? И рекоша: Сампсон зять Фамнафеев, яко взя жену его и даде ю единому от другов его. И взыдоша иноплеменницы и сожгоша ю и дом отца ея огнем.
৬তেতিয়া পলেষ্টীয়াসকলে সুধিলে, “এই কাম কোনে কৰিলে?” মানুহে ক’লে, তিম্নায়ীয়াৰ জোঁৱায়েক চিমচোনে এই কাম কৰিলে, কিয়নো তেওঁৰ শহুৰেকে তেওঁৰ ঘৈনীয়েকক তেওঁৰ সখীয়েকক দিলে; তাতে ফীলিস্টীয়াসকলে আহি সেই মহিলা আৰু তাইৰ বাপেকক জুই দি পুৰিলে।
7 И рече им Сампсон: аще и сотвористе вы тако ей, аз не благоизволю, но отмщение мое единому комуждо вас сотворю, и посем почию.
৭পাছত চিমচোনে সিহঁতক ক’লে, “এয়া তোমালোকে যি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম। ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ’ব।”
8 И порази их голени до бедр язвою велиею: и сниде, и вселися у водотечи в пещере камене Итама.
৮ইয়াকে কৈ তেওঁ নিৰ্দ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে, পাছত তেওঁ এটম শিলৰ গুহালৈ গ’ল আৰু তাতেই বাস কৰিলে।
9 И изыдоша Филистимляне, и ополчишася во Иуде, и разсеяшася в Лехи.
৯সেই সময়ত পলেষ্টীয়াসকলে যিহূদালৈ গ’ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল’লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ’ল।
10 И рече им всяк муж Иудин: почто приидосте на ны? И рекоша иноплеменницы: связати Сампсона приидохом и сотворити ему, якоже сотвори нам.
১০তাতে যিহূদাৰ মানুহবোৰে সুধিলে, “তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা?” সিহঁতে ক’লে, “আমি চিমচোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে, আমিও তাক তেনে কৰিবলৈ আহিলোঁ।”
11 И снидоша три тысящы мужей от Иуды к пещере камене Итама и рекоша к Сампсону: не веси ли, яко владеют нами Филистимляне? И вскую сия сотворил еси нам? И рече им Сампсон: якоже ми сотвориша, тако сотворих им.
১১তেতিয়া যিহূদাৰ তিনি হাজাৰ লোকে এটম শিলৰ গুহালৈ নামি গৈ চিমচোনক ক’লে, “পলেষ্টীয়াসকল যে আমাৰ শাসনকৰ্ত্তা, সেই বিষয়ে তুমি নাজানা নেকি? তেন্তে আমাৰ বিৰুদ্ধে এইটো কি কাম কৰিলা?” তাতে তেওঁ তেওঁলোকক ক’লে, “সিহঁতে মোলৈ যেনে কৰিলে, ময়ো সিহঁতলৈ তেনে কৰিলোঁ।”
12 И рекоша ему: связати тебе приидохом и предати тя в руце иноплеменником. И рече им Сампсон: кленитеся мне, да не убиете мене вы.
১২তেওঁলোকে তেওঁক ক’লে, “এতিয়া আমি পলেষ্টীয়াসকলৰ হাতত শোধাই দিবৰ অৰ্থে তোমাক বান্ধি নিবলৈ নামি আহিলোঁ।” চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোক বধ নকৰোঁ বুলি শপত খোৱা।”
13 И рекоша ему, глаголюще: ни, но токмо соузом свяжем тя и предадим тя в руки их, смертию же не умертвим тебе. И связаша его двема ужы новыми и изведоша его от камене того.
১৩তেওঁলোকে ক’লে “নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম; আমি নিশ্চয়ে তোমাক বধ নকৰোঁ।” পাছত তেওঁলোকে দুগজ নতুন ৰচীৰে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ’ল।
14 И той прииде до Челюсти: иноплеменницы же воскликнуша и текоша противу ему. И сниде на него Дух Господень, и быша ужя на мышцах его яко изгребие, егда зажжется огнем: и разрешишася узы его от руку его:
১৪পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, পলেষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ’ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।
15 и обрете челюсть ослю повержену, и простре руку свою, и взя ю: и изби ею тысящу мужей.
১৫পাছত তেওঁ গাধৰ গালৰ এডাল কেঁচা হাড় পাই হাত মেলি সেই ডাল ল’লে, তাৰেই এক হাজাৰ লোকক বধ কৰিলে।
16 И рече Сампсон: челюстию ослею потребляя потребих их, яко челюстию ослею избих тысящу мужей.
১৬তেতিয়া চিমচোনে ক’লে, “গাধৰ গালৰ হাড়ডালেৰে দ’মৰ উপৰি দ’ম কৰিলোঁ; গাধৰ গালৰ হাড়ডালেৰে এক হাজাৰ লোকক বধ কৰিলোঁ।”
17 И бысть егда преста глаголя, и поверже челюсть от руки своея: и нарече место тое Избиение Челюстное.
১৭পাছত তেওঁৰ কথা কোৱা শেষ হোৱাত, হাতৰ পৰা হাড়ডাল পেলাই দিলে; তাতে সেই ঠাইৰ নাম ৰামৎ-লেহী হ’ল।
18 И возжажда зело, и возопи ко Господу, и рече: Ты благоволил еси в руце раба Твоего спасение великое сие, и ныне умираю жаждею, и впаду в руки необрезанных.
১৮পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।”
19 И разверзе Бог язву на Челюсти, и изыде из нея вода, и пи: и возвратися дух его, и оживе: сего ради прозвася имя ей Источник призывающаго, иже есть в Челюсти, даже до дне сего.
১৯তাতে যিহোৱাই লেহীত থকা, কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে; এই হেতুকে তাৰ নাম অয়িন-হক্কোৰ ৰখা হ’ল; সেই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে।
20 И суди Израилю во дни Филистимлян двадесять лет.
২০পলেষ্টীয়াসকলৰ দিনত তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।